ETV Bharat / bharat

Jagarnath Mahato passes away: ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহাতোৰ বিয়োগ

author img

By

Published : Apr 6, 2023, 1:23 PM IST

Updated : Apr 6, 2023, 1:42 PM IST

ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহাতোৰ মৃত্যু (Jharkhand Education Minister death)। ৰাজ্যখনত শোকৰ ছাঁ পৰিছে । ৰাজনৈতিক মহলতো শোকৰ ছাঁ পৰিছে । মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ শোক প্ৰকাশ ।

Jagarnath Mahato passes away
ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহাতোৰ বিয়োগ

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল : ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহাতোৰ বৃহস্পতিবাৰে পুৱা মৃত্যু হয় (Jharkhand Education Minister passes away)। স্বাস্থ্যজনিত সমস্যাৰ বাবে শিক্ষা মন্ত্ৰীগৰাকীক চেন্নাইৰ চিকিৎসালয়ত আইচিইউত ৰখা হৈছিল । কিন্তু চিকিৎসা চলি থকাৰ মাজতে বৃহস্পতিবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে এক টুইটযোগে শিক্ষা মন্ত্ৰী মাহাতোৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ লগতে তেওঁৰ মৃত্যুক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ।

মহাতোক "টাইগাৰ জগৰনাথ দা" বুলি সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি কয় যে ঝাৰখণ্ডই এগৰাকী বিখ্যাত নেতাক হেৰুৱাইছে (Jharkhand CM condoles demise of Jagarnath Mahato)। টুইটাৰৰ জৰিয়তে চোৰেণে কয়, "এক অপূৰণীয় ক্ষতি ! আমাৰ টাইগাৰ জগৰনাথ দা আৰু নাই ! আজি ঝাৰখণ্ডই এজন মহান আন্দোলনকাৰী, যুঁজাৰু, পৰিশ্ৰমী আৰু জনপ্ৰিয় নেতাক হেৰুৱাইছে ।"

উল্লেখ্য যে চেন্নাইত চিকিৎসা চলি থকাৰ মাজতে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীগৰাকীৰ মৃত্যু হয় । মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে মাহাতোৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

২০২০ চনত ক'ভিডত আক্ৰান্ত হোৱাৰ পাছতে মাহাতোৰ হাঁওফাঁও সংৰোপণ কৰা হৈছিল (Lung Transplant of Jharkhand Education Minister)। শ্বাস প্ৰশ্বাসত জটিলতা অহাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক ২০২০ চনৰ ১৯ অক্টোবৰত চেন্নাইলৈ লৈ যোৱা হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ২০২০ চনৰ ছেপ্টেম্বৰত ক'ভিডত আক্ৰান্ত হৈছিল । তেওঁৰ তেজত অক্সিজেনৰ পৰিমাণ কম হোৱাৰ বাবে তেওঁ উশাহ লোৱাত অসুবিধা পাইছিল ।

মন্ত্ৰীগৰাকীৰ হাঁওফাঁও সংৰোপণৰ পূৰ্বে লাইফ চাপোৰ্ট চিষ্টেমত (ইচিএমঅ' চিকিৎসা) ৰখা হৈছিল । তামিলনাডুৰ এখন ব্যক্তিগত চিকিৎসালয় এমজিএম হেল্থকেয়াৰত ২০২১ চনত মাহাতোৰ হাঁওফাঁও সংৰোপণ কৰা হৈছিল । অস্ত্ৰোপচাৰ সফল হৈছিল আৰু তেওঁ হাঁওফাঁওৰ গুৰুতৰ সংক্ৰমণৰ পৰা আৰোগ্য হোৱা বুলি কোৱা হৈছিল । কিন্তু শেহতীয়াকৈ মাৰ্চ মাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে চেন্নাইলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক :Ghulam Nabi Azad biography: বৰ্তমানৰ কংগ্ৰেছত জীয়াই থাকিবলৈ হ’লে নেতাসকল হ’ব লাগিব মেৰুদণ্ডহীন: আজাদ

Last Updated : Apr 6, 2023, 1:42 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.