ETV Bharat / bharat

২০২৪ ৰ নিৰ্বাচনত বিজেপিয়ে ৫০ তকৈ বেছি আসন নাপায় : নীতিশ কুমাৰ

author img

By

Published : Sep 4, 2022, 2:18 PM IST

বিহাৰৰ পাটনাত জেডি(ইউ)ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় (JDU state executive)। য'ত দলটোৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিক তীব্ৰ সমালোচনা কৰে ।

Bihar
২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ৫০তকৈ বেছি আসন নাপায়

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ আসন ৫০ লৈ হ্ৰাস হ'ব । বিজেপিৰ সংগ এৰাৰ পাছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই গুৰুত্বপূৰ্ণ মন্তব্য (Nitish Kumar on 2024 Loksabha election)। পাটনাত অনুষ্ঠিত জেডি(ইউ) দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিহে সকলো বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে বিজেপিয়ে ৫০ ৰ অধিক আসন লাভ কৰিব নোৱাৰিব ।

জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে বিজেপিক ১৫০ খন আসনত বান্ধি ৰখাৰ কথা কৈছিল । সেই কথাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লালন সিঙে অত্যাধিক আসনৰ কথা কৈছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিজেপিৰ লোকসকলে ৰাজ্যখনত সাম্প্ৰদায়িক আৰু সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব । সেয়ে পঞ্চায়ত পৰ্যায়লৈকে সকলোৱে সাৱধানে থাকিব লাগিব বুলিও তেওঁ দলৰ কৰ্মীসকলক সকীয়াই দিয়ে । আনহাতে অমিত শ্বাহৰ বিহাৰ ভ্ৰমণ সন্দৰ্ভত তেওঁ কয় যে, বিহাৰৰ পৰিৱেশ নষ্ট কৰিবলৈ অমিত শ্বাহ বিহাৰলৈ আহি আছে ।

Bihar
জেডি(ইউ)ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক

মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি কয় যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ষড়যন্ত্ৰৰ বাবে তেওঁৰ দলৰ আসন হ্ৰাস পাইছিল । আনকি তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ব বিচৰা নাছিল কিন্তু বিজেপিৰ অনুৰোধত তেওঁ মুখ্যমন্ত্ৰী হৈছিল । কিয়নো বিহাৰৰ উন্নয়ন আৰম্ভণিৰে পৰা তেওঁৰ লক্ষ্য আছিল বুলি উল্লেখ কৰে নীতিশ কুমাৰে ।

নীতিশ কুমাৰে উল্লেখ কৰা মতে ২০০৫ চনত বিহাৰত সেৱা আগবঢ়োৱাৰ তেওঁ সুযোগ পাইছিল আৰু শিক্ষা, স্বাস্থ্য, পথ, বিদ্যুৎ আদি প্ৰতিটো ক্ষেত্ৰতে তেওঁ কাম কৰিছে । লগতে অনুসূচীত জাতি, অনুসূচীত জনজাতি, পিছপৰা শ্ৰেণী, সংখ্যালঘু, মহিলা সৱলীকৰণ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰিছে । প্ৰথমবাৰলৈ বিহাৰত ৰূপায়ণ কৰা চাইকেল আৰু পোছাক আঁচনি আন ৰাজ্যসমূহেও অনুসৰণ কৰি আছে বুলি তেওঁ উল্লেখ কৰে । কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Nitish Kumar at JDU executive meeting) কয় যে বিহাৰ চৰকাৰে পঞ্চায়ত, পৌৰ নিগম আৰু প্ৰাথমিক শিক্ষক নিযুক্তিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

আৰক্ষী আৰু অন্যান্য নিযুক্তিৰ ক্ষেত্ৰতো মহিলাসকলৰ বাবে ৩৫ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বিহাৰ চৰকাৰে । চৰকাৰৰ আন আন আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গাঁৱৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বিহাৰত জীৱিকা নামৰ আত্মসহায়ক গোট গঠন কৰা হৈছিল । ইয়াৰ পাছতে কেন্দ্ৰই 'জীৱিকা' নামৰ আঁচনি আৰম্ভ কৰে । প্ৰতিটো পৰিয়ালক বিদ্যুৎ যোগান ধৰাৰ কামো ২০১৮ চনত সম্পূৰ্ণ হৈছিল বুলি তেওঁ উল্লেখ কৰে ।

Bihar
জেডি(ইউ)ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক

উল্লেখ্য যে, ৰাজ্যিক সভাপতি উমেশ সিং কুশৱাহাৰ অধ্যক্ষতাত ৰাজ্যিক কাৰ্যালয়ৰ কাৰপুৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ভাষণ দি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে কয় যে, জেডি(ইউ) তিনিখন ৰাজ্যৰ এটা স্বীকৃত ৰাজনৈতিক দল । অহা বছৰ জেডি(ইউ) ৰাষ্ট্ৰীয় দল হৈ পৰিব । বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে, মণিপুৰত পুনৰ জেডি(ইউ)ৰ ৫ বিধায়কক বিজেপিয়ে নিজৰ হাতলৈ লৈ গৈ নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰিছে । আগন্তুক সময়ত, জেডি(ইউ) দলে ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিব বুলিও তেওঁ দাবী কৰে ।

আনহাতে, ৰাজ্যিক সাধাৰণ সম্পাদক মৃত্যুঞ্জয় কুমাৰ সিঙে যোৱা বছৰত দলটোৱে কৰা কামৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এক প্ৰতিবেদন দাখিল কৰে । ইফালে ৰাজ্যিক উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক মনজিৎ সিঙে ৰাজনৈতিক প্ৰস্তাৱ উপস্থাপন কৰে । যাক বিভিন্নজনে সমৰ্থন জনায় । উক্ত বৈঠকত বিহাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো সদস্য উপস্থিত থাকে ।

ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পাছতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (JDU National Executive Meeting at Patna) আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কেচি ত্যাগীয়েও এই সভাত অংশগ্ৰহণ কৰে । মুখ্যতঃ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা আৰু সাংগঠনিক নিৰ্বাচনত ৫০ লাখ সদস্য ভৰ্তি কৰোৱাক লৈ দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক :মণিপুৰত জে ডি ইউ এৰি বিজেপিলৈ গ’ল 5 বিধায়ক; লালন সিঙৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.