ETV Bharat / bharat

MLA carried pistol to hospital: পিষ্টল হাতত লৈ চিকিৎসালয়ত বিধায়ক

হাতত পিষ্টল লৈ হাস্পতালত বিধায়ক ৷ বন্দুক দেখি আতংকিত উপস্থিত অন্যান্য লোক ৷ আত্মৰক্ষাৰ বাবে পিষ্টল লৈ ফুৰাৰ কথা প্ৰকাশ বিধায়কৰ ৷

JDU MLA Gopal Mandal
MLA carried pistol to hospital
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:07 PM IST

নিউজ ডেস্ক, 4 অক্টোবৰ: হাতত উদ্যত আগ্নেয়াস্ত্ৰ লৈ চিকিৎসালয়লৈ আহিল এগৰাকী বিধায়ক ৷ কাকো কেৰেপ নকৰা ধৰণৰ বিধায়কগৰাকীৰ এই কাৰ্যত সন্ত্ৰস্ত হৈ পৰিল হাস্পতালত থকা লোকসকল ৷ অৱশ্যে কাকো আক্ৰমণ কৰিবলৈ নহয়, নিজৰ আত্মৰক্ষাৰ বাবেহে পিষ্টল লৈ অহা বুলি তেওঁ কয় ৷ ঘটনাটো বিহাৰৰ ৷

জনতা দল (ইউনাইটেড)ৰ বিধায়ক গোপাল মণ্ডলে মঙলবাৰে সন্ধিয়া হাতত ৰিভলভাৰ লৈ বিহাৰৰ ভাগলপুৰৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ আতংকৰ সৃষ্টি কৰে । চিটি স্কেনৰ বাবে নাতিনীয়েকৰ সৈতে চিকিৎসালয়লৈ আহিছিল বিধায়কগৰাকী ।

কোনোৱে তেওঁক আগ্নেয়াস্ত্ৰ লৈ অহাৰ বিষয়ে সোধাত তেওঁ ক’লে, “হাথ মা লাই কে নাই চলবাইত, ইনাৰ মা লাই কে চলবাই ৷’’ অৰ্থাৎ, এইটো এনেকুৱা বস্তু যিটো ভিতৰত নহয়, হাতত লৈ থকা প্ৰয়োজন । লগতে তেওঁ কয় যে তেওঁৰ ষ্টেণ্ডত ৰিভলভাৰ লৈ ফুৰাটো তেওঁৰ শৈলী আৰু তেওঁৰ সমৰ্থকসকলে ভাল পায় ।

‘‘ৰাজনৈতিক শত্ৰুতা বহুত আছে, সেইবাবেই আমি অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই লৈ ফুৰোঁ আৰু ইয়াৰ বাবে তেওঁৰ অনুজ্ঞাপত্ৰও আছে’’ বুলিও তেওঁ কয় ৷

“পূৰ্বতে অপৰাধী মোৰ পিছে পিছে আছিল আৰু সেয়েহে মই আগ্নেয়াস্ত্ৰ লৈ আহিছিলো । এতিয়া মোৰ পিছে পিছে ৰাজনৈতিক ব্যক্তি আছে । তেওঁলোকে জানে যে অহা নিৰ্বাচনত মই সাংসদ হ’ম আৰু সেয়েহে তেওঁলোক মোৰ পিছে পিছে আছে । আত্মৰক্ষাৰ বাবে হাতত ৰিভলভাৰ এটা লৈ আছোঁ । ইয়াত বা আন ক’ৰবাত কোনোবাই মোৰ বিৰুদ্ধে কিবা অপকাৰ কৰাৰ সাহস কৰিলে মই তেওঁক গুলীয়াই মাৰিম ।’’ গোপাল মণ্ডলে কয় ৷

‘‘আমাৰ সম্প্ৰদায়ত সৰ্বাধিক ভোটাৰ আছে, যিয়ে মোক ভোট দিয়ে আৰু তেওঁলোকে মোক সাংসদ কৰি তুলিব ।’’ অঞ্চলটোত তেওঁৰ জাতিৰ জনসংখ্যা সৰ্বাধিক হোৱাৰ বাবে জাতিভিত্তিক জৰীপৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি মণ্ডলে কয় । নাতিনীয়েকৰ চিটি স্কেন কৰাৰ পিছত ৰিপৰ্টটো স্বাভাৱিক বুলি কয় ।

লগতে পঢ়ক: Cyber crime: অভিজ্ঞ চাইবাৰ এক্সপাৰ্টৰ সহায়ত চলিছে চাইবাৰ অপৰাধৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.