ETV Bharat / bharat

মমতাক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ - মমতাক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ

জনতা দল(এছ)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি দেৱগৌড়াই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দ্ৰুত আৰোগ্য কামনা কৰে আৰু যিসকলে তেওঁক আক্ৰমণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

মমতাক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ

author img

By

Published : Mar 12, 2021, 3:43 PM IST

নেশ্যনেল ডেস্ক,১২ মাৰ্চ: শেহতীয়াকৈ পশ্চিমবংগৰ নন্দীগ্ৰামত আক্ৰমণৰ বলি হৈছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও চিকিৎসাধীন মুখ্যমন্ত্ৰীগৰাকী । এই ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী কৰিছে বিভিন্ন দল-সংগঠনৰ নেতাসকলে । প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল(এছ)ৰ নেতা এইছ ডি দেৱ গৌড়াই বৃহস্পতিবাৰে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰে ।

নেতাগৰাকীয়ে হাছানত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে সকলো পক্ষকে সংযম হৈ থাকিবলৈ আহ্বান জনায় । ৰাজনীতিত জয়-পৰাজয় থাকে সেয়ে গণতন্ত্ৰক আঘাত কৰিব পৰা কাম যাতে কোনেও নকৰে তাৰ বাবেও আহ্বান জনায় । তেওঁ লগতে কয় যে, জনসাধাৰণৰ সিদ্ধান্তক ৰাজনৈতিক নেতাসকলে গ্ৰহণ কৰিব লাগে কিন্তু তাৰ বিপৰীতে এনেদৰে নিৰ্বাচনত জয়ী হ'বলৈ ইমান তলৰ স্তৰত নামি যোৱাতো উচিত নহয় বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক:সম্পত্তিক কেন্দ্ৰ কৰি হায়দৰাবাদত পত্নীয়ে হত্যা কৰিলে স্বামীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.