নেশ্যনেল ডেস্ক, 4 জুন : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত সংবাদমেল ৰে'লৱে ব'ৰ্ডৰ অপাৰেশ্যন এণ্ড বিজনেছ ডেভেলপমেণ্টৰ সদস্য (Member of Operation and Business Development) জয়া বাৰ্মা সিনহাৰ ৷ সংবাদমেলত তেওঁ কয় যে, কেৱল ক’ৰ’মণ্ডল এক্সপ্ৰেছখনহে দুৰ্ঘটনাত পতিত হৈছিল (Jaya Varma Sinha press meet)। দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন প্ৰায় 128 কিঃমিঃ বেগত আহি আছিল ৷ মালবাহী ৰে’লখন লাইনচ্যুত হোৱা নাছিল ।
কিন্তু সৰ্বাধিক ক্ষতি হৈছিল যাত্ৰীবাহী ক’ৰ’মণ্ডল এক্সপ্ৰেছখন (Coromandal Express tragic incident) । ফলত বৃহৎ সংখ্যক যাত্ৰী মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় (Odhisha Triple train accident news)। ক’ৰ’মণ্ডল এক্সপ্ৰেছখন লাইনচ্যুত হোৱাৰ ফলত ডবাকেইটা লুটি খাই পৰিছিল ৷ ইয়াৰ পিচতে ভূতৰ ওপৰত দানহ পৰাদি যশৱন্তপুৰ এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰিছিল ট্ৰেকৰ পৰা লাইনচ্যুত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ডবাই ৷ তেতিয়া যশৱন্তপুৰ এক্সপ্ৰেছৰ গতিবেগ আছিল প্ৰতিঘন্টাত 126 কিঃমি ৷
জয়া বাৰ্মাই লগতে কয়, ‘‘আমাৰ জ্যেষ্ঠ বিষয়াসকলে ফোন কলবোৰৰ উত্তৰ দি আছে আৰু আমি যিমান সম্ভৱ সিমান মানুহক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো । হেল্পলাইন নম্বৰৰ জৰিয়তে আঘাতপ্ৰাপ্ত বা মৃতকৰ পৰিয়ালৰ সদস্যসকলে আমাক ফোন কৰি সবিশেষ বা তথ্য যোগান ধৰিব পাৰে আৰু তেতিয়া তেওঁলোকৰ প্ৰকৃত পৰিচয় নিশ্চিত কৰাত আমাৰ সুবিধা হ’ব (Helpline Number) ৷" সাধাৰণ ৰাইজে 139 হেল্পলাইন নম্বৰত ফোন কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে জয়া বৰ্মা সিনহাই (139 Helpline Number) ৷
ইফালে বহু চৰ্চিত কৱচে (Kavash) দুৰ্ঘটনাটো প্ৰতিহত কৰিব পাৰিলেহেঁতেন নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, যদি এখন তীব্ৰবেগী বাহনৰ সন্মুখত হঠাৎ বাধা আহে, তেতিয়া পৃথিৱীৰ কোনো প্ৰযুক্তিয়ে দুৰ্ঘটনা প্ৰতিহত কৰিব নোৱাৰে ।"
উল্লেখ্য যে, কালিকা লগা শুকুৰবাৰে কলকাতাৰ পৰা প্ৰায় 250 কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা 170 কিলোমিটাৰ উত্তৰে বালাচোৰৰ বাহানাগা বজাৰ ষ্টেচনৰ ওচৰত ক’ৰ’মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ সৈতে হোৱা ভয়াবহ দুৰ্ঘটনাৰ ঘটনা ভাৰতীয় ৰে'লৰ ইতিহাসৰ চতুৰ্থটো ভয়ংকৰ দুৰ্ঘটনা হিচাপে পৰিগণিত কৰা হৈছে (Triple train mishap in Odisha)৷ এই ৰে’ল দুৰ্ঘটনাত 275 জন যাত্ৰীৰ প্ৰাণ হেৰুৱাৰ বিপৰীতে 1100 ৰো অধিক লোক আহত হৈছিল (Fourth deadliest accident in history)।
লগতে পঢ়ক: Found guilty will be Punished : ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ উৎসৰ সন্ধানত ৰে’ল কৰ্তৃপক্ষ