নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: সীমা সুৰক্ষা বল (বিএচএফ) ৰ প্ৰশংসনীয় পদক্ষেপ । শুকুৰবাৰে নিশা বিএচএফ জোৱানে এগৰাকী আঠ বছৰীয়া শিশুক সুৰক্ষিতভাৱে পাকিস্তানক গতাই দিয়ে । দুৰ্ভাগ্যবশতঃ পাকিস্তানৰ পৰা ভাৰতৰ বাৰ্মাৰ সীমান্তত প্ৰৱেশ কৰা এগৰাকী আঠ বছৰীয়া শিশুক এইদৰে পাকিস্তানক গতাই দিয়া কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ।
ঘটনা অনুসৰি, শিশুজনে নিশা ৫ বজাত অজানিতে ৰাজস্থানৰ বাৰ্মাৰ সীমান্তত প্ৰৱেশ কৰিছিল আৰু বিএচএফ জোৱানে আঠ বছৰীয়া শিশুটোক নিজ দেশলৈ উভতি যাবলৈ কোৱাত শিশুটো ভয়তে পেপুৱা লাগি কন্দা-কটা কৰাত জোৱানকেইজনে উক্ত সীমান্তৰে পাকিস্তানলৈ প্ৰেৰণ কৰে শিশুটোক ।
লগতে পঢ়ক: ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ