ETV Bharat / bharat

জনা নজনা : এই হ্ৰদৰ পানী চুলে ৰূপান্তৰিত হ’ব শিললৈ - নেট্ৰন হ্ৰদ

আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়া আছে এই হ্ৰদ ৷ মৃত্যু উপত্যকা বুলি কোৱা হয় এই হ্ৰদটো ৷ কিন্তু কিয় আৰু কি কাৰণত মৃত্যু উপত্যকা বুলি কোৱা হয় এই হ্ৰদটো ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

animals turn into stone in tanzanias lake natron
এই হ্ৰদৰ পানী চুলে ৰূপান্তৰিত হ’ব শিললৈ
author img

By

Published : Oct 3, 2021, 4:15 PM IST

নিউজ ডেস্ক, 3 অক্টোবৰ : দূৰৰ পৰা দেখিলে ৰঙা পানীৰে ভৰপূৰ এটা হ্ৰদৰ দৰে দেখি । কিন্তু ওচৰ চাপি গ’লে এক আশ্চৰ্যৰ অনুভূতি হয় । চৌদিশে কেৱল নীৰৱতা । যেন আন এখন পৃথিৱীতহে আছো । অলপ আগলৈ চালে বিশ্বাস কৰাটো কঠিন । হ্ৰদৰ পানীৰ পৰা গছৰ ডাল এটা ওপৰলৈ উঠি আছে । ডালত এটা চৰাই বহি আছে । চৰাইটোৰ চকু আছে, পাখি আছে কিন্তু নাই জীৱন । যেন এক জীৱন্ত ছবিহে ৷ হ্ৰদৰ পানী তথা ইয়াৰ চাৰিওফালে একেই দৃশ্য ৷ ক’ৰবাত যদি আছে হাঁহ আন ক’ৰবাত আছে ঈগল ৷ কিন্তু সকলো নিথৰ নীৰৱ ৷

animals turn into stone in tanzanias lake natron
এই হ্ৰদৰ পানী চুলে ৰূপান্তৰিত হ’ব শিললৈ

এইয়া কোনো কাল্পনিক ছবি নহয় ৷ এইয়া প্ৰকৃত ঘটনা ৷ আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত আছে এই হ্ৰদটো ৷ কিন্তু এই হ্ৰদৰ পানীত যেন আছে কোনো অদৃশ্য যাদু । তাঞ্জানিয়াৰ উত্তৰে পাহাৰৰ বেষ্টনীত অৱস্থিত এই হ্ৰদটো । হ্ৰদটোৰ নাম হৈছে নেট্ৰন হ্ৰদ(Natron Lake) । নেট্ৰন হ্ৰদৰ পানীৰ ৰং ৰঙা । এই অস্বাভাৱিক ৰঙৰ দ্বাৰা আকৰ্ষিত হয় সকলো । কিন্তু এবাৰ হ্ৰদৰ পানী স্পৰ্শ কৰাৰ পাছত, সকলো শেষ । কেৱল আপোনাৰ অৱয়বটোহে বাকী থাকিব, জীৱন নাথাকে । এক শিললৈ পৰিণত হ’ব আপুনি ৷

এই হ্ৰদৰ পানীত কেৱল কম সংখ্যক জন্তুৱেহে খাই জীয়াই থাকিব পাৰে । কিন্তু ইয়াৰ আঁৰৰ ৰহস্য কি ? এই হ্ৰদৰ ৰঙা পানীৰ মাজত আছে সকলো উত্তৰ ৷ নাট্ৰন হ্ৰদটো মূলতঃ এটা লুণীয়াত পানীৰ হ্ৰদ । এই হ্ৰদত প্ৰৱেশ কৰিব পাৰি, কিন্তু পানীৰ পৰা বাহিৰ ওলোৱাৰ কোনো উপায় নাই । একমাত্ৰ উপায় হ'ল সূৰ্যৰ পোহৰত পানী বাষ্পীভূত কৰা । ইয়াত বছৰি ৫০০ মিলিমিটাৰতকৈও কম বৰষুণ হয় কিন্তু তাতকৈ বহুত বেছি পানী বাষ্পীভূত হয় । পানী বাষ্পীভূত হোৱাৰ লগে লগে হ্ৰদৰ পানীত নিমখ আৰু অন্যান্য খনিজ পদাৰ্থৰ পৰিমাণ যথেষ্ট বৃদ্ধি হয় । আৰু এই পানীত নেট্ৰন নামৰ এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ আছে । ইয়াৰ পৰাই এই হ্ৰদটোৰ নাম হ’ল নেট্ৰন ।

ফ্ল্যামিঙ্গো

নেট্ৰন প্ৰকৃততে ছডিয়াম কাৰ্বনেট আৰু বেকিং চডাৰ মিশ্ৰণ । পি এইচ হৈছে প্ৰায় 10.5, যি এম’নিয়াৰ প্ৰায় সমান । পানীৰ তাপমাত্ৰাও কোনো সময়ত ১৪০ ডিগ্ৰী ফাৰেনহাইটলৈকে বৃদ্ধি হয় । হ্ৰদৰ পানীৰ এই অস্বাভাৱিক আচৰণৰ আঁৰত আন এটা কাৰণ আছে । ইয়াৰ কাষতে থকা আগ্নেয়গিৰিটো নেট্ৰন হ্ৰদৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দক্ষিণে অৱস্থিত । ইয়াৰ পৰা ছ’ডিয়াম কাৰ্বনেট আৰু কেলছিয়াম কাৰ্বনেট হ্ৰদৰ পানীৰ সৈতে মিহলি হয় ।

এই ধৰণৰ অত্যাধিক তাপ, লৱণীয়তা আৰু ক্ষাৰযুক্ত পদাৰ্থৰ বাবে অতি কম সংখ্যক জীৱহে ইয়াত জীৱিত থাকিব পাৰে । ফ্লামেঙ্গোৰ প্ৰজাতিৰ বাহিৰে এই মৃত্যু উপত্যকাত আন কোনো জীৱ-জন্তু, পক্ষী ইয়াত জীয়াই থাকিব নোৱাৰে । হ্ৰদৰ চাৰিওফালৰ দৃশ্যই অন্তত ইয়াকে প্ৰমাণিত কৰে ৷

লগতে পঢ়ক : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.