নিউজ ডেস্ক, 29 আগষ্ট : বিমানৰ বাহিৰত উলমি যোৱা সম্ভৱনে ? চিনেমাত এইয়া সম্ভৱ, কিন্তু বাস্তৱত ! তাকো ভাৰতৰ পৰা লণ্ডনলৈ ৷ সুদীৰ্ঘ 10 ঘন্টাৰ পথ ৷ 40 হাজাৰ ফুট উচ্চতাত প্ৰতি ঘন্টাত 800 কিল’মিটাৰ গতিত ৷

40 হাজাৰ ফুট অৰ্থাৎ মাউন্ট এভাৰেষ্টতকৈও প্ৰায় 10 হাজাৰ ফুট অধিক উচ্চতা ৷ মাউন্ট এভাৰেষ্টলৈ যাত্ৰা কৰা লোকে এই সময়ছোৱাত অক্সিজেনৰ ব্যৱহাৰ কৰে ৷ হিমচেঁচা ঠাণ্ডাত কঁপি থাকে ৷ তেন্তে তাতকৈও অধিক উচ্চতাত ? ইমান উচ্চতালৈ যোৱাৰ পূৰ্বে হয়তো এজন মানুহ খহি পৰিব অথবা বতাহৰ গতি, অক্সিজেনৰ অভাৱত তথা ঠাণ্ডাত বৰফ জমি তেওঁৰ মৃত্যু হ’ব ৷

কিন্তু এইয়া সম্ভৱ ৷ এজন 23 বছৰীয়া যুৱকে বিমানৰ বাহিৰত ওলমি ভাৰতৰ পৰা উপস্থিত হৈছে সুদূৰ লণ্ডনত ৷
তেওঁৰ বয়স এতিয়া ৪৪ বছৰ ৷ লণ্ডনত উপস্থিত হোৱাৰ পিছত তাত এটা সুন্দৰ জীৱন নিৰ্বাহ কৰিছে । পত্নী আৰু দুই পুত্ৰৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ আছে ।
লগতে পঢ়ক : জনা-নজনা : বিশ্ব ঐতিহ্যক্ষেত্ৰ উলুৰুক আৰ্য়াছ ৰক
প্ৰায় 23 বছৰ আগতে, ১৯৯৬ চনৰ অক্টোবৰ মাহত প্ৰদীপ চাইনী নামৰ পাঞ্জাৱৰ যুৱকজনে তেওঁৰ 19 বছৰীয়া ভাতৃ বিজয় চাইনীৰ লগত লণ্ডনৰ হিথ্ৰো অভিমুখে নতুন দিল্লীত ব্ৰিটিছ এয়াৰৱেজৰ ব’য়িং ৭৪৭ ৰ চকাৰ তলত(wheel bay) লুকাই যাত্ৰা কৰে ।

অৱশ্যে এই যাত্ৰাত বিমানৰ পৰা পৰি বিজয় চাইনীৰ মৃত্যু হয় ৷ কিন্তু প্ৰদীপ চাইনীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ বিমান কৰ্তৃপক্ষই তেওঁক ৰাণৱেৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷ পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰে ৷ বিজয় চাইনীক বিচাৰি চলোৱা অভিযানত তেওঁৰ মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে ৷

এই ঘটনাক চমৎকাৰ বুলিয়েই ক’ব লাগিব ৷ কিন্তু এই যাত্ৰাৰ কথা সুঁৱৰি আজিও শিয়ৰি উঠে প্ৰদীপ ৷ অৱশ্যে ভাতৃৰ মৃত্যুৰ বাবে তেওঁ আজিও নিজক ক্ষমা কৰিব পৰা নাই ৷
লগতে পঢ়ক : জনা-নজনা: কিহৰ বাবে আমাজানৰ ওপৰত নিৰ্মাণ হোৱা নাই দলং ?