ETV Bharat / bharat

ভূমিস্খলনৰ ফলত সাময়িকভাৱে বন্ধ জম্মু-শ্ৰীনগৰ ঘাইপথ, অমৰনাথ যাত্ৰীক অন্য পথেৰে প্ৰেৰণ

author img

By

Published : Jul 8, 2022, 7:17 PM IST

Updated : Jul 8, 2022, 8:55 PM IST

বৃহস্পতিবাৰে ওৰে নিশা হোৱা বৰষুণৰ ফলত ৰামবান জিলাৰ কেইবাঠাইতো নতুনকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ভূমিস্খলৰ ফলত পাহাৰৰ পৰা খহি পৰা মাটিয়ে ঘাইপথত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰে । ফলত অৱৰোধ হৈ পৰে ঘাইপথ (Jammu-Srinagar National Highway blocked due to landslides) ।

a
a

নিউজ ডেস্ক, ৮ জুলাই : জম্মু-কাশ্মীৰত ধাৰাষাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে পথ যোগাযোগ (Vehicular traffic on Jammu-Srinagar National Highway) । বৰষুণৰ ফত সৃষ্টি হোৱা ভূমিস্খলনৰ ঘটনাৰ বাবে পথ যোগাযোগ ব্যাহত হয় । তাৰ মাজতে কিছু কিছু অংশত পাহাৰৰ শিল খহি পৰাৰ ঘটনাও সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।

জানিব পৰা মতে বৃহস্পতিবাৰে ওৰে নিশা হোৱা বৰষুণৰ ফলত ৰামবান জিলাৰ কেইবাঠাইতো নতুনকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ভূমিস্খলৰ ফলত পাহাৰৰ পৰা খহি পৰা মাটিয়ে ঘাইপথত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰে । ফলত অৱৰোধ হৈ পৰে ঘাইপথ (Jammu-Srinagar National Highway blocked due to landslides) । যাৰ বাবে শুকুৰবাৰে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অস্থায়ীভাৱে স্থগিত ৰখা হয় । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, উক্ত চৰকাৰী সূত্ৰ মতে, নিশাজুৰি হোৱা বৰষুণৰ ফলত মেহাৰ, কেফেটেৰিয়া মোড, চম্বা, অনোখিফল, কেলামোডে আৰু পাণ্টিয়ালত ভূমিস্খলন আৰু পাহাৰৰ শিল খহি পৰে । যাৰ ফলত ঘাইপথটোত অৱৰোধৰ সৃষ্টি হয় ।

উক্ত পথ অৱৰোধৰ বাবে সাময়িকভাৱে প্ৰভাৱ পৰে অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ ওপৰতো । যাৰ বাবে চন্দৰকুটৰ যাত্ৰা নিৱাসত অমৰনাথ যাত্ৰীসকলক ৰখাই থবলগা হয় (Amarnath Yatris stopped at Yatra Niwas in Chanderkoot) । অৱশ্যে ঘাইপথ কৰ্তৃপক্ষই ততাতৈয়াকৈ বিভাগীয় লোক আৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰি পথটো মুকলি কৰাৰ কামত লাগি পৰে । তাৰ পিছত পথটো পৰিষ্কাৰ কৰি বাহনসমূহ কাশ্মীৰ অভিমুখে যোৱাৰ বাবে মুকলি কৰে আৰু একেমুখী যান-বাহনৰ চলাচল কৰায় (one-way traffic towards Kashmir) ।

আনহাতে, পুৱাৰে পৰা চন্দ্ৰকুটত আবদ্ধ হৈ থকা বালতাল হৈ যাবলগা অমৰনাথ যাত্ৰীসকলক পিছত কাশ্মীৰ হৈ যাবলৈ অনুমতি দিয়া হয় । চৰকাৰী সূত্ৰ মতে, আজি ৬০০০ জন তীৰ্থযাত্ৰীয়ে অনন্তনাগৰ গুহা মন্দিৰটো বালতাল আৰু পহেলগাম হৈ পৰিদৰ্শন কৰাৰ কথা আছিল ।

লগতে পঢ়ক :নাইনিতালৰ ৰামনগৰত পথ দুৰ্ঘটনা: নিহত ৯

Last Updated : Jul 8, 2022, 8:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.