ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ কুপৱাৰাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ

author img

By

Published : Jul 7, 2021, 2:07 PM IST

সঘনাই জম্মু-কাশ্মীৰ(Jammu-kashmir)ৰ আকাশমাৰ্গত ড্ৰোণ(drone) পৰিলক্ষিত হোৱাৰ পাছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে । শেহতীয়াকৈ কুপৱাৰা জিলাত ড্ৰোণৰ ব্যৱহাৰ, বিক্ৰী, মজুতকৰণ, পৰিবহণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ বায়ু সেনাৰ বিমানঘাটিত বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে চাম্বা, ৰামবান আৰু বাৰামুল্লা জিলাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল ।

Jammu and Kashmir's Kupwara has recently imposed restrictions on the storage, sale, possession of drone
কুপৱাৰাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ

নেশ্যনেল ডেস্ক, ৭ জুলাই : অৱশেষত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাতো নিষিদ্ধ কৰা হ'ল ড্ৰোণৰ ব্যৱহাৰ । কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কেইবাখনো জিলাত বিগত দিন কেইটাত সন্দেহজনক ড্ৰোণ উৰি থকা পৰিলক্ষিত হৈছিল । সেয়ে, কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ আশংকাত প্ৰশাসনে কেইবাখনো জিলাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে । কুপৱাৰা জিলাত ড্ৰোণৰ ব্যৱহাৰ, বিক্ৰী, মজুতকৰণ, পৰিবহণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।

জিলা দণ্ডাধীশ ইমানদিনে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশৰ জৰিয়তে কোৱা হৈছে যে, গোপনীয়তা ভংগ, আক্ৰমণ আৰু অনাধিকাৰ প্ৰৱেশৰ আশংকাৰ উপৰিও নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কুপৱাৰা জিলাৰ আকাশত ড্ৰোণ উৰুৱাবলৈ অনুমতি দিয়াতো অত্যন্ত বিপদজনক । ড্ৰোণ কেমেৰা অথবা এনে ধৰণৰ মানৱবিহীন বিমান থকা প্ৰতিগৰাকী ব্যক্তিয়ে সঠিক ৰচিদ লৈ স্থানীয় আৰক্ষী থানাত ড্ৰোণ জমা দিব লাগিব বুলিও নিৰ্দেশ জাৰি কৰা হৈছে । নিৰাপত্তাৰ আন্তঃগাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ড্ৰোণৰ অপ-ব্যৱহাৰৰ শেহতীয়া ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিকেন্দ্ৰীকৃত আকাশমাৰ্গৰ সীমাৰ প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰণ কৰা হ'ব ।

জম্মু-কাশ্মীৰৰ কুপৱাৰাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ
জম্মু-কাশ্মীৰৰ কুপৱাৰাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ

অসামৰিক বিমান পৰিবহন সঞ্চালক প্ৰধানে ওজন শ্ৰেণীবিভাজন, একক চিনাক্তকৰণ নম্বৰ প্ৰস্তুত কৰা, উচ্চতাৰ সীমাবদ্ধতা, গতি সীমাবদ্ধতা, পেনেলৰ কাৰ্য আদিৰ ক্ষেত্ৰত ড্ৰোণৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে বুলিও জিলা দণ্ডাধীশৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

এই নিৰ্দেশনাত উল্লেখ থকা মতে, গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আৰু ঘন জনবসতিপূৰ্ণ অঞ্চল সুৰক্ষিত কৰাৰ লক্ষ্যৰে, মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতিৰ আশংকা দূৰ কৰিবলৈ সকলো সামাজিক আৰু সাংস্কৃতিক সমাৱেশত ড্ৰোণৰ ব্যৱহাৰ বন্ধ কৰাটো অত্যাৱশ্যকীয় । ইয়াৰ পূৰ্বে, ৰাজৌৰী, শ্ৰীনগৰ, বাৰামুল্লা আৰু কাঠুৱা জিলা প্ৰশাসনেও জম্মু বিমানঘাটিত হোৱা আক্ৰমণৰ পাছত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ একে ধৰণৰ নিৰ্দেশ জাৰি কৰিছিল । মুঠতে পৰৱৰ্তী সময়ত যাতে কোনো ভয়াৱহ ঘটনা সংঘটিত নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে ।

লগতে পঢ়ক: সোণালী আখৰেৰে লিখা গুৰু গ্ৰন্থ চাহিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.