ETV Bharat / bharat

Poonch encounter: পুঞ্চত নিৰাপত্তা বাহিনীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : Aug 7, 2023, 11:27 AM IST

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সীমান্তত গুলীচালনা । অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই সন্ত্ৰাসবাদী নিহত । দেওবাৰেও টাংধৰ চেক্টৰত সেনাৰ গুলীত নিহত হয় এটা সন্ত্ৰাসবাদী ।

Poonch encounter
পুঞ্চত নিৰাপত্তা বাহিনীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,৭ আগষ্ট : জম্মু-কাশ্মীৰৰ পুঞ্চৰ দেৱাৰ টেৰৱানৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । এই অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুটা সন্ত্ৰাসবাদী নিহত । ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান ।

জম্মু-কাশ্মীৰ সীমান্তত প্ৰায়ে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীকে ধৰি একাংশ লোকে অনুপ্ৰৱেশৰ চেষ্টা কৰে । কিন্তু ভাৰতৰ নিৰাপত্তা বাহিনীয়ে সেই অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ কৰাত নিয়োজিত হৈ থাকে । বিভিন্ন সময়ত অনুপ্ৰৱেশকাৰীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হোৱাও দেখা যায় । সোমবাৰে পুৱতি নিশাও দুই সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰে ।

পুৱতি নিশা প্ৰায় ২ মান বজাত আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদী কেইটাই অনুপ্ৰৱেশৰ চেষ্টা কৰে । কিন্তু নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বাৰে বাৰে সকীয়াই দিয়াৰ পাচতো সন্ত্ৰাসবাদী কেইটাই ভাৰতত প্ৰৱেশৰ চেষ্টা চলায় । ফলস্বৰূপে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় । এই গুলীচালনাত সন্ত্ৰাসবাদী কেইটা নিহত হয় বুলি সেনাই জনাইছে ।

জম্মুৰ প্ৰতিৰক্ষা পিআৰঅ' লেফটেনেণ্ট কৰ্ণেল সুনীল বাৰ্টৱালে কোৱা মতে পুৱতি নিশা প্ৰায় ২ মান বজাত গড়ী বেটেলিয়ন এলেকাত দুজন লোকৰ গতিবিধি লক্ষ্য কৰে । লগে লগে নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিয়া হয় । নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে । দুয়োপক্ষৰ মাজত কিছু সময় ধৰি সংঘৰ্ষ হয় আৰু অৱশেষত সন্দেহজনক সন্ত্ৰাসবাদী কেইটা নিহত হয় ।

একেদৰে, দেওবাৰেও টাংধৰ চেক্টৰত ভাৰতীয় সেনা আৰু কুপৱাৰা আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত এটা সন্ত্ৰাসবাদী নিহত হয় । টাংধৰ চেক্টৰৰ আমৰোহী অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ মাজেৰে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে । য'ত সন্ত্ৰাসবাদীটো নিহত হয় । সেনা আৰু কুপৱাৰা আৰক্ষীয়ে সন্ত্ৰাসবাদীটোৰ পৰা আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে ।

লগতে পঢ়ক :Rajouri encounter : ৰাজৌৰীৰ বাৰিয়ামাত সেনাৰ অভিযান, ১ টা সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.