ETV Bharat / bharat

Jairam Ramesh on caste census : পুনৰ জাতিগত লোকপিয়লৰ দাবী কংগ্ৰেছৰ - CWC meeting in New Delhi

দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত আজি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকৰ প্ৰাকক্ষণত পুনৰ জাতিগত লোকপিয়লৰ প্ৰসংগ জয়ৰাম ৰমেশৰ । ৰাহুল গান্ধীৰ সিদ্ধান্তক সমৰ্থন কংগ্ৰেছ নেতাগৰাকীৰ ।

Jairam Ramesh on caste census
পুনৰ জাতিগত লোকপিয়লৰ দাবী কংগ্ৰেছৰ
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:49 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : শেহতীয়াকৈ কংগ্ৰেছ দলে দেশত জাতিগত লোকপিয়লৰ দাবী জনাই আহিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সোমবাৰে পুনৰ জাতিগত লোকপিয়লৰ বিষয়টোত মন্তব্য কৰি তেওঁৰ দলে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে লোৱা সিদ্ধান্তক সমৰ্থন জনাইছে । ৰমেশে কয় যে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত পিছপৰা শ্ৰেণীৰ লোকসকলক সাক্ষাৎ কৰাৰ পাছত জাতিগত লোকপিয়লৰ বিষয়ে সিদ্ধান্ত লৈছিল আৰু তেওঁলোকৰ অনুভূতি বিবেচনা কৰিছিল ।

এক্সৰ এটা পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লিখিছে যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত প্ৰতিখন ৰাজ্যৰ প্ৰায় সকলো পিছপৰা শ্ৰেণীৰ লোকে ৰাহুল গান্ধীক কোৱা একমাত্ৰ কথাটো হ'ল যে দেশত এক জাতিগত লোকপিয়ল হ'ব লাগে । ৰাহুল গান্ধীয়ে জনসাধাৰণৰ আৱেগ স্বীকাৰ কৰে আৰু কংগ্ৰেছ নেতৃত্বই ইয়াক সমৰ্থন কৰে ।

  • भारत जोड़ो यात्रा के दौरान एक बात जो हर प्रदेश के लगभग सभी पिछड़े वर्ग के लोगो ने @RahulGandhi को कही, वह थी कि देश में जातीय जनगणना होनी चाहिए।

    राहुल जी ने लोगों की भावनाओं को स्वीकार किया और कांग्रेस नेतृत्व ने इसका समर्थन किया। pic.twitter.com/kwBNn0wd1h

    — Jairam Ramesh (@Jairam_Ramesh) October 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা কিছুদিন ধৰি নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে ৰাজ্যখনত জাতিগত লোকপিয়লৰ কিছু তথ্য প্ৰকাশ কৰাৰ পাছত কংগ্ৰেছে জাতিগত লোকপিয়লৰ সমৰ্থনত মাত মাতিছে । পাছত ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰেও ৰাজ্যখনত একে ধৰণৰ জাতিগত লোকপিয়ল আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে আৰু তাৰ পাছত ছত্তীশগড়ৰ উপ মুখ্যমন্ত্ৰীয়েও ইয়াক অনুসৰণ কৰাৰ অভিপ্ৰায় ব্যক্ত কৰিছে ।

ইফালে সোমবাৰে দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকৰ প্ৰাকমুহূৰ্তত জয়ৰাম ৰমেশে পুনৰ এবাৰ জাতিগত লোকপিয়লৰ বিষয়টো চৰ্চালৈ আনিছে । বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰে স্পষ্টতঃ বিজেপিক দেশজুৰি জাতিগত লোকপিয়লক লৈ সমালোচনা আৰম্ভ কৰিছে ।

লগতে পঢ়ক :CWC meet 2023 : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.