নেচনেল ডেস্ক, 18 ডিচেম্বৰ: সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ অভিযোগত বিজেপি কৰ্মীৰ বিৰুদ্ধে কেৰালা আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰে ৷ নিৰ্বাচনত জয়লাভ কৰাৰ আনন্দত পলক্কড পৌৰ নিগমৰ কাৰ্যালয়ত 'জয় শ্ৰী ৰাম' লিখি বৃহৎ আকাৰৰ বেনাৰ আঁৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ অভিযোগত কেৰালা আৰক্ষীয়ে বৃহস্পতিবাৰে এই গোচৰ পঞ্জীয়ন কৰে ৷
বিজেপি কৰ্মীৰ এই কাৰ্যক সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ এক প্ৰয়াস বুলি পলক্কড পৌৰ নিগমৰ সম্পাদকে আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পাছতে বিজেপি কৰ্মী সকলৰ বিৰুদ্ধে কেৰালা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰে ৷
পৌৰ নিগমৰ কাৰ্যালয়ৰ সন্মুখত বুধবাৰে আবেলি বিজয় উল্লাস উদযাপন কৰি একাংশ বিজেপি কৰ্মীয়ে মালায়লম ভাষাত 'জয় শ্ৰী ৰাম' বুলি লিখা এখন বেনাৰ আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ এখন ফটো উৰুৱাই থকা ভিডিঅ' দেখিবলৈ পোৱা গৈছিল ৷ আৰক্ষীয়ে জনোৱা মতে বিজেপি কৰ্মী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰো বেনাৰ উৰুৱাইছিল ৷
জিলা আৰক্ষীৰ মুখ্য সুজিতদাস এচে কয় যে স্পেচিয়েল ব্ৰাঞ্চৰ চুপাৰিটেনডেন্টে উক্ত ঘটনা সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷
লগতে পঢ়ক: প্ৰতিবাদস্থলীৰ পৰা কৃষকক আঁতৰোৱাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে