ETV Bharat / bharat

জন্মু-কাশ্মীৰৰ সংঘৰ্ষত আৱদ্ধ চাৰি সন্ত্ৰাসবাদী

author img

By

Published : May 6, 2021, 5:24 PM IST

বৃহস্পতিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উক্ত স্থানত আল-বাদ্ৰা সন্ত্ৰাসবাদী সংগঠনৰ চাৰিজন নৱনিযুক্ত স্থানীয় সন্ত্ৰাসবাদী আৱদ্ধ হৈ আছে বুলি জনায় কানিগাম আৰক্ষীয়ে ।

Encounter underway in Shopian, 4 terrorists trapped
জন্মু-কাশ্মীৰৰ চোপিয়ানৰ সংঘৰ্ষত আৱদ্ধ চাৰি সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,৬ মে': বৃহস্পতিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উক্ত স্থানত আল-বাদ্ৰা সন্ত্ৰাসবাদী সংগঠনৰ চাৰিজন নৱনিযুক্ত স্থানীয় সন্ত্ৰাসবাদী আৱদ্ধ হৈ আছে বুলি জনায় কানিগাম আৰক্ষীয়ে । আটাইকেইজন সন্ত্ৰাসবাদীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হোৱা বুলি আৰক্ষীয়ে সদৰী কৰে ৷

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পুৱাই দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ফলত তিনিজন সন্ত্ৰাসবাদী নিহত হয় । আনহাতে, নৱনিযুক্ত এজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে । নিহত সন্ত্ৰাসবাদীকেইজন আল বাদ্ৰা সন্ত্ৰাসবাদী সংগঠনৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, আত্মসমৰ্পণ কৰা সন্ত্ৰাসবাদীজন তৌচিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: মহামাৰীৰ পাছত প্ৰধান সমস্যা হ'ব মানসিক সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.