নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ : জম্মু-কাশ্মীৰ প্ৰশাসনে বৈষ্ণো দেৱী(Vaishno Devi) মন্দিৰৰ তীৰ্থযাত্ৰীৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । কেন্দ্ৰীয় শাসিত অঞ্চলটোত যাতে ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ বৃদ্ধি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । এই নতুন নিৰ্দেশনা অনুসৰি, তীৰ্থযাত্ৰীৰ ক'ভিড পৰীক্ষাৰ প্ৰমাণপত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোত উপস্থিত হোৱাৰ ৭২ ঘণ্টাতকৈ অধিক সময়ৰ পূৰ্বৰ হ'লে সেয়া গ্ৰহণযোগ্য নহ'ব ।
![Jammu and Kashmir administrtation issues fresh guidelines for Mata Vaishno Devi pilgrims](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13433146_nsdmgfsdg.jpg)
৭২ ঘণ্টাৰ ভিতৰত কৰা আৰটি-পিচিআৰ/ৰেপিড এণ্টিজেন পৰীক্ষাৰ প্ৰমাণপত্ৰ থাকিলেহে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে । অন্যথা পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব আৰু ক'ভিড সম্পৰ্কীয় লক্ষণ নথকা তীৰ্থযাত্ৰীকহে মন্দিৰ দৰ্শনৰ অনমতি দিয়া হ'ব বুলি প্ৰশাসনে জনাইছে । লগতে জম্মু-কাশ্মীৰৰ মুখ্য সচিবৰ স্বাক্ষৰ সম্বলিত এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, তীৰ্থযাত্ৰীয়ে ক'ভিড প্ৰট'কল মাানি চলিব লাগিব ।
জম্মু-কাশ্মীৰ ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা থকাৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
লগতে পঢ়ক: আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা : হিতাধিকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে