নেশ্যনেল ডেস্ক,৬ মে' : জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত আছে (Encounter in Jammu and Kashmir)। প্ৰাপ্ত খবৰ অনুসৰি কাৰহামা কুঞ্জাৰ অঞ্চলত চলি থকা সংঘৰ্ষত পুনৰ এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে । কাশ্মীৰ জ'ন আৰক্ষীয়ে জনোৱা মতে নিহত সন্ত্ৰাসবাদীটো লস্কৰ-ই-তৈবা (LeT)ৰ সৈতে জড়িত আছিল । নিহত সন্ত্ৰাসবাদীটোক কুলগামৰ বাসিন্দা আবিদ ৱানী বুলি চিনাক্ত কৰা হৈছে (LeT militants killed in Kulgam)।
আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীটোৰ পৰা এটা এ.কে-৪৭ ৰাইফলসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । জানিব পৰা মতে দুটা পৃথক এনকাউণ্টাৰত এতিয়ালৈ দুটা সন্ত্ৰাসবাদী নিহত হৈছে (2 militants killed in Jammu encounter)। প্ৰতিৰক্ষা পিআৰঅ'ৱে জনোৱা মতে ৰাজৌৰীৰ কান্দি বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আন এটা আহত হৈছে । আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে বাৰামুলাৰ কাৰহামা কুঞ্জাৰত নিশা তীব্ৰ তালাচী অভিযান আৰম্ভ কৰাৰ পাচতে গুলীচালনা আৰম্ভ হয় ।
এক টুইটযোগে কাশ্মীৰ জ'ন আৰক্ষীয়ে কোৱা মতে কাৰহামা কুঞ্জাৰ অঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছে (Encounter between security forces and militants)। আনহাতে ৰাজৌৰীৰ কান্দি অঞ্চলত চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানত এতিয়ালৈ ৫ গৰাকী সেনা জোৱান শ্বহীদ হৈছে ।
আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইফালে জম্মুৰ ভাটা ধুৰিয়ানৰ টোটা গালি অঞ্চলত সেনাৰ ট্ৰাকত আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক উচ্ছেদ কৰিবলৈ ভাৰতীয় সেনাই নিৰন্তৰ অভিযান চলাই আছে ।
উল্লেখ্য যে ৰাজৌৰী খণ্ডৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য পোৱাৰ পাচতে ৩ মে'ত এক যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল । ৫ মে'ৰ পুৱা প্ৰায় ৭:৩০ বজাত এটা অনুসন্ধানকাৰী দলে সন্ত্ৰাসবাদী অৱস্থিতিৰ তথ্য লাভ কৰিছিল । জানিব পৰা মতে অঞ্চলটো শিলাময় আৰু ঘন জংঘলেৰে আৱৰা । প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, অঞ্চলটোত সন্ত্ৰাসবাদীৰ দলটো আৱদ্ধ হৈ আছে ।
লগতে পঢ়ক :Encounter in Rajouri : জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ৫ সেনা জোৱান শ্বহীদ