ETV Bharat / bharat

কাশ্মীৰত বিজেপি ৰেলিৰ সমীপত গ্ৰেনেড আক্ৰমণ - বিজেপি

বিজবেহাৰা হাস্পতালৰ ওচৰত নিয়োজিত নিৰাপত্তা বাহিনীৰ এটা দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গ্ৰেনেডটো নিক্ষেপ কৰে । গ্ৰেনেডটো বিস্ফোৰণত চি আৰ পি এফৰ জোৱানজন আঘাতপ্ৰাপ্ত হয় ।

J and K crpf personnel injured before bjps anantnag rally
author img

By

Published : Dec 17, 2020, 5:41 PM IST

কাশ্মীৰ, ১৭ ডিচেম্বৰ : দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ৰেলীৰ সমীপত হোৱা এক গ্ৰেনেড আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পিএফৰ এজন জোৱান আঘাতপ্ৰাপ্ত হয় । বিজেপি দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ডিডিচি নিৰ্বাচনৰ প্ৰভাৰী শ্বাহনাৱাজ হুছেইন ৰেলিৰ আয়োজনস্থলী উপস্থিত হোৱাৰ কিছু সময় পূৰ্বে গ্ৰেনেডটো বিস্ফোৰণ হয় ।

চিআৰপিএফৰ শীৰ্ষ সূত্ৰই জনোৱা মতে,বিজেপিৰ ৰেলীৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত অৱস্থিত বিজবেহাৰা হাস্পতালৰ ওচৰত নিয়োজিত নিৰাপত্তা বাহিনীৰ এটা দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গ্ৰেনেডটো নিক্ষেপ কৰে । দিনৰ প্ৰায় ১২:৩০ বজাত গ্ৰেনেডটো বিস্ফোৰণ হয় আৰু বিস্ফোৰণত চি আৰ পি এফৰ জোৱানজন আঘাতপ্ৰাপ্ত হয় । আহত জোৱানজনক চি আৰ পি এফৰ ৪০ বিএনৰ পাটিল পাৰ্মাকাৰ বুলি চিনাক্ত কৰা হৈছে । জোৱানজনক চিকিৎসাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চি আৰ পি এফৰ মুখপাত্ৰজনে ইটিভি ভাৰতক কয় ।

চি আৰ পি এফৰ মুখপাত্ৰজনে লগতে সকলো নেতা সুৰক্ষিত থকাৰ কথা জানিবলৈ দিয়ে । আনহাতে সেনাই অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.