ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

author img

By

Published : Aug 13, 2021, 10:15 AM IST

বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই সংঘৰ্ষত দুজন সেনা জোৱানৰ লগতে দুজন সাধাৰণ লোক গুৰুতৰভাৱে আহত হৈছে ৷

J&K: 2 civilians, 2 security forces personnel injured in gunfight
জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

নেশ্যনেল ডেস্ক, 13 আগষ্ট : দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই গুলিয়াগুলীত দুজন সেনা জোৱানৰ লগতে দুজন সাধাৰণ লোক গুৰুতৰভাৱে আহত হয় ৷ এই সন্দৰ্ভত কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয়, "অনন্তনাগৰ চাহিল য়াকুব ভাট আৰু কুলগামৰ শ্বাহিদ ফাৰুক শ্বেখ গুলিবিদ্ধ হৈছে ৷ লগতে এজন চি আৰ পি এফ জোৱান আৰু এজন সেনা জোৱানে এই সংঘৰ্ষত আহত হৈছে ৷ দুয়োগৰাকী সেনা জোৱান সংকটমুক্ত যদিও চাহিল য়াকুক ভাটৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে ৷"

তেওঁ লগতে কয়, বৃহস্পতিবাৰে কুলগামৰ মীৰ বাজাৰ অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাতে সীমান্ত সুৰক্ষা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহজনক লস্কৰে-ই-তৈবাৰ সদস্যই গুলিবৰ্ষণ কৰে ৷ সেনাই এই গুলিবৰ্ষণৰ প্ৰত্যুত্তৰত ওলটাই গুলিবৰ্ষণ কৰে যাৰ বাবে চাৰিমহলীয়া ঘৰটোতে আবদ্ধ হৈ পৰে সন্ত্ৰাসবাদী সদস্যকেইজন ৷ ইয়াৰ পিছতে দুয়ো পক্ষৰ মাজত কিছু সময় ধৰি গুলিয়াগুলী অব্যাহত থাকে ৷

ইয়াৰ পৰিণতিতে দুজনকৈ জোৱানৰ লগতে দুজন সাধাৰণ লোক আহত হ’বলগীয়া হৈছে ৷ উল্লেখ্য যে, জম্ম-কাশ্মীৰৰ বিগত কিছু দিনৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ৷

লগতে পঢ়ক: অনন্তনাগত পত্নীসহ পঞ্চায়তৰ সভাপতিক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.