ETV Bharat / bharat

Odisha train accident : ইতিহাসৰ পুনৰাবৃত্তি; 14 বছৰৰ পূৰ্বও ওড়িশাত দুৰ্ঘটনাত পতিত হৈছিল ক’ৰ’মণ্ডল এক্সপ্ৰেছ - Rescue operation in Odisha

শুকুৰবাৰৰ নিশা ওড়িশাত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই দেশজুৰি পেলাইছে শোকৰ ছাঁ ৷ এই দুৰ্ঘটনাত এতিয়ালৈকে 261 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে (Odisha tragic train accident) ৷ ওড়িশাত এনে অনুৰূপ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল 14 বছৰৰ পূৰ্বে ৷ সৱিশেষ এই প্ৰতিবেদনত-

Odisha train accident
Odisha train accident
author img

By

Published : Jun 3, 2023, 4:08 PM IST

নিউজ ডেস্ক, 3 জুন: সকলোৰে চকু সেমেকাই তোলা ভয়াৱহ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল 14 বছৰৰ পূৰ্বে ৷ ওড়িশা ক’ৰ’মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱা ঘটনা এয়াই প্ৰথম নহয় ৷ 14 বছৰৰ পূৰ্বেও এনে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল (Bahanaga train accident) ৷

ইতিসাহৰ ক’লা পৃষ্ঠা লুটিয়াই চালে দেখা যায় 2009 চনৰ 13 ফেব্ৰুৱাৰীৰ সংঘটিত হৈছিল এক ভয়াৱহ দুৰ্ঘটনা ৷ সেই দিনটোও আছিল শুকুৰবাৰ (Coromandel Accident On A Friday Night) ৷ 2009 চনৰ 13 ফেব্ৰুৱাৰীত ওড়িশাৰ জাজপুৰ জিলাত ট্ৰেক সলনি কৰি থকা অৱস্থাত হাওৰাৰ পৰা চেন্নাই অভিমুখী ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ 13 টাকৈ ডবা লাইনচ্যুত হৈছিল (Odisha train accident history) ৷

সেই দুৰ্ঘটনাৰ ফলত কমেও 16 জন যাত্ৰী নিহত আৰু 161 জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । সেই দিনটো পাচত ক’লা শুকুৰবাৰে হিচাপে চিহ্ণ হৈছে । তেতিয়াৰ 12842 নম্বৰৰ ক’ৰ’মণ্ডল এক্সপ্ৰেছখন চেন্নাই আৰু শ্বালিমাৰৰ মাজত 27 ঘণ্টা পাঁচ মিনিটত 1,662 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগীয়া আছিল । ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ গতি আছিল প্ৰতিঘন্টাত 130 কিঃমি । কিন্তু ওড়িশাৰ জাজপুৰত পতিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাত (Train derailed in Odisha) ৷

2023 চনৰ শুকুৰবাৰৰ দুৰ্ঘটনাটোৱে 2009 চনৰ ক’ৰ’মণ্ডল দুৰ্ঘটনাৰ সেই ভয়াৱহ স্মৃতি ঘূৰাই আনিলে ৷ কিয়নো 2009 চনতো সন্ধিয়া 7.30 পৰা 7.40 বজাৰ ভিতৰত হৈছিল সেই দুৰ্ঘটনাটো ৷ 2009ৰ শুকুৰবাৰৰ দৰে 2023ৰ শুকুৰবাৰে নিশাটোও আছিল আন এক দুৰ্ভাগ্যজনক নিশা ৷ য’ত নিহতৰ সংখ্যাই তিনি দশকৰ ঘৰ স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে (Three Train Collide in Odisha) ৷

2 জুন 2023ৰ দুৰ্ঘটনাত আহতসকলক ভাৰতীয় বায়ু সেনাই স্থানান্তৰ কৰাৰ বাবে এমআই-17 (Mi-১৭) হেলিকপ্টাৰ ব্যৱহাৰ কৰা বুলি ইষ্টাৰ্ণ কমাণ্ডে সদৰী কৰিছে । ভাৰতীয় বায়ুসেনাই স্থানীয় প্ৰশাসন আৰু ৰে’লৱে কৰ্তৃপক্ষৰ সহযোগত লোকসকলক উদ্ধাৰ কৰি স্থানান্তৰ কৰিছে বুলিও ব্যক্ত কৰে ইষ্টাৰ্ণ কমাণ্ডৰগৰাকীয়ে (Rescue operation in Odisha) ৷

এই দুৰ্ঘটনাত পাচতে ৰে’ল মন্ত্ৰালয়ে শনিবাৰে ৰাইজৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰে । হাওৰা, খড়গপুৰ, বালেশ্বৰ, শ্বালিমাৰ, ভদ্ৰক, কটক, ভুৱনেশ্বৰ আৰু খুৰ্দা ৰোডৰ লোকসকলৰ বাবে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ । হেল্পলাইন নম্বৰ কেইটা হ’ল হাওৰা-033-26382217, খড়গপুৰ- 8972073925 আৰু 9332392339,বালাশ্বৰ- 8249591559, শ্বালিমাৰ- 9903370746, ভদ্ৰক-7894099579 আৰু 9337116373 , কটক-8455889917, ভুৱনেশ্বৰ-06742534027, খুৰ্দা ৰোড- 6370108046 (Helpline number for Odisha train accident) ৷

কালিকা লগা শুকুৰবাৰৰ দুৰ্ঘটনাত নিহতৰ সংখ্যাৰ বৰ্তমান 261 জনলৈ বৃদ্ধি পালে ৷ সম্প্ৰতি এই দুৰ্ঘটনাৰ সবিশেষ নিজে তদাৰক কৰি আছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইতিমধ্যেই দুৰ্ঘটনাস্থলীত আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক: Odisha Train Accident : বিশ্বনেতাসকলৰ শোক; দুৰ্ঘটনাত পীড়িতসকলক সহায়ৰ আশ্বাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.