ETV Bharat / bharat

National Judicial Data Grid : ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰিডত উচ্চতম ন্যায়ালয়ৰ তথ্য; ঐতিহাসিক দিন আখ্যা মুখ্য ন্যায়াধীশৰ - NJDG portal

বৃহস্পতিবাৰে আদালতৰ শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে তেওঁৰ এটা ঘোষণা আছে । তেওঁ কয় যে এইটো এটা ঐতিহাসিক দিন । কিয়নো শীৰ্ষ ন্যায়ালয়ৰ তথ্য বাস্তৱ-সময়ৰ ভিত্তিত এনজেডিজিত আপলোড কৰা হ'ব ।

ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰিডত উচ্চতম ন্যায়ালয়ৰ তথ্য
National Judicial Data Grid
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:13 PM IST

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে উচ্চতম ন্যায়ালয় এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ন্যায়িক তথ্য গ্ৰিডত (এনজেডিজি) থাকিব । যিয়ে দেশৰ বিভিন্ন আদালতত বিচাৰাধীন আৰু নিষ্পত্তি হোৱা গোচৰবোৰৰ ওপৰত নজৰ ৰাখিব ।

বৃহস্পতিবাৰে আদালতৰ শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশে কয় যে তেওঁৰ এটা ঘোষণা আছে । তেওঁ কয় যে এইটো এটা ঐতিহাসিক দিন । কিয়নো বাস্তৱ-সময়ৰ ভিত্তিত শীৰ্ষ ন্যায়ালয়ৰ তথ্য এনজেডিজিত আপলোড কৰা হ'ব ।

মুখ্য ন্যায়াধীশে কয়, "এটা সৰু ঘোষণা । এইটো এটা ঐতিহাসিক দিন । ই হৈছে এক অনন্য আৰু তথ্যপূৰ্ণ মঞ্চ, যাক উচ্চতম ন্যায়ালয়ৰ এনআইচি আৰু ইন-হাউছ দলৰ দ্বাৰা বিকশিত কৰা হৈছে ।"

তেওঁ কয় যে বুটাম এটা ক্লিক কৰিলেই যিকোনো লোকে বাস্তৱ-সময়ত বছৰ অনুসৰি বিচাৰাধীন আৰু নিষ্পত্তি হোৱা গোচৰবোৰ, পঞ্জীয়নভুক্ত আৰু পঞ্জীয়নভুক্ত নোহোৱাকৈ পৰি থকা সম্পূৰ্ণ গোচৰৰ লগতে কোৰাম অনুসৰি সিদ্ধান্ত লোৱা গোচৰৰ সংখ্যাও চাব পাৰিব ।

তেওঁ এই কথাত জোৰ দিয়ে যে এনজেডিজিৰ তথ্য আপলোড কৰিলে ন্যায়িক ক্ষেত্ৰত স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত হ'ব ।

মুখ্য ন্যায়াধীশে কয় যে ৫৮৩ টা গোচৰ বৰ্তমান তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত বিচাৰাধীন হৈ আছে আৰু তেওঁ শীঘ্ৰেই সেইবোৰৰ শুনানিৰ বাবে বিচাৰপীঠ গঠন কৰিব । তথ্য অনুসৰি, পাঁচজনীয়া বিচাৰপীঠৰ সন্মুখত ২৮৮ টা গোচৰ আৰু সাতজনীয়া বিচাৰপীঠৰ সন্মুখত ২১ টা গোচৰ পৰি আছে আৰু ১৩৫ টা গোচৰ নজন ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত বিচাৰাধীন হৈ আছে ।

চলিত বৰ্ষৰ তথ্য অনুসৰি, উচ্চতম ন্যায়ালয়ত ৩৭,৭৭৭ টা গোচৰ উত্থাপন কৰা হৈছিল আৰু শীৰ্ষ ন্যায়ালয়ত এতিয়ালৈকে ৩৬,১৬৪ টা গোচৰ নিষ্পত্তি কৰা হৈছে । তথ্যই দেখুৱাইছে যে বিগত মাহত শীৰ্ষ আদালতত ৫,৪১২ টা গোচৰ ৰুজু কৰা হৈছিল আৰু বিগত মাহত ৫,০৩৩ টা গোচৰ নিষ্পত্তি কৰা হৈছে । আনহাতে, বিচাৰাধীন পঞ্জীভুক্ত গোচৰৰ সংখ্যা হৈছে ৬৪,৮৫৪ টা আৰু পঞ্জীয়নভুক্ত নোহোৱাকৈ থকা মুঠ গোচৰৰ সংখ্যা হৈছে ১৫,৪৯০ টা ।

আনহাতে, এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, "ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰিড (এনজেডিজি) পৰ্টেলত আপলোড কৰি থকাৰ লগে লগে ই-আদালত প্ৰকল্পৰ ফ্লেগশ্বিপ প্ৰকল্পটোৱে সম্পূৰ্ণ বৃত্তটো সম্পূৰ্ণ কৰিছে । এতিয়া এনজেডিজি পৰ্টেলত আমাৰ ভাৰতীয় ন্যায়পালিকাৰ তিনিওটা স্তৰ আছে । ভাৰত চৰকাৰৰ ব্যৱসায় কৰাৰ সহজতাৰ অধীনত এনজেডিজিক এক গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে স্বীকৃতি দিয়া হৈছে ।"

উল্লেখ্য যে এনজেডিজি পৰ্টেল হৈছে দেশৰ বিভিন্ন প্ৰান্তত আদালতৰ দ্বাৰা উত্থাপিত, অমীমাংসিত আৰু নিষ্পত্তি কৰা গোচৰ সম্পৰ্কীয় তথ্যৰ এক ৰাষ্ট্ৰীয় ভঁৰাল । এতিয়া বুটাম এটা ক্লিক কৰিলেই গোচৰ সম্পৰ্কীয় তথ্য, পৰিসংখ্যা যেনে উত্থাপন, বিচাৰাধীন আৰু গোচৰৰ নিষ্পত্তি, গোচৰৰ প্ৰকাৰ আৰু বছৰ অনুসৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তথ্য লাভ কৰিব পাৰে ।

ইফালে এই পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত কয়, "উচ্চতম ন্যায়ালয় আৰু চিজেআইৰ ডিৱাই চন্দ্ৰচূড়জীৰ প্ৰশংসামূলক পদক্ষেপ । প্ৰযুক্তিৰ এনে ব্যৱহাৰে আমাৰ দেশত ন্যায় প্ৰদান ব্যৱস্থাক অধিক স্বচ্ছ আৰু খৰতকীয়া কৰিব ।"

লগতে পঢ়ক :2020 Delhi Riots Hearing : ২০২০ চনৰ দিল্লী সংঘৰ্ষ গোচৰৰ শুনানি ১৮ ছেপ্টেম্বৰলৈ স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.