নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : শুকুৰবাৰে পুৱা ৯.১৮ বজাত শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা ইঅ'এছ-০৭ উপগ্ৰহ আৰু দুটা সহযাত্ৰী পেলোড কঢ়িয়াই ইছৰোৰ দ্বিতীয়খন ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন (Small Satellite Launch Vehicle D2) উৰা মাৰে (ISROs second SSLV lifted) । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organisation, ISRO) তিনিটা উপগ্ৰহ কঢ়িয়াই নিয়া ৩৪ মিটাৰ ওখ এছএছএলভি ৰকেট উৎক্ষেপণ কৰে । ইছৰোৰ পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ (EOS-07), আমেৰিকাৰ অণ্টাৰিচৰ (Antaris) জানুছ-১ (Janus-1) আৰু চেন্নাইৰ স্পেচ কিডজ ইণ্ডিয়াৰ (Space Kidz India) আজাদডিছছেট-২ (AzaddisSat-2) শ্ৰীহৰিকোটা ৰকেট বন্দৰৰ প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা ৯.১৮ বজাত উৰা মাৰে ।
ইছৰোৱে সৰু উপগ্ৰহৰ বাবে বজাৰৰ প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি নিম্ন পৃথিৱী কক্ষপথলৈ (Low Earth Orbit, LEO) 550 কিলোগ্ৰাম বহন ক্ষমতাৰ এছএছএলভি বিকশিত কৰিছে । এছএছএলভি-ডি2-য়ে ইয়াৰ সামগ্ৰী হিচাপে মুঠ ওজন 175.2 কিঃগ্ৰাঃৰ ভিতৰত 156.3 কিলোগ্ৰাম EOS-07, 10.2 কিঃগ্ৰাঃ জানুছ-1 আৰু 8.7 কিলোগ্ৰাম আজাড্ছছেট-2 বহন কৰে । এছএছএলভি ৰকেটটোৰ সুবিধা হৈছে মহাকাশলৈ উৎক্ষেপণৰ ক্ষেত্ৰত কম ব্যয়, কম টাৰ্ণ-এৰাউণ্ড সময় (turn-around time) আৰু একাধিক উপগ্ৰহ ৰখাৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰে । লগতে ইয়াৰ উৎক্ষেপণ আন্তঃগাঁথনিও নিম্নতম ।
ইয়াক তিনিটা কঠিন প্ৰপালচন স্তৰ আৰু এটা বেগ টাৰ্মিনেল মডিউলৰ সৈতে কনফিগাৰ কৰা হৈছে । প্ৰায় 56 কোটি টকা ব্যয় হোৱা এছএছএলভি ৰকেটটো 34 মিটাৰ ওখ । আনহাতে, দুই মিটাৰ ব্যাসৰ বাহনখনৰ ভৰ 120 টন । এইকথা ইছৰোৰ সূত্ৰত প্ৰকাশ ।
শুকুৰবাৰৰ মিছন প্ৰ'ফাইলৰ বিষয়ে কোৱা হৈছে যে ইয়াৰ উৰণৰ প্ৰায় 13 মিনিটৰ ভিতৰত এছএছএলভি ৰকেটটোৱে EOS-07 উলিয়াব আৰু তাৰ পিছতে আন দুটা উপগ্ৰহ জানুছ-1 আৰু আজাডিছছেট-2 উলিয়াই দিয়া হ'ব । এইকেইটা 450 কিলোমিটাৰ উচ্চতাত উলিয়াই দিব বুলি ইছৰোৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য, ২০২২ চনৰ ৭ আগষ্টত এছএছএলভি-ডি1 নামৰ প্ৰথম উৰণটো বিফল হৈছিল । কিয়নো ৰকেটটোৱে EOS-01 আৰু AZAADISAT- এই দুয়োটা উপগ্ৰহকে ভুল কক্ষপথত ৰাখিছিল, যাৰ ফলত সেইকেইটাৰ ক্ষতি হৈছিল ।
এইবছৰ ইছৰোৰ এইটো হৈছে প্ৰথম অভিযান । ইয়াৰ বাবে চাৰে ছয় ঘণ্টা ধৰি কাউণ্ট ডাউন চলিছিল । 7 আগষ্ট, 2022 তাৰিখে এছএছএলভিৰ প্ৰথম উৰণ বিমানপথত বিচ্যুতিৰ বাবে আংশিক বিফলতা আছিল । উল্লেখ্য যে এই সৰু উৎক্ষেপণ বাহনবোৰে মহাকাশলৈ উৎক্ষেপণৰ বাবে অতি কম ব্যয় কৰে । আনহাতে, একাধিক উপগ্ৰহ ৰাখিব পৰা হয় আৰু নিম্নতম উৎক্ষেপণ আন্তঃগাঁথনিৰ প্ৰয়োজন হয় ।