নেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ : চন্দ্ৰযান-৩ৰ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন অধ্যক্ষ মাধৱন নায়াৰে কয় যে চন্দ্ৰপৃষ্ঠত অত্যাধিক শীতকো নেওচি প্ৰণালীটো পুনৰ কাৰ্যক্ষম হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।
বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰ প্ৰায় দুসপ্তাহ ধৰি শ্লীপ মোডত আছে । ফ্ৰীজাৰৰ পৰা কিবা এটা উলিয়াই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাৰ দৰে হ'ব । নায়াৰে উল্লেখ কৰা মতে সম্ভৱত তাপমাত্ৰা -১৫০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে ।
ইফালে ইছৰোৱে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞানক তেওঁলোকৰ নিৰ্ধাৰিত কামবোৰ সম্পূৰ্ণ কৰাৰ পাছত সূৰ্যৰ ৰশ্মিৰ সন্মুখীন হ'বলৈ 'শ্লীপ মোড'ৰ পৰা সক্ৰিয় কৰি তুলিবলৈ সাজু হৈছে । চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰে ২৩ আগষ্টত এক ঐতিহাসিক অৱতৰণৰ সময়ত চন্দ্ৰৰ দক্ষিণ মেৰু স্পৰ্শ কৰিছিল । ইছৰোৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে কয় যে প্ৰক্ৰিয়াটো পুনৰ কাৰ্যকৰী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।
ইমান কম তাপমাত্ৰাত বেটাৰি, ইলেক্ট্ৰনিক্স আৰু প্ৰণালী কেনেদৰে সক্ৰিয় হৈ আছে সেয়া সঁচাকৈয়ে এক চিন্তাৰ বিষয় বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে, এনে পৰিস্থিতিৰ পাছতো ই কাম কৰিব বুলি প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত পৰীক্ষা কৰা হৈছে । তেওঁ লগতে কয় যে সৌৰ তাপে সঁজুলিবোৰ গৰম কৰিব আৰু বেটাৰিবোৰ ৰিচাৰ্জ কৰিব । যদি এই দুয়োটা প্ৰক্ৰিয়া সফলতাৰে পূৰণ কৰা হয় তেন্তে প্ৰণালীটো পুনৰ কাৰ্যকৰী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি নায়াৰে দাবী কৰে ।
তেওঁ লগতে কয় যে যদি লেণ্ডাৰ আৰু ৰোভাৰ সফলতাৰে সক্ৰিয় হয় তেন্তে ই চন্দ্ৰপৃষ্ঠৰ পৰা অধিক তথ্য সংগ্ৰহ কৰাত সহায় কৰিব । এবাৰ কাম আৰম্ভ কৰিলে পৰৱৰ্তী ১৪ দিনলৈ কিছু দূৰত্ব অতিক্ৰিম কৰিব আৰু ই পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰিব পাৰে ।
ইফালে, ইছৰোৰ প্ৰাক্তন বিজ্ঞানী তপন মিশ্ৰাই কয় যে ৰোভাৰ পুনৰ সক্ৰিয় হোৱাত বিফল হ'লেও আৰু লেণ্ডাৰে কাম আৰম্ভ কৰিলেও ই এক অলৌকিক ঘটনা হ'ব । মূলতঃ চন্দ্ৰযানৰ লেণ্ডাৰ ৰোভাৰটো মাত্ৰ ১৪ দিনৰ অভিযানৰ বাবেহে ডিজাইন কৰা হৈছিল । আশা কৰা হৈছে যে তাপমাত্ৰা -১৪০ৰ পৰা -২০০ ডিগ্ৰী চেলচিয়াছলৈ তাপমাত্ৰা নামি যাব পাৰে । এই উষ্ণতাত কোনো প্লাষ্টিকৰ সামগ্ৰী বা কোনো কাৰ্বন সামগ্ৰী বা কোনো ইলেক্ট্ৰনিক্স বৰ্তি থাকিব নোৱাৰে । সেইবোৰ ফাটি যাব । কিন্তু তেওঁ আশাবাদী যে ইছৰোৱে নিশ্চয় এই ক্ষেত্ৰত কাম কৰিছে ।
লগতে পঢ়ক :ISRO Aditya L1 Mission: সূৰ্য-পৃথিৱী এল১ পইণ্টলৈ আগবাঢ়িছে আদিত্য এল১; ইছৰো