ETV Bharat / bharat

Operation Ajay: অপাৰেচন অজয়ৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ - Consul General Kobbi Shoshani

ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত কোবি শোশানীয়ে কয় যে, "ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিবলৈ 'অপাৰেচন অজয়' আৰম্ভ কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক অভিনন্দন জনাইছোঁ ।"

Operation Ajay
Operation Ajay
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:54 PM IST

নিউজ ডেস্ক, ১২ অক্টোবৰ: যুদ্ধবিধ্বস্ত ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰা ‘অপাৰেচন অজয়’ৰ পদক্ষেপক আদৰণি জনাইছে ভাৰতত থকা ইজৰাইলৰ কনছুল জেনেৰেল কোব্বি শোশানীয়ে ।

ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত হিচাপে থকা কোবি শোশানীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত কয়, "ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকক উভতাই আনিবলৈ 'অপাৰেচন অজয়' আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক অভিনন্দন জনাইছোঁ । ইজৰাইলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাগৰিক আছে ৷ আমি তেওঁলোকক বহুত ভাল পাইছিলোঁ ।"

কোবি শোশানীয়ে লগতে কয়, "ভাৰতীয় ব্যৱসায়ী সমাজক আমি বহুত ভাল পাওঁ আৰু যথেষ্ট সন্মান কৰোঁ । তেওঁলোকে আমাৰ অৰ্থনীতিত বৃহৎ পৰিমাণে অৰিহণা যোগাইছে । ভাৰতীয় নাৰ্ছ আৰু পৰিচৰ্যা লোৱাসকল আমাৰ পৰিয়ালৰ অংশ । ইজৰাইল চৰকাৰে ‘অপাৰেচন অজয়’ত ভাৰতীয় দূতাবাসক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে । আমি হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাৰ পিছত আপোনালোক সকলোকে ইজৰাইললৈ ঘূৰি আহিলে আদৰিবলৈ আগ্ৰহী । জয় হিন্দ আৰু জয় ইজৰাইল ।"

ইফালে ইজৰাইলত আবদ্ধ হৈ থকা তীৰ্থযাত্ৰীৰ এটা দল নিৰাপদে ভাৰতলৈ উভতি আহে । যুদ্ধক্ষেত্ৰৰ পৰা সুকলমে ঘূৰি অহাত সহায় কৰা বাবে ভাৰতীয় দূতাবাসক ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকে ।

ইফালে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে ইজৰাইলত হামাছৰ আক্ৰমণক সন্ত্ৰাসবাদমূলক কাৰ্যৰ দৃষ্টিৰে চাইছে ৷ এইক্ষেত্ৰত এক বিবৃতি প্ৰদান কৰিছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷

উল্লেখ্য যে, ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আৰম্ভ কৰিছে 'অপাৰেচন অজয়' । বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 'অপাৰেচন অজয়' সম্পৰ্কে অৱগত কৰে । অপাৰেচন অজয় সন্দৰ্ভত তথ্য অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে জনায় যে বৃহস্পতিবাৰে নিশাৰ ভিতৰত অতি কমেও ২৩০ জন যাত্ৰীয়ে যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখন এৰিব আৰু শুকুৰবাৰে পুৱালৈ তেওঁলোক নতুন দিল্লীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: Hamas attacked Israel: ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণক সন্ত্ৰাসবাদীৰ কাৰ্য হিচাপে গণ্য ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.