নিউজ ডেস্ক, 5 নৱেম্বৰ : ভাৰতস্থ ইজৰাইলী ৰাষ্ট্ৰদূত ৰ'ণ মালকাই শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণত আছে ৷ ইজৰাইলৰ শীৰ্ষ বিষয়াগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য পৰিভ্ৰমণ কৰিব ৷ ইতিমধ্যে অসম, মেঘালয় ভ্ৰমণ কৰা ৰাষ্ট্ৰদূতগৰাকীয়ে বুধবাৰে ত্ৰিপুৰাত উপস্থিত হয় ৷ ত্ৰিপুৰাত উপস্থিত হৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ তথ্য-প্ৰযুক্তি, উদ্যান-শস্য আৰু কৃষি খণ্ডত ইজৰাইলৰ প্ৰযুক্তি মনোনিৱেশৰ বিষয়ে উল্লেখ কৰে ৰ'ণ মালকাই ৷
ত্ৰিপুৰাত পত্নী লিয়া মালকাৰ সৈতে ত্ৰিপুৰাত উপস্থিত হোৱা ইজৰাইলী ৰাষ্ট্ৰদূত ৰ'ণ মালকাক মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ লগতে মুখ্য সচিব মনোজ কুমাৰৰ নেতৃত্বৰ এটা দলে উষ্ম আদৰণি জনায় ৷ ত্ৰিপুৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ শীৰ্ষ আমোলাসকলৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয় ইজৰাইলী ৰাষ্ট্ৰদূতগৰাকী ৷ এই আলোচনাৰ মাজতেই ৰাজ্যখনৰ কৃষি আৰু উদ্যান-শস্য বিষয়ত ইজৰাইলে অধিক মনোনিৱেশ কৰাৰ থল আছে বুলি জনায় ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ দুদিনীয়া ত্ৰিপুৰা ভ্ৰমণত ৰাষ্ট্ৰদূতগৰাকীৰ লগতে তেওঁৰ প্ৰতিনিধি দলে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শণ কৰাৰ লগতে কৃষিপাম, সংগ্ৰহালয় আৰু পৰ্যটনস্থলী পৰিদৰ্শন কৰিব ৷
লগতে পঢ়ক : সপত্নীক পবিতৰা ভ্ৰমণ ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ
মেঘালয়ত ভাৰত আৰু ইজৰাইল চৰকাৰৰ সহযোগত কৃষিখণ্ডৰ বিকাশৰ বাবে ইজৰাইলী প্ৰযুক্তিৰ সহায়ত দুটাকৈ বিশেষ কেন্দ্ৰ গঢ়ি তোলাৰ বিষয়ে মেঘালয় চৰকাৰে প্ৰকাশ কৰে ৷ ভাৰত-ইজৰাইলৰ যুটীয়া সহযোগিতাৰ ফলত কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰদুটা গঢ়ি তোলা হ'ব ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শ্বিলঙত সংবাদমাধ্যমক সদৰী কৰা অনুসৰি, পূৱ খাচী আৰু পূৱ গাৰো জিলাত 10 কোটি টকাকৈ দুটা কৃষি কেন্দ্ৰ গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে মেঘালয় চৰকাৰে ৷ ভাৰত চৰকাৰ আৰু ইজৰাইল চৰকাৰৰ যুটীয়া চুক্তি অনুসৰি দুয়োটা কেন্দ্ৰ ৰাজ্যখনত স্থাপন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী চাংমাই ৷ পূৱ খাচী জিলাৰ জংছাত এটা শাক-পাচলি কেন্দ্ৰ আৰু পূৱ গাৰো জিলাৰ ডাৱাগ্ৰেত এটা চিত্ৰা ফল কেন্দ্ৰ গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মেঘালয় চৰকাৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে এই কেন্দ্ৰসমূহ স্থাপনৰ বাবে সকলো ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ইজৰাইলী ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ ৰ'ণ মালকাই কয় যে, ইজৰাইলে শীঘ্ৰেই মেঘালয়লৈ দেশখনৰ প্ৰযুক্তিবিদৰ এটা দল প্ৰেৰণ কৰিব ৷ ভাৰত-ইজৰাইল সম্পৰ্ক অধিক ক্ষীপ্ৰতাৰে আৰু স্থায়ীভাৱে বিকাশ ঘটিছে ৷ অত্যধিক সম্ভাৱনাৰে পূৰ্ণ উত্তৰ-পূৱলৈ ইজৰাইলৰ পৰা পোনপটীয়া বিমানসেৱা আৰম্ভ কৰাৰ বিষয়েও ইজৰাইলে যোজা কৰি আছে বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ ভাৰতে ইজৰাইলৰ সৈতে যুটীয়াভাৱে প্ৰযুক্তিৰ সালসলনিৰ দ্বাৰা দেশৰ বিভিন্ন স্থানত কৃষিখণ্ডৰ কেবাটাও কেন্দ্ৰ স্থাপনৰ বাবে প্ৰকল্প হাতত লৈছে ৷ ভাৰত আৰু ইজৰাইলৰ যুটীয়া সহযোগৰ কৃষিখণ্ড আৰু উদ্যান-শস্যৰ এই প্ৰকল্প মেঘালয়ৰ কৃষকৰ বাবে 'Game changer" হিচাপে পৰিগণিত হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী চাংমাই ৷
ত্ৰিপুৰালৈ যোৱাৰ পূৰ্বেই মালকাই বুধবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষতে আজাৰত প্ৰস্তাৱিত 100 একৰ ভূমিত থকা টেক চিটী পৰিদৰ্শন কৰে ৷ ইজৰাইলী ৰাষ্ট্ৰদূতগৰাকীৰ এই ভ্ৰমণত সংগ দিয়ে তথ্য-প্ৰযুক্তি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মহন্তই কয় যে, অসমত ইজৰাইলৰ চৰকাৰে উৎপাদন খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠান আৰম্ভ কৰাৰ লগতে এই সন্দৰ্ভত গৱেষণা আৰু উন্নয়ন কৰাৰ বাবে মনোনিৱেশ কৰিব ৷ ইয়াৰ পূৰ্বে সোমবাৰে কামৰূপ জিলাৰ ক্ষেত্ৰীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰত-ইজৰাইলৰ এক যুটীয়া কৃষি বিকাশ কেন্দ্ৰৰ আধাৰশীলা স্থাপন কৰিছিল ইজৰাইলী ৰাষ্ট্ৰদূত ৰ'ণ মালকাই ৷
লগতে পঢ়ক : ক্ষেত্ৰীত স্থাপন হ'ব ভাৰত-ইজৰাইল প্ৰকল্পৰ বিশেষ কৃষি কেন্দ্ৰ