ETV Bharat / bharat

ISIS sympathiser arrested : হায়দৰাবাদত সন্ত্ৰাসবাদৰ সমৰ্থকক গ্ৰেপ্তাৰ

ISIS ৰ প্ৰতি ভাৰতৰ যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ একাংশ দুষ্টচক্ৰই চেষ্টা অব্যাহত ৰাখিছে । হায়দৰাবাদৰ তেনে এজন লোকক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে (ISIS sympathiser arrested in Hyderabad) আৰক্ষীয়ে । লোকজন হায়দৰাবাদৰ ফলকনমাৰ বাসিন্দা মহম্মদ আবুচানী । সামাজিক মাধ্যমত ভাৰতৰ যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছিল আবুচানীয়ে ।

ISIS sympathiser arrested
হায়দৰাবাদত সন্ত্ৰাসবাদৰ সমৰ্থকক গ্ৰেপ্তাৰ
author img

By

Published : Apr 3, 2022, 1:34 PM IST

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল : পুনৰ ভাৰতত সক্ৰিয় হৈছে সন্ত্ৰাসবাদী সংগঠন (ISIS in India) আইএছআইএছ (ISIS) । ভাৰতৰ যুৱক-যুৱতীসকলক যেন লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী সংগঠনটোৱে । সামাজিক মাধ্যমৰ জৰিয়তে যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সংগঠনটোৱে পৰিকল্পনা কৰিছিল ।

সংগঠনটোৰ বহুজনে সামাজিক মাধ্যমত ভাৰতৰ যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে । এইবাৰ হায়দৰাবাদৰ চাইবাৰ আৰক্ষীৰ জালত পৰিল তেনে এজন ব্যক্তি । হায়দৰাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ISIS ৰ সমৰ্থক মহম্মদ আবুচানীক (ISIS sympathiser arrested in Hyderabad) । আৰক্ষীয়ে জনোৱা মতে হায়দৰাবাদৰ ফলকনমাৰ বাসিন্দা মহম্মদ আবুচানীয়ে যোৱা কেইমাহমান ধৰি হায়দৰাবাদত ISIS ত ভৰ্তিৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছিল ।

তথ্য অনুসৰি, তেওঁ ISIS ৰ নামত সামাজিক মাধ্যমত কিছুমান পোষ্ট কৰি যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰি আহিছে । তেওঁ পূৰ্বে কেইবাবাৰো এনে কাৰ্যকলাপত জড়িত আছিল । আৰক্ষীয়ে আইপি ঠিকনাৰ (IP Address) ওপৰত ভিত্তি কৰি আবুচানীক গ্ৰেপ্তাৰ কৰিছে (Police arrested Abusani based on IP address) ।

আবুচানীয়ে ইৰাকৰ পৰা অহা নিৰ্দেশনা অনুসৰি বিশ্বজুৰি যুৱপ্ৰজন্মক জিহাদৰ বাবে আকৰ্ষিত কৰি থকা ISIS সংগঠনৰ সদস্যসকলৰ সৈতে যোগাযোগ স্থাপন কৰি আছিল । আৰক্ষীয়ে জনোৱা মতে, তেওঁ বন্ধুবৰ্গ আৰু আত্মীয়সকলক সামাজিক মাধ্যম আৰু বিশেষভাৱে নিৰ্মাণ কৰা এপৰ জৰিয়তে জিহাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভিডিঅ'বোৰ প্ৰেৰণ কৰি আছিল ।

সূত্ৰৰ মতে, তেওঁ ISIS সংগঠনৰ পৰা হাৱালাৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰি আহিছে । এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি, মহম্মদ আবুচানীক ISIS ক জনোৱা সমৰ্থনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :এইবাৰ আৰক্ষীৰ জালত আফিং খেতিৰ মাষ্টাৰমাইণ্ড আব্দুল জব্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.