ETV Bharat / bharat

বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত বিস্ফোৰণৰ আঁৰত ISI ! - parcel van

বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত বিস্ফোৰণৰ আঁৰত ISI জড়িত থকাৰ সন্দেহ । এণ্টি টেৰ'ৰিজিম স্কোৱাডৰ (ATS) এটা দলে আইএছআই (ISI)ৰ জড়িত থকাৰ বিষয়ে জানিবলৈ বিষয়টো তদন্ত কৰি আছে ।

ISI
বিহাৰৰ দৰভাঙ্গা ৰেল ষ্টেচনত সংঘটিত বিস্ফোৰণৰ আঁৰত ISI
author img

By

Published : Jun 23, 2021, 6:07 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুন : যোৱা ১৭ জুনত বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত হৈছিল এক ৰহস্যজনক বিস্ফোৰণ । ষ্টেচনত থকা এখন পাৰ্চেল ভান (parcel van) হঠাৎ বিস্ফোৰিত হৈছিল । সংঘটিত বিস্ফোৰণত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআই(ISI) জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী সংস্থাই । সূত্ৰ অনুসৰি, এণ্টি টেৰ'ৰিজিম স্কোৱাডৰ (ATS) এটা দলে আইএছআই (ISI)ৰ জড়িত থকাৰ বিষয়ে জানিবলৈ বিষয়টো তদন্ত কৰি আছে ।

দাৰভাংগাৰ চৰকাৰী ৰে’ল আৰক্ষীৰ(GRP) ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা তদন্ত দলে পিছত বিস্ফোৰণ হোৱা পাৰ্চেলটো বুক কৰা ব্যক্তিজনক চিনাক্ত কৰিবলৈ ছেকেন্দ্ৰাবাদলৈ গৈছিল । ছেকেন্দ্ৰাবাদ GRP আৰু তেলেংগানা ATS ৰ সহযোগত কমেও চাৰিজন সন্দেহজনক লোকক ইতিমধ্যে আটক কৰা হৈছে । ইফালে ছেকেন্দ্ৰাবাদত ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীৰ দলটোৱে ছেকেন্দ্ৰাবাদ-দাৰভাংগা এক্সপ্ৰেছ ৰে'লত পাৰ্চেলটো বুক কৰা সন্দেহযুক্ত মহম্মদ চুফিয়ানৰ সম্ভেদ লাভ কৰিছে ।

চুফিয়ানে ছেকেন্দ্ৰাবাদৰ পৰা দাৰভাংগালৈ বুক কৰি অনা কাপোৰৰ এটা টোপোলাত সংঘটিত হৈছিল বিস্ফোৰণটো ।

বিস্ফোৰণটো সংঘটিত হোৱা পাৰ্চেলটোত এটা কণ্টেইনাৰ পোৱা গৈছে । সন্দেহ কৰা হৈছে যে সেই কণ্টেইনাৰটোত কিছু ৰাসায়নিক পদাৰ্থ আছিল । অৱশ্যে চুফিয়ানক আটক কৰাৰ পিছতে সকলো ৰহস্য ফাদিল হ'ব । সম্প্ৰতি আৰক্ষীয়ে চুফিয়ানক আটক কৰিবলৈ এক অভিযান আৰম্ভ কৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ বিহাৰত কেইবাটাও বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ পিছতে ৰাজ্যজুৰি আৰক্ষী তথা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাসমূহে তদন্ত আৰম্ভ কৰা দেখা গৈছে । ৰাজ্যবাসীও যথেষ্ট শংকিত হৈ পৰা দেখা গৈছে ।

তথ্য অনুসৰি ৮ জুনত বিহাৰৰ বাংকা জিলাৰ এটা মছজিদৰ পিছফালে থকা এখন মাদ্ৰাছাত বিস্ফোৰণ সংঘটিত হৈছিল । ইয়াৰ তদন্ত অব্যাহত থকাৰ মাজতে, ১৭ জুনত দাৰভাংগা ৰেল ষ্টেচনৰ পাৰ্চেল ভানত আন এটা বিস্ফোৰণ সংঘটিত হয় । ইয়াৰ পিছতে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাকলৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে ।

লগতে পঢ়ক: তামিলনাডুৰ এটা চিমেণ্ট কাৰখানাত বোমা উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.