শিশুৰ বাবে ভয়াৱহ নেকি কৰ'ণা ভাইৰাছৰ "ডেল্টা" প্ৰকাৰ ? - ডাঃ জুয়ান ডুম'ইছ
কৰ'ণা ভাইৰাছ(Corona Virus)ৰ সংক্ৰমণে ভয়াৱহ সংকটৰ মাজলৈ সমগ্ৰ বিশ্বকে । ২০১৯ চনৰ শেষৰ ফালে আৰম্ভ হোৱা সংক্ৰমণে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্ৰায়বোৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিলে । ভাৰতত দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এতিয়া কৰ'ণা ভাইৰাছৰ "ডেল্টা"(Delta) প্ৰকাৰক লৈ বৃদ্ধি পাইছে শংকা । বিশেষকৈ শিশুসকলক এই "ডেল্টা"ই অধিক ক্ষতি কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈ আহিছে । শেহতীয়াকৈ বিশেষজ্ঞসকলে এই সন্দৰ্ভত আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ মতামত ।

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ: কৰ'ণা ভাইৰাছে(Corona Virus) কেনেদৰে কালৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্ববাসীকে আতংকিত কৰি তুলিছে সেয়া সৰ্বজনবিদিত । ক'ভিড-১৯ মহামাৰীয়ে জীৱশ্ৰেষ্ঠক সম্পূৰ্ণ জীৱন শৈলী সলনি কৰিবলৈ বাধ্য কৰাইছে । লাখ লাখ লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱালে । ধন বল, বাহু বল সকলোকে অসাৰ প্ৰতিপ্ৰন্ন কৰিলে কাল কৰ'ণাই ।
আনহাতে, সঘনাই সলনি হোৱা কৰ'ণা ভাইৰাছৰ প্ৰকাৰেও আতংকিত কৰিছে সকলোকে । বিশেষকৈ কৰ'ণা ভাইৰাছৰ "ডেল্টা"(Delta) প্ৰকাৰক লৈ চিন্তা বৃদ্ধি পাইছে । কিয়নো, "ডেল্টা"ই শিশুসকলক অধিক অসুস্থ কৰিব বুলি ধাৰণা কৰা হৈছিল । কিন্তু শেহতীয়াকৈ বিশেষজ্ঞসকলে জনাইছে যে, কৰ'ণা ভাইৰাছৰ আন প্ৰকাৰতকৈ "ডেল্টা"ই শিশু আৰু কিশোৰ-কিশোৰীসকলক অধিক অসুস্থ কৰিব বুলি চৰ্চিত খবৰৰ কোনো প্ৰমাণ নাই ।
অৱশ্যে, "ডেল্টা"ৰ বাবে শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে । ফ্লৰিডাৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ জনছ হপকিন্স অল চিলড্ৰেনছ হাস্পতালৰ শিশুৰ সংক্ৰামক ৰোগৰ চিকিৎসক ডাঃ জুয়ান ডুম'ইছে(Dr. Juan Dumois) কয় যে, অতি সহজে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থকা বাবে "ডেল্টা" শিশুসকলৰ বাবে এক বিপদ সদৃশ হৈ পৰিছে ।
সেয়ে, বিদ্যালয়ত মাস্ক পৰিধান কৰা আৰু টীকাকৰণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰা হৈছে । আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্স এণ্ড চিলড্ৰেনছ হাস্পতাল এছ'চিয়েচনে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এটা সপ্তাহত ২,৫০,০০০ গৰাকী শিশু মহামাৰীত আক্ৰান্ত হৈছিল ।
মহামাৰী আৰম্ভ হোৱাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ নিযুতৰো অধিক শিশুৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, বিশ্বৰ প্ৰায় ১৮০ খন দেশত "ডেল্টা"ৰ দ্বাৰা সংক্ৰমিত ৰোগী চিনাক্ত কৰা হৈছে । এওঁলোকৰ ভিতৰত অধিকাংশ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীৰ ।
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগষ্ট মাহৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে মহামাৰীত আক্ৰান্ত শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও কোনো শিশুৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা নাই । ডেল্টাৰ পৰা হোৱা সংক্ৰমণৰ বাবে শিশু আক্ৰান্ত হোৱাৰ সংখ্যা বৃ্দ্ধি পাইছে যদিও অধিকাংশ শিশুৰ দেহত ৰোগৰ সাধাৰণ লক্ষণহে দেখা পোৱা গৈছে । গতিকে অধিক শিশু আক্ৰান্ত হোৱাটোৱে এয়া প্ৰমাণিত নকৰে যে, শিশুসকলক "ডেল্টা"ই জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব ।