ETV Bharat / bharat

Gujarat Election: বিজয় নে আসনৰ নতুন অভিলেখ ? মোদীৰ গুজৰাটত বিজেপিয়ে কি বিচাৰে - Vijay Rupani

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ আক্ৰমণাত্মক প্ৰচাৰে হয়তো এনে ধাৰণা দিছে যে দলটো গুজৰাটত একেৰাহে সপ্তমবাৰৰ বাবে জয়ৰ বাবে আগ্ৰহী । অৱশ্যে গুজৰাটৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে প্ৰতিষ্ঠান-বিৰোধী কাৰকৰ বাবে এক বৃহৎ লোকচানৰ আশংকা কৰা হৈছে । আনহাতে, বিসম্বাদী বিধায়ক আৰু কিছু আসনত বিদ্ৰোহীৰ উত্থানে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰা দেখা গৈছে (Election campaign by BJP in Gujarat) ।

Modi
Modi
author img

By

Published : Nov 22, 2022, 4:08 PM IST

বিশেষ প্ৰতিবেদন : দেশৰ ভিতৰতে বিধানসভাৰ হাইপ্ৰফাইল নিৰ্বাচন হিচাবে চৰ্চিত গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত (Gujarat Assembly Election 2022) । ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো দেশৰ শাসনৰ বাঘজৰী হাতত থকা দুই প্ৰধান ৰাজনীতিক নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi) আৰু অমিত শ্বাহৰ (Home Minister Amit Shah) গৃহজিলা হৈছে গুজৰাট ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ আক্ৰমণাত্মক প্ৰচাৰে হয়তো এনে ধাৰণা দিছে যে দলটো গুজৰাটত একেৰাহে সপ্তমবাৰৰ বাবে জয়ৰ বাবে আগ্ৰহী । অৱশ্যে গুজৰাটৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে প্ৰতিষ্ঠান-বিৰোধী কাৰকৰ বাবে এক বৃহৎ লোকচানৰ আশংকা কৰা হৈছে । আনহাতে, বিসম্বাদী বিধায়ক আৰু কিছু আসনত বিদ্ৰোহীৰ উত্থানে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰা দেখা গৈছে (Election campaign by BJP in Gujarat) ।

কিন্তু তৃণমূলৰ সমীক্ষা, আনকি বিজেপিৰ প্ৰতিদ্বন্দ্বীসকলৰ দ্বাৰা কৰা সমীক্ষাতো মোদীৰ দল পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ সম্ভাৱনাক লৈ চিন্তিত নহয় । বৰঞ্চ মোদীয়ে বিচাৰে যে বিজেপিয়ে আসনৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িব- ঠিক যেনেদৰে কংগ্ৰেছে ১৯৮৫ চনত মাধৱসিং চোলাঙ্কিৰ নেতৃত্বত কৰিছিল । সেই বছৰ কংগ্ৰেছে গুজৰাট বিধানসভাৰ মুঠ 182 খন আসনৰ ভিতৰত 149 খন আসন লাভ কৰিছিল ।

মোদীয়ে বিজেপিৰ ৰেংক আৰু অভিলেখৰ বাবে ১৫০ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বুজা যায় । অৱশ্যে তেওঁৰ ছেকেণ্ড-ইন-কমাণ্ড অমিত শ্বাহে বিশ্বাস কৰে যে বাস্তৱিক ক্ষেত্ৰত ১৩০ খন আসন জিকিব পাৰি । কিন্তু মোদীৰ ৰেকৰ্ড স্থাপনৰ আসক্তি কিয় বুলি প্ৰশ্ন উত্থাপন হ'ব পাৰে । মোদীয়ে বিশ্বাস কৰে যে বিজেপিয়ে ইয়াৰ সকলো সমালোচকক দেখুৱাব লাগিব যে আনকি অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) অধীনত আম আদমী পাৰ্টীৰ (Aam Aadmi Party, AAP) দৰে নতুন দলে বৃহৎ পৰিমাণৰ বিনামূলীয়া সেৱা প্ৰদানৰ ঘোষণাৰে ৰাজ্যখনত ৰাজনৈতিক চিত্ৰপট সলনি কৰিব বিচাৰিছে যদিও গুজৰাটৰ ওপৰত ইয়াৰ প্ৰভাৱে কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি নকৰে ।

বিজেপিৰ পৰিচালকসকলে বিশ্বাস কৰে যে মোদীয়ে বিচাৰে যে বিজেপিয়ে দুটা কাৰকৰ সুবিধা লওক : দুমাহ আগতে যথেষ্ট চালনা আৰু উৎসাহেৰে ৰাজ্যখনত আত্মপ্ৰকাশ ঘটা আপে সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ এলেকাত ইয়াৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণাৰ পিছতে কিছু বেকফুটলৈ গৈছে । কিয়নো তেওঁলোকৰ বেছিভাগে অজ্ঞাত মুখ ।

দ্বিতীয়তে, আপৰ মনোনীত প্ৰাৰ্থীসকলৰ সফলতা কংগ্ৰেছৰ মূল্যৰ বিনিময়ত হ'ব । যিয়ে ২০১৭ চনত অনুষ্ঠিত বিগত বিধানসভা নিৰ্বাচনৰ অভিযানৰ পুনৰাবৃত্তি কৰিবলৈ অক্ষম হোৱা দেখা গৈছে । উল্লেখ্য, সেই সময়ত বিজেপিৰ সংখ্যা মাত্ৰ ৯৯-তে সীমিত হৈছিল, যিটো ২৭ বছৰ আগতে শাসনলৈ অহাৰ পিছত বিজেপিয়ে লাভ কৰা আসনৰ সৰ্বনিম্ন সংখ্যা ।

আনকি বিৰোধী নেতাসকলে কৰা বিশ্লেষণৰ দৰে, গুজৰাটত এনে এক যুঁজ দেখা গৈছে য'ত মোদীৰ বাবে পূৰ্বৰ দৰে প্ৰতিষ্ঠান-সমৰ্থক ঢৌ জড়িত আছে আৰু ইয়াৰ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কসকলে প্ৰতিনিধিত্ব কৰা বিজেপি প্ৰতিষ্ঠানৰ বৰ্তমানৰ দলটোৰ বিৰুদ্ধে এক গভীৰ সোঁত তলে তলে বৈ আছে (undercurrent) ।

২০০১-ৰ পৰা ২০১৪ চনৰ ভিতৰত মুখ্যমন্ত্ৰী হিচাবে গুজৰাটৰ জনসাধাৰণৰ মাজত মোদী যথেষ্ট জনপ্ৰিয় ব্যক্তি । কিন্তু মোদীৰ উত্তৰাধিকাৰী আনন্দিবেন পেটেল (Anandibhen Patel), যি বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু বিজয় ৰুপানীয়ে (Vijay Rupani) ২০১৭ চনত সেই ধাৰা অব্যাহত ৰাখিব পৰা নাছিল । বিশেষকৈ সংৰক্ষণৰ বাবে পেটেল সম্প্ৰদায়ৰ আন্দোলনৰ পিছত বিজেপিৰ সম্ভাৱনাক আঘাত কৰিছিল আৰু শাসনৰ মানদণ্ডৰ প্ৰতি বিৰক্তি উপজিছিল ।

অৱশ্যে, ভোটাৰসকলৰ প্ৰতি মোদীৰ ব্যক্তিগত আবেদনে নিশ্চিতভাৱে বিজেপিক ইয়াৰ ত্ৰুটিবোৰ দূৰ কৰাত সহায় কৰিছে । সেয়েহে মোদীয়ে ৬ নৱেম্বৰত নিৰ্বাচনমুখী গুজৰাটত তেওঁৰ প্ৰথম নিৰ্বাচনী জনসভাত এটা নতুন শ্লোগান প্ৰস্তুত কৰিছিল : "আ গুজৰাট, মাই ভানবৌ ছে (মই এই গুজৰাট তৈয়াৰ কৰিছোঁ) । তেওঁ বিৰোধীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই বিজেপিৰ বাবে এক বৃহৎ বিজয়ৰ ভৱিষ্যদ্বাণী কৰি কয় যে ঘৃণা বিয়পোৱা আৰু গুজৰাটক বদনাম কৰা শক্তিবোৰক ৰাজ্যৰ পৰা উলিয়াই দিয়া হ'ব ।

হিমাচল প্ৰদেশৰ দৰে গুজৰাটতো মোদীয়ে প্ৰচাৰ কৰে, "মনত ৰাখিব, বিজেপিৰ প্ৰাৰ্থী কোন ? আপুনি কাকো মনত ৰাখিব নালাগে । কেৱল পদুমটো মনত ৰাখিব... যদি আপুনি ভোট দান কৰোঁতে 'কমল কা ফুল' দেখে, বুজিব যে এয়া হৈছে বিজেপি, এয়া হৈছে মোদী যি আপোনাৰ ওচৰলৈ আহিছে । 'কমল কা ফুল'ৰ বাবে আপোনাৰ প্ৰতিটো ভোট আশীৰ্বাদ হিচাপে পোনপটীয়াকৈ মোদীৰ একাউণ্টলৈ আহিব ।"

কেৱল সেয়াই নহয়, মোদীয়ে প্ৰতিটো নিৰ্বাচনী জনসভাত এইটোত গুৰুত্ব আৰোপ কৰে যে ভোটদানৰ দিনা জনসাধাৰণে বৃহৎ সংখ্যাত উপস্থিত হ'ব লাগিব আৰু ৰাজ্যিক নিৰ্বাচনত ভোটদানৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙিব লাগিব । "এই নিৰ্বাচনত, মই বিচাৰোঁ যে ভোটদানৰ দিনা মানুহে তেওঁলোকৰ নিজ নিজ ভোটকেন্দ্ৰত বৃহৎ সংখ্যাত উপস্থিত হওক আৰু ভোটদানৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰক । মই কোৱা নাই যে আপুনি কেৱল বিজেপিক ভোট দিব লাগে । কেৱল নিশ্চিত কৰক যে প্ৰত্যেক নাগৰিকে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰে যেন । এয়া সকলোৰে প্ৰতি মোৰ আবেদন ।" মোডীয়ে তেওঁৰ ভাষণত কয় ।

আনহাতে, মোদীয়ে ভোটাৰসকলক আন এটা কথা কৈছে যে "নিশ্চিত কৰক যে বিজেপিয়ে ইয়াত প্ৰতিটো বুথ জিকিব । আপোনালোকে এইটো মোৰ বাবে নকৰিবনে ? এইবাৰ মোৰ লক্ষ্য হৈছে ইয়াত থকা সকলো ভোটকেন্দ্ৰ জয় কৰা । যদি আপুনি মোক এইটো লাভ কৰাত সহায় কৰে, তেন্তে বিজেপি প্ৰাৰ্থীসকলে স্বয়ংক্ৰিয়ভাৱে গান্ধীনগৰৰ বিধানসভাত উপস্থিত হ'ব ।

মোদীয়ে কৈছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ কৃতিত্বৰ প্ৰতি আপত্তি নাই । "মই নিশ্চিত কৰিব বিচাৰোঁ যে ভূপেন্দ্ৰই (পেটেল) নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰক । ইয়াৰ অৰ্থ হ'ব যে মই দিল্লীত মোৰ কাম কৰিবলৈ উভতি যাব পাৰোঁ । আমি সকলোৱে গুজৰাট আৰু দেশক উন্নয়নৰ পথত আগুৱাই নিয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।"

এটা কথা উল্লখ কৰিব লাগিব যে বহুতো ভোটাৰ হয়তো বিকল্পৰ সন্ধানত থাকিব পাৰে । কিন্তু বিৰোধীৰ অৱস্থাই সেই আত্মবিশ্বাস প্ৰেৰণ নকৰে । কেজৰিৱাল এক পৰীক্ষা নকৰা ৰাজনৈতিক সত্তা হৈ আছে আৰু কংগ্ৰেছে প্ৰয়াত আহমেদ পেটেলৰ দৰে ৰণনীতিবিদসকলৰ অভাৱ বহু বেছিকৈ অনুভৱ কৰিব ।

২০২১ চনৰ ছেপ্টেম্বৰত মোদীয়ে গুজৰাটত এক গুৰুত্বপূৰ্ণ সংশোধনমূলক সিদ্ধান্ত হাতত লৈছিল । তেওঁ অপ্ৰিয় মুখ্যমন্ত্ৰী বিজয় ৰুপানিক স্থানচ্যুত কৰিছিল, যাক অমিত শ্বাহে নিযুক্তি দিয়া বুলি জনা গৈছিল । তেওঁৰ স্থান লৈছিল ভূপেন্দ্ৰ পেটেলে (Gujarat CM Bhupendra Patel) । ৰূপাণীৰ সৈতে মন্ত্ৰী হৈ থকা কেইবাখনো পুৰণি মুখক বৰ্খাস্ত কৰা হৈছিল । তেওঁলোকক এই বছৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিবলৈও অস্বীকাৰ কৰা হৈছে ।

ইয়াৰ অৰ্থ হৈছে পেটেল সম্প্ৰদায়ৰ সমৰ্থন পুনৰ লাভ কৰাৰ প্ৰচেষ্টা, যিয়ে 2017 চনৰ নিৰ্বাচনত বিজেপিক শ'লঠেকত পেলাইছিল । এই বছৰৰ নিৰ্বাচনত বিজেপি নিশ্চিত যে পেটেল বা পাতিদাৰসকল তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে আছে, যিদৰে তেওঁলোক আগতে আছিল । যুৱকসকলৰ নেতৃত্বত কোটা আন্দোলন আৰম্ভ কৰাৰ আগতেই হাৰ্দিক পেটেলক দলত অন্তৰ্ভুক্ত কৰা হয় । কংগ্ৰেছত কাম কৰাৰ পিছত বৰ্তমান তেওঁ বিজেপিত আছে ।

পেটেল সম্প্ৰদায়ৰ উপৰি, মোদীয়ে বিজেপি নেতাসকলক আদিবাসী বেল্টত তীব্ৰভাৱে কাম কৰিবলৈ দিছে যাতে সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটত হোৱা লোকচানৰ ক্ষতিপূৰণৰ বাবে দলটোৱে সৰ্বাধিক সংখ্যক আসন লাভ কৰে ।

মোদী অতি আত্মবিশ্বাসী যে গুজৰাটৰ মানুহে তেওঁক হতাশ নকৰে । সকলো ৰেলীতে মোদীয়ে তেওঁৰ মুখ্যমন্ত্ৰিত্বত গুজৰাটলৈ অনা সকলো বস্তুৰ তালিকা প্ৰকাশ কৰে । নৰ্মদা বান্ধ সম্পূৰ্ণ হোৱাৰ পৰা ৰাজ্যখনৰ পানীৰ অভাৱ থকা অংশসমূহলৈ পানী অনাৰ পৰা প্ৰতিটো খণ্ডত বহুতো নতুন প্ৰকল্প আৰম্ভ কৰালৈকে সকলো ৰাইজৰ আগত প্ৰকাশ কৰে ।

যদি গুজৰাটত বিজেপি পুনৰ জয়ী হয়, তেন্তে ই ইতিহাস সৃষ্টি কৰিব । বিজেপিয়ে গুজৰাটত একেৰাহে ছয়বাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে- 1995, 1998, 2002, 2007, 2012 আৰু 2017-ত। বিজেপিৰ সৰ্বোচ্চ প্ৰদৰ্শন আছিল মোদীৰ অধীনত ডিচেম্বৰ, 2002-ৰ নিৰ্বাচনত । সেই বছৰ দলটোৱে ৰাজ্যখনৰ মুঠ 182 খন আসনৰ ভিতৰত 127 খন আসন লাভ কৰিছিল । ইয়াৰ বিপৰীতে 2017 চনত এই সংখ্যা 99 লৈ হ্ৰাস পাইছিল । আনহাতে, কংগ্ৰেছে সেইবাৰ 77 খন লাভ কৰিবলৈ সক্ষম হয় ।

২০২২ চনত কংগ্ৰেছৰ প্ৰায় বেলি মাৰ যোৱাৰ দৰে অৱস্থাৰ ফলত দলটোৰ সমৰ্থকসকল হতাশ হৈছে । এজন ৰাজনৈতিক ভাষ্যকাৰে কোৱাৰ দৰে, "জনসাধাৰণৰ মাজত কংগ্ৰেছৰ প্ৰতি যথেষ্ট সমৰ্থন আছে- কিন্তু কংগ্ৰেছ নেতাসকলে নিজেই সেই প্ৰত্যাশা পূৰণ কৰিবলৈ চেষ্টা কৰা নাই ।"

(বিঃদ্ৰঃ এই প্ৰতিবেদনৰ লেখক শেখৰ আয়াৰ হৈছে হিন্দুস্তান কাকতৰ এজন প্ৰাক্তন জ্যেষ্ঠ সহযোগী সম্পাদক । ইয়াৰ পূৰ্বে তেওঁ টাইমছ আৰু ডেক্কান হেৰাল্ড, বিজনেছ ষ্টেণ্ডাৰ্ড, দ্য ইণ্ডিপেণ্ডেণ্ট আৰু ইউনাইটেড নিউজ অব ইণ্ডিয়াৰ (ইউএনআই) সৈতে কাম কৰিছিল । তেওঁ ভাৰতৰ মুখ্য ইংৰাজী দৈনিক কাকতসমূহৰ বাবে ৰাজনৈতিক বিশ্লেষণ আৰু মতামত লিখিছে । তেওঁ মুখ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ত টিভিৰ বিতৰ্কবোৰত উপস্থিত থাকে ।)

লগতে পঢ়ক :Rozgar Mela 2022: ৭১ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.