ETV Bharat / bharat

Jaundice: সজাগতাৰ অভাৱ আৰু জৰা-ফুকাই প্ৰসাৰ ঘটাইছে নেকি জণ্ডিচৰ

author img

By

Published : Dec 14, 2022, 5:27 PM IST

নেশ্যনেল ইনষ্টিটিউট অৱ কমিউনিকেবল ডিজিজ (NICD) য়ে কৰা অধ্যয়নৰ তথ্য অনুসৰি ভাৰতত জণ্ডিচ জনস্বাস্থ্যৰ এক প্ৰধান সমস্যা । কিন্তু সজাগতাৰ অভাৱত যিকোনো ৰোগে মাৰাত্মক হ’ব পাৰে ।

Is lack of awareness and exorcism promoting jaundice
সজাগতাৰ অভাৱ আৰু জৰা-ফুকাই প্ৰসাৰ ঘটাইছে নেকি জণ্ডিচৰ

বৰ্তমান সময়ত জণ্ডিচক(Jaundice) সাধাৰণ ৰোগ বুলি গণ্য কৰা হয় । তেজ আৰু শৰীৰৰ কোষকলাত বিলিৰুবিন নামৰ পদাৰ্থ জমা হোৱাৰ ফলত হয় । বিলিৰুবিনৰ তেজৰ পৰা যকৃতলৈ আৰু শৰীৰৰ বাহিৰলৈ যোৱাত বাধাৰ সৃষ্টি কৰা যিকোনো অৱস্থাই জণ্ডিচ হ’ব পাৰে । বিলিৰুবিন হৈছে হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ, যিটো যকৃতৰ মৃত ৰক্তকণিকা (RBC) ভাঙি গঢ় লৈ উঠে । জণ্ডিচৰ লক্ষণসমূহ(Symptoms of jaundice) মূলতঃ চকু আৰু শৰীৰৰ ছাল হালধীয়া হোৱা, শৰীৰত খজুৱতি হোৱা ।

নেশ্যনেল ইনষ্টিটিউট অৱ কমিউনিকেবল ডিজিজ (National Institute of Communicable Diseases, NICD)য়ে কৰা অধ্যয়নে দেখুৱাইছে যে, জণ্ডিচ ভাৰতৰ এটা প্ৰধান সমস্যা । কিন্তু সাধাৰণতে সজাগতাৰ অভাৱত যিকোনো ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । জণ্ডিচৰ প্ৰেক্ষাপটত আজি জণ্ডিচে সাধাৰণতে প্ৰতিটো বয়সৰ আৰু প্ৰতিটো শ্ৰেণীৰ লোকক নিজৰ নিয়ন্ত্ৰণত লৈ গৈছে(jaundice causes) ।

  • সজাগতাৰ অভাৱ

সজাগতাৰ অভাৱত জণ্ডিচে পাহাৰীয়া অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে । জণ্ডিচ হ’লে গ্ৰাম্য জনগোষ্ঠীসমূহে চিকিৎসালয়লৈ নাযায় আৰু ওচৰৰ জৰা-ফুকাৰ ওপৰত নিৰ্ভৰশীল । কেৱল এয়াই নহয়, এনে নিৰ্ভৰশীলতা শিক্ষিত লোকৰ ক্ষেত্ৰতো দেখা যায়, যিসকলে চহৰত থাকিও জৰা-ফুকাৰ আশ্ৰয় লয়(Exorcism promoting jaundice) ৷

  • নিচাজাতীয় দ্ৰব্যৰ কবলত পাহাৰীয়া সম্প্ৰদায়

অত্যধিক মদ্যপান আৰু নিচাজাতীয় দ্ৰব্যৰ(Excessive alcohol and drugs) ফলত যকৃতৰ ক্ষতি হোৱাৰ বাবে পাহাৰীয়া সম্প্ৰদায়ত ড্ৰাগছ সেৱন জণ্ডিচৰ এটা প্ৰধান কাৰণ হৈ পৰিছে । প্ৰায় ৬০ শতাংশ পুৰুষ ড্ৰাগছ আসক্ত আৰু ৰাজ্যত অধিকাংশ মৃত্যুৰ কাৰণ হৈছে জণ্ডিচৰ সময়ত সুৰা সেৱন ।

  • খাদ্যৰ বিশেষ যত্ন লওক

২০২২ চনৰ এই অধ্যয়ন অনুসৰি প্ৰতিদিনে ৩ কাপতকৈ অধিক কফি সেৱন কৰা লোকৰ যকৃত সুস্থ হোৱা দেখা গৈছে । কিন্তু যেতিয়া গৱেষকসকলে এই ঘটনাটোৰ গভীৰতালৈ গ’ল, তেতিয়া তেওঁলোকে দেখিলে যে এই ফলাফলসমূহ কফিত থকা কেফেইনৰ বাবে নহয় । একেদৰে ২০২২ চনৰ এক অধ্যয়নত দেখা গৈছে যে, সেউজীয়া চাহ অৰ্থাৎ গ্ৰীণ টি সেৱন কৰাটোও যকৃতৰ বাবে অতি উপকাৰী(jaundice treatment for adults) । ইয়াৰ লগতে আঁহযুক্ত ফল-মূল আৰু তৰল পদাৰ্থ খোৱাটোও যকৃতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হয়(jaundice treatment) ।

লগতে পঢ়ক: Muscular Strength: এটা ঈৰ্ষণীয় শৰীৰৰ গৰাকী হ'ব পাৰিব আপুনিও, মানি চলক এইসমূহ টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.