ETV Bharat / bharat

ওড়িশাত অনলাইন জুৱাৰ ঘাটি উৎখাত : 27 লাখ নগদ ধন জব্দ - আই পি এল জুৱাৰ ঘাটি উৎখাত

শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে ওড়িশা আৰক্ষীৰ জালত অনলাইন জুৱাৰ এক বৃহৎ চক্ৰ ।

Gamblers Arrested
ওড়িশাত অনলাইন জুৱাৰ ঘাটি উৎখাত
author img

By

Published : Oct 17, 2021, 2:04 PM IST

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ : আই পি এল জুৱাৰ বিৰুদ্ধে ওড়িশা আৰক্ষীৰ বৃহৎ অভিযান । শনিবাৰে এক অভিযানৰ সময়ত আই পি এল জুৱাৰ ঘাটি উৎখাত কৰে । ৰাজ্যখনৰ মালকানগিৰি চহৰত আৰক্ষীয়ে এই অভিযান চলাই চাৰিজন আটক কৰাৰ লগতে 27 লাখ টকা জব্দ কৰে ।

মালকানগিৰিৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, চাৰিজন বুকীয়ে এই জুৱা চলাই থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । তাৰ পাছতে তেওঁলোকৰ ঘৰত অভিযান চলাই ৯ লাখ টকা উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত অনলাইন লেনদেনৰ বাবে ব্যৱহৃত বেংক একাউণ্টত থকা ১৮ লাখ টকা লাভ কৰে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও আৰক্ষীয়ে দলটোৰ পৰা সাতটা ম'বাইল, এটিএম কাৰ্ড, বেংকৰ পাছবুক আৰু অন্যান্য নথিপত্ৰ জব্দ কৰে ।

আৰক্ষীয়ে জনোৱা মতে ছত্তিশগড়ৰ এগৰাকী লোকৰ নেতৃত্বত অনলাইন জুৱা চলাই আছিল যুৱকৰ দলটোৱে । ইতিমধ্যে পঞ্চমগৰাকী অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : কিশোৰী ধৰ্ষণৰ অভিযোগত ৰাজনৈতিক নেতাসহ 7 জনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.