নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: এপল iPhone 14 ফিচাৰ ‘Emergency SOS via satellite’য়ে গ্ৰাম্যাঞ্চলত আৱদ্ধ হৈ পৰা এজন আমেৰিকান ব্যক্তিৰ জীৱন ৰক্ষা কৰে । ইয়াৰ উপযোগিতা বুজি পোৱাৰ পিছত আৰু অধিক দেশত ইয়াক আৰম্ভ কৰিবলৈ ওলাইছে । বৰ্তমান উত্তৰ আমেৰিকাত উপগ্ৰহৰ সংযোগ উপলব্ধ আৰু কোম্পানীটোৱে অতি শীঘ্ৰেই ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড আৰু ব্ৰিটেইনলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ গৈ আছে(iPhone14 Emergency SOS via satellite rescues US man) ।
iOS 16.1ৰ জৰিয়তে এপলে Satelliteৰ জৰিয়তে Emergency SOS প্ৰৱৰ্তন কৰে, যাৰ ফলত iPhone 14ৰ মালিকসকলে চেলুলাৰ বা Wifi সংযোগ অবিহনেও জৰুৰীকালীন সেৱাৰ সৈতে যোগাযোগ কৰিব পাৰে । জৰুৰীকালীন পৰিস্থিতি এই সেৱাৰ সহায় ল’ব পৰা যায় ।
MacRumorsৰ মতে, আলাস্কা ষ্টেট ট্ৰুপাৰছে ১ ডিচেম্বৰত সতৰ্কবাণী লাভ কৰিছিল যে নুৰভিকৰ পৰা কোটজেবুলৈ স্নো মেচিনত যাত্ৰা কৰা এজন ব্যক্তি আৱদ্ধ হৈ আছে । কোনো সংযোগ নথকা ঠাণ্ডা, দূৰৱৰ্তী স্থানত লোকজনে নিজৰ আইফোন ১৪ত চেটেলাইটৰ জৰিয়তে ইমাৰ্জেন্সি এছ অ’ এছ সক্ৰিয় কৰি কৰ্তৃপক্ষক নিজৰ পৰিস্থিতিৰ বিষয়ে সতৰ্ক কৰি দিয়ে ।
![iPhone 14 Emergency SOS via satellite rescues US man](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17100084_ios-16-iphone-14-pro-emergency-sos-connected-to-satellite.png)
এপলৰ জৰুৰীকালীন সঁহাৰি কেন্দ্ৰই স্থানীয় অনুসন্ধান আৰু উদ্ধাৰকাৰী দলৰ সৈতে স্বেচ্ছাসেৱী অনুসন্ধানকাৰীসকলক পোনপটীয়াকৈ জৰুৰীকালীন কাৰ্য ব্যৱহাৰ কৰি এপললৈ ৰিলে কৰা এছ অ’ এছ স্থানাংকলৈ প্ৰেৰণ কৰে । প্রতিবেদন অনুসৰি সফলভাৱে উদ্ধাৰ কৰা লোকৰ ভিতৰত কোনো লোক আহত হোৱা নাই ৷
এপলে কয় যে, Noorvik আৰু Kotzebueয়ে 69AO latitudeৰ ওচৰত থাকিলেও 69AO latitudeৰ ওপৰৰ স্থানত উপগ্ৰহৰ সংযোগ উপলব্ধ নহ’বও পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
বিগত মাহত এপলে প্ৰকাশ কৰিছিল যে, iPhone 14 মডেলৰ বাবে চেটেলাইটৰ জৰিয়তে জৰুৰীকালীন SOS সমৰ্থন কৰা জটিল আন্তঃগাঁথনি বিকশিত কৰাত ৪৫ কোটি ডলাৰ বিনিয়োগ কৰিছে । বৰ্তমান উত্তৰ আমেৰিকাত উপগ্ৰহৰ সংযোগ উপলব্ধ আছে আৰু কোম্পানীটোৱে অতি শীঘ্ৰে ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড আৰু ব্ৰিটেইনলৈ ইয়াক সম্প্ৰসাৰণ কৰিব ।
লগতে পঢ়ক: Online Gaming: অনলাইন গেমিঙক লৈ নতুন নিয়ম জাৰি কৰিব মোডী চৰকাৰে