ETV Bharat / bharat

আইপিএফটিয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

author img

By

Published : Mar 7, 2021, 10:39 PM IST

চমু চাপিছে টিটিএএডিচি ৰ নিৰ্বাচনৰ দিন ৷ মিত্ৰতাক লৈ এতিয়াও অনিশ্চয়তাত মুখ্য ৰাজনৈতিক দল সমূহ ৷ দেওবাৰে আইপিএফটিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ৷ 28 খন আসনৰ ভিতৰত 18 খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে আইপিএফটিয়ে ৷

ipft releases its first candidate list
আইপিএফটিয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

ত্ৰিপুৰা, 7 মাৰ্চ: ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নোমাছ ডিষ্ট্ৰিক কাউঞ্চিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক সমীকৰণে এক নতুন গতি লোৱাৰ লগতে আইপিএফটি আৰু বিজেপিৰ সাম্ভাৱ্য মিত্ৰতা তথা আইপিএফটি আৰু টিআইপিআৰএ ৰ মাজৰ মিত্ৰতাৰ বিষয়টোত এতিয়াও অনিশ্চয়তাই বিৰাজ কৰিছে ৷

দেওবাৰে আইপিএফটিয়ে 28 খন আসনৰ ভিতৰত 18 খন আসনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছতে সমগ্ৰ দৃশ্যপট আৰু অধিক অস্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে ৷ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলেও আইপিএফটিৰ নেতা সকলে জনাইছে যে, কোনো দলে যদি ইচ্ছা প্ৰকাশ কৰে তেন্তে পূৰ্ব নিৰ্বাচনী বুজা পৰাৰ বাবে তেওঁলোক সাজু আছে ৷

কিন্তু, নিৰ্বাচনী বুজা পৰাৰ বাবে আইপিএফটি সাজু আছে বুলি জনালেও দেখা গৈছে যে, বিজেপি আৰু টিআইপিআৰএ কোনোটো দলেই ইমান কম সংখ্যক আসনৰ বুজাপৰাৰ মাজেৰে মিত্ৰতা কৰিবলৈ ইচ্ছুক নহয় ৷ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আইপিএফটিৰ এন চি দেৱবৰ্মাই কয় যে, "আমাৰ দুৱাৰ খোলা আছে ৷ এটা বন্ধুত্বপূৰ্ণ দল হৈ আমি কাকো আঘাত নকৰো। যদি কোনোবাই আমাৰ চৰ্তাৱলীৰ ওপৰত সন্মত হয়, মিত্ৰতা এতিয়াও সম্ভৱ" ৷ তেঁও লগতে এই কথাও জানিবলৈ দিয়ে যে, বাকী থকা প্ৰাৰ্থীৰ তালিকা দলৰ নিৰ্বাচন সমিতিৰ স্বীকৃতিৰ পাছতে প্ৰকাশ কৰা হ'ব ৷

লগতে পঢ়ক: সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন: বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.