ETV Bharat / bharat

Mumbai international kids modelling competition: মুম্বাইত জিলিকিল গোলাঘাটৰ ৰিমঝিম

author img

By

Published : Dec 15, 2022, 3:45 PM IST

মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য্য আৰু নৃত্য প্ৰতিযোগিতাত জিলিকিছে এগৰাকী অসমকন্যা ৷ মুম্বাইত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝিম হুছেইন বৰুৱাই ৷ ৰিমঝিম হুছেইন বৰুৱাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷

Mumbai international kids modelling competition
মুম্বাইৰ সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন গোলাঘাটৰ ৰিমঝিম হুছেইন বৰুৱাৰ

গোলাঘাট, 15 ডিচেম্বৰ: আকৌ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম তনয়া ৷ মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য্য আৰু নৃত্য প্ৰতিযোগিতাত উজলিছে এগৰাকী অসমকন্যা ৷ মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য্য আৰু নৃত্য প্ৰতিযোগিতাত(Mumbai international kids fashion and dance competition) বিজয়ী খিতাপ অৰ্জন গোলাঘাট জিলাৰ বামবৰাহী গাঁৱৰ কণমানি ৰিমঝিম হুছেইন বৰুৱাৰ(Rimjhim hossain baruah) ৷

উল্লেখ্য যে বিগত 2,4 আৰু 5 ডিচেম্বৰত স্বাস্বতী নয়ন মিলন ডান্স একাডেমীয়ে মুম্বাইত অনুষ্ঠিত কৰিছিল এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ৷ যি প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি বিজয়ীj মুকুট আজুৰি আনিলে গোলাঘাটৰ ৰিমঝিমে হুছেইন বৰুৱাই ৷ গোলাঘাট জিলাৰ বামবৰাহী গাঁৱৰ বিকাশ হুছেইন বৰুৱা আৰু আছিফা বেগমৰ কন্যা সন্তান ৬ বছৰীয়া ৰিমঝিম হুছেইন বৰুৱা ৷

কণমানি ৰিমঝিমৰ এই সফতাই কঢ়িয়াই আনিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱ ৷ উল্লেখ্য যে গোলাঘাট জিলাৰ মণিকাঞ্চন ক'লা নিকেতনে আয়োজন কৰা শিশু সৌন্দৰ্য প্ৰতিযোগিতাত ফাষ্ট ৰানাৰ্চ আপ হৈ সৌন্দৰ্য প্ৰতিযোগিতাৰ জগতখনত প্ৰথম খোজ দিছিল ৰিমঝিম হুছেইন বৰুৱাই ।

ইয়াৰ পিছত পৰ্যায়ক্ৰমে গোলাঘাট নৰ্থ ইষ্ট বিজয়ী খিতাপ, যোৰহাট ফাষ্ট ৰানাৰ্চ আপ, ডিব্ৰুগড় ব্ৰেণ্ড এম্বেচাদৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল ৰিমঝিমে ৷ ৰিমঝিমৰ এই সফলতাত ফৰকাটিং বামবৰাহী গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হোৱাৰ লগতে বোৱাই আনিছে আনন্দৰ বন্যা ৷

উল্লেখ্য যে, বৰ্তমান প্ৰথম শ্ৰেণীত অধ্যয়নৰত ৰিমঝিম হুছেইন বৰুৱা ৷ মুম্বাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ লোৱা মুঠ 80গৰাকী প্ৰতিযোগীৰ ভিতৰত বিজয়ী হ’বলৈ সক্ষম হৈছে ৰিমঝিম ৷ ৰিমঝিমৰ এই সফলতাৰ বাবে প্ৰশিক্ষক গগন চন্দ্ৰ নাথক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন আত্মীয়ৰ ৷

লগতে পঢ়ক: A lesson of experience : সন্তানৰ ভৱিষ্যতৰ বাবে সাহসী যোগিতাৰ ট্ৰাক চালক হোৱাৰ সিদ্ধান্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.