ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিতকৰণৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি

author img

By

Published : Jul 31, 2021, 4:49 PM IST

৩১ আগষ্ট পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিত কৰিলে ভাৰতে । শুকুৰবাৰে অসামৰিক বিমান পৰিবহনৰ বিমান নিয়ন্ত্ৰক সঞ্চালকালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিতকৰণৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি কৰা হৈছে । পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ ৩১ জুলাইলৈকে স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছিল ।

International flights to remain suspended till August 31
আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিতকৰণৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ৩০ জুলাই: আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিতকৰণৰ সময়সীমা পুনৰ এমাহ বৃদ্ধি কৰিলে ভাৰত চৰকাৰে । বৰ্তমান ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতলৈ আন দেশৰ পৰা বিমান অহা আৰু ভাৰতৰ পৰা বিদেশলৈ যোৱাৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা বাহাল ৰখা হৈছে । শুকুৰবাৰে অসামৰিক বিমান পৰিবহনৰ বিমান নিয়ন্ত্ৰক সঞ্চালকালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিতকৰণৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি কৰা হৈছে । ২৬ জুনত সঞ্চালকালয়ে জাৰি কৰা বিজ্ঞপ্তিৰ আংশিক সংশোধন ঘটাই আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সেৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ।

পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ ৩১ জুলাইলৈকে স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছিল । অৱশ্যে, এই নিষেধাজ্ঞা আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান আৰু ডিজিচিএৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি বিজ্ঞপ্তিটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে । উল্লেখ্য যে, ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হৈছে । ভাৰততো তৃতীয় ঢৌৰ সংক্ৰমণ হোৱাৰ আশংকাতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ স্থগিত ৰখা হৈছে ।

২০২০ চনত মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল । অৱশ্যে, ২০২০ চনৰ মে' মাহৰ পৰা 'বন্দে ভাৰত মিছন' আৰু ২০২০ৰ জুলাইৰ পৰা নিৰ্দিষ্ট কেইখনমান দেশৰ সৈতে দ্বি পাক্ষিক "এয়াৰ বাবল"(AIR BUBBLE) চুক্তিৰ অধীনত বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল অব্যাহত আছে ।

ভাৰত চৰকাৰে আমেৰিকা যুক্তৰাজ্য, ডুবাই, কেনিয়া, ভূটান আৰু ফ্ৰান্সকে ধৰি ২৭ খনতকৈও অধিক দেশৰ সৈতে "এয়াৰ বাবল" চুক্তি স্বাক্ষৰ কৰিছিল । দুখন দেশৰ মাজত হোৱা "এয়াৰ বাবল" চুক্তিৰ অধীনত দেশ দুখনৰ মাজত বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমানৰ পৰিবহণ অব্যাহত ৰাখিব পাৰি । আনহাতে, ভাৰতত ক'ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । এইবাৰ তৃতীয় ঢৌৰ সংক্ৰমণে যাতে দেশত অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সাৱধনতা অৱলম্বন কৰিছে চৰকাৰে ।

লগতে পঢ়ক:মেডিকেল কলেজত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.