ETV Bharat / bharat

আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস : দেশৰ একনায়কত্বৰ বিৰুদ্ধে যুঁজ দিয়া গণতান্ত্ৰিক নেতাসকল... - দালাই লামা

‘আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস’ৰ(International Day of Democracy) অস্তিত্ব হৈছে গণতন্ত্ৰ(Democracy) ৷ এই বিষয়টো 1997 চনৰ 15 ছেপ্তেম্বৰত আন্তঃসংসদীয় ইউনিয়নে(Inter-Parliamentary Union) গ্ৰহণ কৰিছিল ৷ ই হৈছে ৰাষ্ট্ৰীয় সংসদসমূহৰ(National Parliaments) এক আন্তৰ্জাতিক সংগঠন ।

international day of democracy
আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস
author img

By

Published : Sep 15, 2021, 1:36 PM IST

Updated : Sep 15, 2021, 2:03 PM IST

নিউজ ডেস্ক, 15 ছেপ্তেম্বৰ : আজি ‘আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস’(International Day of Democracy) ৷ 2007 চনৰ পৰা প্ৰতিবছৰে এই দিনটো আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হৈছে । গণতন্ত্ৰৰ সৌন্দৰ্য এইটোৱেই যে, ই এটা সীমাৱদ্ধ নহয় । ই হৈছে মানুহৰ ‘মুক্ত প্ৰকাশ’ৰ সাৰ্বজনীন মূল্য ।

গণতন্ত্ৰ বুলি ক’লে প্ৰথমে মনলৈ আহে তীব্ৰ স্বৈৰচাৰী শাসনৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ কথা । গণতান্ত্ৰিক নেতৃত্বৰ বিপৰীতে স্বৈৰ শাসনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে যেতিয়া দেশৰ শাসন ব্যৱস্থা টাইমুৰ(Timur), নেপোলিয়ন(Napolean), ষ্টেলিন(Stalin), হিটলাৰ(Hitler), মুছৌলিনিৰ(Mussolini) দৰে স্বৈৰশাসকৰ হাতত পৰে, তেতিয়া দেশৰ অৱস্থা কি হয় ৷

আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস উপলক্ষে আহক কেইগৰাকীমান গণতান্ত্ৰিক নেতাৰ বিষয়ে আলোচনা কৰো, যিয়ে দেশত একনায়কত্বৰ বিৰুদ্ধে যুঁজ দিছিল-

নেলচন মেণ্ডেলা(Nelson Mandela) : গণতন্ত্ৰ আৰু সামাজিক ন্যায়ৰ এক প্ৰতিষ্ঠিত আদৰ্শ নেলচন মেণ্ডেলাক আটাইতকৈ সফল গণতান্ত্ৰিক নেতা হিচাপে গণ্য কৰা হয় । তেওঁ এগৰাকী দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য বিৰোধী বিপ্লৱী আছিল ৷ যিয়ে সম্পূৰ্ণ প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক নিৰ্বাচনত নিৰ্বাচিত হৈ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰিছিল ।

Nelson Mandela
নেলচন মেণ্ডেলা

তেওঁ ক’লা ছালৰ লোকসকলৰ ওপৰত বগা ছালৰ আধিপত্যৰ(White Domination) বিৰুদ্ধে যুঁজ দিছিল আৰু এই দেশদ্ৰোহী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ হৈছিল ৷ অৱশেষত 27 বছৰৰ কাৰাবাসৰ খাটিবলগীয়া হৈছিল নেলচন মেণ্ডেলাই । শান্তিৰ ‘ন’বেল বঁটা’ৰে(Nobel Peace Prize) সন্মানিত হৈছিল এইগৰাকী গণতান্ত্ৰিক নেতা ৷

চাৰ্লছ ডি গৌল(Charles de Gaulle) : ফ্ৰান্সত গণতান্ত্ৰিক শাসন পুনৰ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এগৰাকী প্ৰখ্যাত গণতান্ত্ৰিক নেতা হৈছে চাৰ্লছ ডি গৌল ৷ তেওঁ এগৰাকী ফৰাচী সেনা বিষয়া আছিল, যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ(World War II) সময়ত নাজী জাৰ্মানীৰ(Nazi Germany) বিৰুদ্ধে ফ্ৰী ফ্ৰান্সৰ নেতৃত্ব বহন কৰিছিল । দেশৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজ দি ফৰাচী গণৰাজ্যৰ অস্থায়ী চৰকাৰৰ(Provisional Government of the French Republic 1944-1946) সক্ৰিয় নেতৃত্ব দিছিল চাৰ্লছে ।

Charles de Gaulle
চাৰ্লছ ডি গৌল

ডুইট ডি এইজেনহাৱাৰ(Dwight D. Eisenhower) : এইগৰাকী ৰাজনীতিবিদে আধিপত্যবাদী নাজী অধিকৃত ইউৰোপৰ বিৰুদ্ধে যুঁজ দিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপত মিত্ৰ শক্তিৰ সৰ্বাধিনায়ক(Supreme Commander) আছিল । তেওঁ আছিল 34 তম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, যিয়ে হিৰোছিমাত পাৰমাণৱিক বোমা(Atomic Bomb) ব্যৱহাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল ।

Dwight D. Eisenhower
ডুইট ডি এইজেনহাৱাৰ

চতুৰ্দশ দালাই লামা (Tenzin Gyatso) : এইগৰাকী বিপ্লৱী আধ্যাত্মিক নেতাই তিব্বতত ফেচিষ্ট(Fascist) শাসনৰ পৰিৱৰ্তে গণতান্ত্ৰিক শাসন আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ 2011 চনত অৱসৰ গ্ৰহণ কৰিছিল আৰু গণতন্ত্ৰৰ বিকাশৰ পথ সাজি উলিয়াইছিল । এই বিদ্ৰোহৰ বাবে তেওঁক পদৰ পৰা নিৰ্বাসিত কৰা হৈছিল ৷

Dalai Lama
দালাই লামা

লগতে পঢ়ক: অভিযন্তা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

Last Updated : Sep 15, 2021, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.