ETV Bharat / bharat

বাহৰেইনৰ পৰা অক্সিজেন ভৰ্তি আইএনএছ তলৱাৰ উপস্থিত ভাৰতত - INS Talwar reaches Karnataka port carrying oxygen

ভাৰতীয় নৌবাহিনীৰ অভিযান সমুদ্ৰ সেতু-২ ৰ অংশ হিচাপে নৌসেনাৰ যুদ্ধ জাহাজ আইএনএছ তলৱাৰে বুধবাৰে বাহৰেইনৰ পৰা অক্সিজেনৰ প্ৰথম চালান লৈ কৰ্ণাটকৰ নিউ মাংগালুৰু বন্দৰত উপস্থিত হয় । এই অভিযানত জাহাজখনে ৫০ টন অক্সিজেন কঢ়িয়াই আনে । একে সময়তে আইএনএছ ঐৰাৱতে ছিংগাপুৰ আৰু আইএনএছ কলকাতাই কুৱেইটৰ পৰা তৰল অক্সিজেন, অক্সিজেন ভৰ্তি চিলিণ্ডাৰ, ক্ৰায়'জেনিক টেংক আৰু চিকিৎসা সঁজুলিলৈ ভাৰতত উপস্থিত হৈছে ।

INS Talwar reaches Karnataka port carrying oxygen
অক্সিজেন ভৰ্তি আইএনএছ তলৱাৰ উপস্থিত ভাৰতত
author img

By

Published : May 5, 2021, 8:33 PM IST

নেশ্যনেল ডেস্ক,৫ মে': ভাৰতৰ কৰ'ণা পৰিস্থিতিৰ সময়ত অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দেশৰ সামৰিক বাহিনীয়ে বিভিন্ন ধৰণ পদক্ষেপ গ্ৰহণ কৰিছে । অক্সিজেনৰ নাটনি পূৰণৰ বাবে ইতিমধ্যে নৌ সেনাই গ্ৰহণ কৰিছে সমুদ্ৰ সেঁতু অভিযান । প্ৰথমটো অভিযান সফল হোৱাৰ পিছতে নৌ বাহিনীয়ে আৰম্ভ কৰিছে অভিযান সমুদ্ৰ সেতু-২ ।

এই অভিযানৰ অধীনত ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ আইএনএছ তলৱাৰে বুধবাৰে বাহৰেইনৰ পৰা অক্সিজেনৰ প্ৰথম চালান লৈ কৰ্ণাটকৰ নিউ মাংগালুৰু বন্দৰত উপস্থিত হয় । এই অভিযানত জাহাজখনে ৫০ টন অক্সিজেন কঢ়িয়াই আনে । একে সময়তে আইএনএছ ঐৰাৱতে ছিংগাপুৰ আৰু আইএনএছ কলকাতাই কুৱেইটৰ পৰা তৰল অক্সিজেন, অক্সিজেন ভৰ্তি চিলিণ্ডাৰ, ক্ৰায়'জেনিক টেংক আৰু চিকিৎসা সঁজুলিলৈ ভাৰতত উপস্থিত হৈছে ।

উল্লেখ্য যে, যোৱা বছৰ ভাৰতীয় নৌ সেনাই বন্দে ভাৰত অভিযানৰ অংশ হিচাপে অপাৰেচন সমুদ্ৰ সেঁতু আৰম্ভ কৰিছিল ৷ লগতে মালদ্বীপ, শ্ৰীলংকা আৰু ইৰাণৰ পৰা আৱদ্ধ ৩,৯৯২ গৰাকী ভাৰতীয় নাগৰিকক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল । বৰ্তমানৰ সংকটৰ মোকাবিলা কৰিবলৈ অসামৰিক প্ৰশাসনলৈ সশস্ত্ৰ বাহিনীৰ অৱদানৰ অংশ হিচাপে চাৰিগৰাকী চিকিৎসক, সাত গৰাকী নাৰ্ছ, ২৬ জন পেৰামেডিক্স আৰু ২০ জন সহায়ক কৰ্মচাৰীৰে গঠিত ৫৭ জনীয়া নৌ চিকিৎসা দলক ২৯ এপ্ৰিলত আহমেদাবাদলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক: বিগত 24 ঘন্টাত ভাৰতত কৰ'ণাত মৃত্যু ৩,৭৮০ গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.