ETV Bharat / bharat

ত্ৰিপুৰাত অগৰু উদ্যোগৰ উন্নয়নৰ বাবে লাওচৰ ব্যৱসায়ীয়ে আগবঢ়াব সহযোগিতা - ত্ৰিপুৰাত অগৰু উদ্যোগৰ উন্নয়নৰ বাবে লাওচৰ ব্যৱসায়ীয়ে আগবঢ়াব সহযোগিতা

ত্ৰিপুৰাৰ অগৰু উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে সহযোগিতা আগবঢ়াব লাওচৰ ব্যৱসায়ীয়ে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে লাওচৰ অগৰু কোম্পানীৰ প্ৰতিনিধি দলৰ বৈঠক (Agar businessman from Laos meeting with Tripura CM)। লাওছৰ দলটোৱে ব্যক্তিগত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে আৰু অগৰু উদ্যোগৰ সকলো সামগ্ৰী ত্ৰিপুৰাত উৎপাদন কৰা হ'ব বুলি আশ্বাস দিছে ।

Agarwood
ত্ৰিপুৰাত অগৰু উদ্যোগৰ উন্নয়নৰ বাবে লাওচৰ ব্যৱসায়ীয়ে আগবঢ়াব সহযোগিতা
author img

By

Published : May 10, 2022, 5:26 PM IST

আগৰতলা,১০ মে' : ত্ৰিপুৰাৰ অগৰু উদ্যোগৰ বিষয়ে বিশ্বৰ ভিন্ন প্ৰান্তত চৰ্চা চলা দেখা যায় । যাৰ বাবে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ উদ্যোগপতিসকলে সময়ে সময়ে ত্ৰিপুৰা ভ্ৰমণ কৰে আৰু অগৰু উদ্যোগৰ বিকাশৰ বাবে বিশেষ বৰঙনি আগবঢ়ায় । ৰাজ্যখনৰ এই উদ্যোগৰ বিকাশৰ বাবে এইবাৰ সুদূৰ লাওচৰ পৰা আহিল উদ্যোগপতিৰ এটা প্ৰতিনিধি দল (Agar trader from Laos visited Tripura)।উদ্যোগটোৰ সম্প্ৰসাৰণত সহযোগিতা আগবঢ়াৱোৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱকো সাক্ষাৎ কৰে (Agar businessman from Laos meeting with Tripura CM)।

বৈঠক সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত অগৰু উদ্যোগৰ বিকাশৰ সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ লাওছৰ এইছএছএমএম গ্ৰুপ অফ কোম্পানীৰ এটা প্ৰতিনিধি দল ত্ৰিপুৰালৈ আহিছে । মুখ্যমন্ত্ৰীয়ে জনোৱা মতে উক্ত অগৰু কোম্পানীটোৰ বাৰ্ষিক ৫,০০০ কোটি টকাৰ টাৰ্ণ অ'ভাৰ আছে আৰু তেওঁলোকে ত্ৰিপুৰাত ব্যক্তিগত বিনিয়োগৰ বাবে আগ্ৰহী । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত ত্ৰিপুৰাৰ অগৰু উদ্যোগে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে ।

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, তেওঁলোকৰ বিনিয়োগৰ ওপৰত এক প্ৰেজেণ্টেশ্যনও আগবঢ়ায় । তেওঁৰ মতে ত্ৰিপুৰা আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে সহযোগিতা সম্প্ৰসাৰণৰ উপায়ৰ বিষয়েও আলোচনা কৰা হৈছে । ইফালে অগৰু ব্যৱসায়ৰ বাবে স্থানীয় লোকক উৎসাহিত নকৰাৰ বাবে তেতিয়াৰ বাওঁমৰ্চা চৰকাৰক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ । দেৱে লগতে কয় যে, লাওচৰ দলটোৱে ব্যক্তিগত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে আৰু অগৰু উদ্যোগৰ সকলো সামগ্ৰী ত্ৰিপুৰাত উৎপাদন কৰা হ'ব বুলি আশ্বাস দিছে ।

লগতে পঢ়ক :আৰম্ভ হ'ল মিজোৰাম-ত্ৰিপুৰা বাছ সেৱা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.