ETV Bharat / bharat

Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে

author img

By

Published : May 18, 2022, 11:53 AM IST

Updated : May 18, 2022, 12:57 PM IST

2012 চনত সংঘটিত হৈছিল শ্বীনা বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(Sheena Bora murder case) ৷ দীৰ্ঘদিনৰ অন্তত বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিলে শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক(Supreme Court grants bail to Indrani Mukherjee) ৷ 2015 চনৰে পৰা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী কাৰাবন্দী হৈ আছিল ৷

indrani-mukharjee-granted-bail-on-sheena-bora-murder-case
ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান

নিউজ ডেস্ক, 18 মে’: দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান(Supreme Court grants bail to Indrani Mukherjee) ৷ জামিন প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ 2012 চনৰ 24 এপ্ৰিলত সংঘটিত হৈছিল শ্বীনা বৰাৰ হত্যাকাণ্ড(Sheena Bora murder case) ৷

শেহতীয়াকৈ মুখাৰ্জীয়ে চিবিআইলৈ এখন পত্ৰ প্ৰেৰণ কৰি কন্যা শ্বীনা বৰা জীয়াই থকা বুলি দাবী তুলি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ চিবিআয়ে স্পষ্ট কৰি দিছিল যে, এই বিষয়ত আদালতৰ হস্তক্ষেপ নোহোৱাকে কোনো কথা গ্ৰহণ কৰা নহ'ব ৷

লগতে চাওক: শ্বীনা বৰা হত্যাকাণ্ড : পিটাৰ মুখাৰ্জীৰ জামিন আবেদন মঞ্জুৰ

এই ঘটনাৰ পিছত মুম্বাই আৰক্ষীয়ে চিবিআইক গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে ৷ 2015 চনৰ পৰা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ন্যস্ত আছে চিবিআইৰ এপৰত ৷ 2012 চনৰ 24 এপ্ৰিলত শ্বীনা বৰাৰ হত্যাকাণ্ড সংঘটিত হৈছিল ৷ 2015 চনৰ আন এক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ বাহনৰ চালকক আৰক্ষীয়ে আটক কৰিছিল ৷ শ্যামবৰ ৰায় নামৰ চালকজনক আটক কৰাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

Indrani Mukharjee granted bail on Sheena Bora murder case
শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী

তদন্তৰ সময়ত শ্যামবৰ ৰায়ে শ্বীনা বৰাক হত্যা কৰাৰ কথা স্বীকাৰ কৰি মৃতদেহটো মহাৰাষ্ট্ৰৰ ৰায়গড়ত পেলাই দিয়া(Sheena Bora was kidnapped and murdered by strangulation in April 2012) বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি এই ঘটনাত শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী আৰু সঞ্জীৱ খান্না (ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী) জড়িত থকা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছিল ৷

লগতে চাওক: Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে

আদালতৰ সন্মুখত চিবিআয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি, শ্বীনা বৰাক ইন্দ্ৰাণী মুখাৰ্জীয়ে হত্যা কৰিছিল ৷ কিয়নো শ্বীনা বৰা আৰু পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জী (ইন্দ্ৰাণী মুখাৰ্জীৰ তৃতীয় স্বামী) ৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ইন্দ্ৰাণী মুখাৰ্জীয়ে ৷

অধিক খবৰৰ বাবে লগ ইন কৰক : https://www.etvbharat.com/assamese/assam

Last Updated : May 18, 2022, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.