ETV Bharat / bharat

Indore Hotel Exploits : নিৰামিষভোজী ব্ৰাহ্মণক দিলে চিকেন বিৰিয়ানি, গোচৰ ৰুজু - Indore hotel serve non veg biryani to brahmin boy

ইন্দোৰৰ এখন ডাঙৰ হোটেলত নিৰামিষ বিৰিয়ানিৰ সলনি এজন নিৰামিষ ভোজী ব্ৰাহ্মণ গ্ৰাহকক চিকেন বিৰিয়ানি পৰিবেশন কৰা হয় । ফলত খঙত অগ্নিশৰ্মা হৈ গ্ৰাহকজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে (Indore hotel serve chicken biryani vegetarian) । তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে হোটেলৰ গৰাকীৰ বিৰুদ্ধে ।

Indore
Indore
author img

By

Published : Dec 27, 2022, 7:53 PM IST

ইন্দোৰৰ হোটেলৰ আজৱ কাণ্ড

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : ইন্দোৰৰ এখন ডাঙৰ হোটেলৰ বিৰুদ্ধে গ্ৰাহকক অৱহেলা কৰাৰ এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে । বিজয় নগৰ আৰক্ষী থানা এলেকাত অৱস্থিত এই হোটেলখনত খাদ্য গ্ৰহণ কৰিবলৈ যোৱা এজন বিশুদ্ধ নিৰামিষভোজী ব্ৰাহ্মণে নিৰামিষ খাদ্যৰ অৰ্ডাৰ দিছিল । কিন্তু তেওঁ খাবলৈ বহাৰ লগে লগে খোৱা থালত হাড় দেখিবলৈ পায় ।

গ্ৰাহকজনক নিৰামিষৰ সলনি পৰিবেশন কৰা হৈছিল আমিষ খাদ্য (Indore hotel serve chicken biryani vegetarian) । কিন্তু যেতিয়া ভুক্তভোগী গ্ৰাহকজনে তাত আপত্তি কৰে তেতিয়া তেওঁক দুৰ্ব্যৱহাৰ কৰা হয় । ফলত ভুক্তভোগী গ্ৰাহকজনে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত হোটেলখনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে । তেওঁৰ অভিযোগৰ পিছত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য, ইন্দোৰৰ শালিমাৰ টাউনৰ এজন বিশুদ্ধ নিৰামিষভোজী ব্ৰাহ্মণ আকাশ ডুবেই চহৰৰ এই ডাঙৰ হোটেলখনত খাদ্য খাবলৈ উপস্থিত হৈছিল । তাত তেওঁ নিৰামিষ বিৰিয়ানিৰ অৰ্ডাৰ দিছিল । কিন্তু হোটেলৰ কৰ্মচাৰীৰ ভুলৰ বাবে তেওঁৰ প্লেটত চিকেন বিৰিয়ানি পৰিবেশন কৰা হৈছিল । যেতিয়া তেওঁ বিৰিয়ানি খাবলৈ বহিছিল, তাত কুকুৰাৰ মাংস আৰু হাড় পোৱা গৈছিল । তাৰ পিছত তেওঁ হোটেল অপাৰেটৰৰ ওচৰত এই বিষয়ে অভিযোগ কৰে । কিন্তু হোটেল অপাৰেটৰে তেওঁৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে গ্ৰাহকজনৰ সৈতে দুৰ্ব্যৱহাৰ কৰে (Indore hotel serve non veg biryani to brahmin boy) ।

যেতিয়া হোটেলৰ কৰ্মচাৰীসকলে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সমগ্ৰ বিষয়টো সন্দৰ্ভত এটা অভিযোগ লৈ আৰক্ষীৰ কাষ চাপে । ভুক্তভোগী যুৱকজনে হোটেল অপাৰেটৰৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । এইক্ষেত্ৰত অভিযোগকাৰীয়ে কয় যে যিহেতু তেওঁ জাতিগতভাৱে এগৰাকী ব্ৰাহ্মণ, সেয়ে এই ঘটনাই তেওঁৰ ধৰ্মীয় অনুভূতিক বেয়াকৈ আঘাত কৰিছে (Indore Hotel Exploits Brahmin youth)। ইতিমধ্যে বিজয় নগৰ আৰক্ষীয়ে হোটেল মেনেজাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য, বিভিন্ন হোটেলত সংঘটিত এনেধৰণৰ ঘটনাৰ কথা মাজে-সময়ে পোহৰলৈ আহি থাকে । শেহতীয়াভাৱে দিল্লীৰ এখন হোটেলতো এনেধৰণৰ এক ঘটনা সংঘটিত হৈছিল । ভুক্তভোগী গ্ৰাহকৰ অভিযোগৰ ভিত্তিত উপভোক্তা আদালতে ব্যক্তিগৰাকীক জৰিমনা আদায় কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক : Bharat Yatra by two friends: দুই বন্ধুৱে পদব্ৰজে আৰম্ভ কৰিছে ভাৰত যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.