ETV Bharat / bharat

ভাৰত-বাংলাদেশৰ সম্পৰ্ক হ'ব দুয়োখন দেশৰে সহায়ক - ঐতিহাসিক, সামাজিক আৰু আধ্যাত্মিক সম্পৰ্ক

ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক পুনৰ স্বাধীনতাৰ সময়ৰ দৰে কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে দুয়োখন দেশে । বাংলাদেশৰ স্বাধীনতাৰ সময়ত ভাৰতীয় সেনাই কৰা ত্যাগৰ কথা এতিয়াও স্বীকাৰ কৰে দেশখনে । তিস্তা নদীৰ বাবে ১০ বছৰতকৈও অধিক সময় ধৰি দেশ দুখনৰ মাজত চলি থকা জল বিবাদ সমাধান হ'লে দুয়োখন দেশৰ সম্পৰ্কই এক নতুন শিখৰ অতিক্ৰম কৰিব বুলি ধাৰণা কৰা হৈছে । শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বাংলাদেশ ভ্ৰমণ কৰিছে ।

ভাৰত-বাংলাদেশৰ সম্পৰ্ক হ'ব দুয়োখন দেশৰে সহায়ক

author img

By

Published : Apr 7, 2021, 6:09 PM IST

নিউজ ডেস্ক, ৭ এপ্ৰিল: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে স্বাধীনতা লাভ কৰাৰ দিনা শেইখ মজিবুৰ ৰহমানে কৈছিল যে, "ভাৰতীয় সৈন্যসকলে আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিছে । মোৰ দেশৰ জনতাই তেওঁলোকৰ এই ত্যাগ সদায় স্বীকাৰ কৰিব আৰু মনত ৰাখিব" । বংগ বন্ধুৰ এই কথাষাৰৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণ খুবেই তাৎপর্যপূর্ণ ।

মোডীৰ বাংলাদেশ ভ্রমণৰ অন্যতম উদ্দেশ্য আছিল বাংলাদেশৰ সিংহপুৰুষ শেইখ মজিবুৰ ৰহমানক মৰণোত্তৰভাৱে "মহাত্মা গান্ধী শান্তি" বঁটা প্ৰদান কৰা । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাহিৰেও ভাৰত আৰু বাংলাদেশ ঐতিহাসিক, সামাজিক আৰু আধ্যাত্মিক সম্পৰ্কৰে বান্ধ খোৱা । বাংলাদেশৰ স্বাধীনতাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, এখন দেশ গঠনৰ বাবে ধৰ্মতকৈ ভাষা অধিক গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় ।

তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপনৰ বাবে বাংলাদেশৰ স্বাধীনতায়ো বহুখিনি অৰিহণা যোগাইছিল । হেনৰী কিছিংগাৰৰ নিচিনা একাংশই যদিও বাংলাদেশ গঠনক লৈ এসময়ত উপহাস কৰিছিল, সেই বাংলাদেশেই এতিয়া উন্নয়নৰ ফালৰ পৰা পাকিস্তানক অতিক্ৰম কৰিছে । সেয়ে, বাংলাদেশৰ জন্মৰ স্বর্ণ জয়ন্তী উদযাপন কৰাটো খুবেই তাৎপর্যপূর্ণ ।

১৯৭৫ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু মজিবুৰ ৰহমানৰ মাজত স্বাক্ষৰিত হোৱা ভাৰত-বাংলা চুক্তিয়ে বহু ভাল বেয়া সময় প্ৰত্যক্ষ কৰিছে । সীমা সমস্যা, জল বিবাদ, অনুপ্ৰৱেশকাৰী আৰু বাংলাদেশৰ মাটি ভাৰত বিৰোধী শক্তিয়ে ব্যৱহাৰ কৰা তথা অপপ্ৰচাৰ আদিৰ বাবে ভাৰত-বাংলাদেশৰ সম্পৰ্ক ইতিমধ্যে বহু পৰিমাণে অৱনমিত হৈছে ।

যি কি নহওঁক, বাংলাদেশত সাম্প্ৰতিক সময়ত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হোৱাৰ পাছত দুয়োখন দেশৰ মাজত থকা ভুল বুজাবুজি বহু পৰিমাণে আঁতৰ হৈছে । ২০১৫ চনত হোৱা এক চুক্তিৰ জৰিয়তে দেশ দুখনৰ মাজত থকা সীমা বিবাদো সমাধান হোৱা বুলি ক'ব পাৰি । তিস্তা নদীৰ বাবে ১০ বছৰতকৈও অধিক সময় দেশ দুখনৰ মাজত চলি থকা জল বিবাদ সমাধান হ'লে দুয়োখন চুবুৰীয়া দেশৰ সম্পৰ্কই এক নতুন শিখৰ অতিক্ৰম কৰিব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে ।

মন কৰিবলগীয়া কথা যে, ১৯৮০ চন মানৰ পৰা বাংলাদেশৰ উন্নয়নৰ হাৰ দ্ৰুত হোৱা যেন দেখা যায় । তাৰোপৰি দেশখনে জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতৰ দৰে বিশাল দেশকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে । উদ্যোগৰ ক্ষেত্ৰত বাংলাদেশে কৰা উন্নয়ন সঁচাকৈয়ে চকুত লগা । প্ৰায় এক দশক আগতে বাংলাদেশৰ জি ডি পিৰ ক্ষেত্ৰত কৃষিক্ষেত্ৰৰ অৱদান আছিল ৩৩.০২ শতাংশ ।

বৰ্তমান সময়ত কৃষিৰ এই অৱদান ১৪.০২ শতাংশলৈ হ্ৰাস পাইছে আৰু তাৰ তুলনাত উদ্যোগ খণ্ডৰ অৱদান ১৭ শতাংশৰ পৰা ৩৬.০৬ শতাংশলৈ বৃদ্ধি হৈছে । এমাহ আগতে ৰাষ্ট্ৰসংঘই বাংলাদেশক অনুন্নত দেশসমূহৰ তালিকাৰ পৰা আঁতৰাই উন্নয়নশীল দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে । এই পৰামৰ্শ কাৰ্যকৰী হ'লে দেশখনে বিশ্বৰ উন্নত দেশসমূহৰ সৈতে ব্যৱসায়িক লেনদেনত ব্ৰতী হ'ব পাৰিব ।

সাম্প্ৰতিক সময়ত বাংলাদেশে দেশখনত উৎপাদিত সামগ্ৰীৰ ৯৭ শতাংশ শুক্ল অবিহনে চীনলৈ ৰপ্তানি কৰিব পাৰে । চীন দেশৰ মতে, বাংলাদেশে এই ৰপ্তানিৰ বাবদ ১৪০ মাৰ্কিন ডলাৰ অৰ্জন কৰিব পাৰে । বেল্ট এণ্ড ৰোডচ ইনিছিয়েটিভৰ অধীনত চীন দেশে ভাৰতৰ চাৰিও দিশত থকা দেশসমূহক নিজৰ আয়ত্বত ৰাখিছে । এই ক্ষেত্ৰত চীনে বাংলাদেশকো এৰি দিয়া নাই ।

সেয়েহে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোক ইষ্ট পলিচিক যথেষ্ট গুৰুত্ব সহকাৰে লৈ এক্ট ইষ্ট পলিচি নামেৰে অভিহিত কৰিছে আৰু এই পলিচিয়ে অনাগত দিনত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাব । কৰ'ণা প্ৰতিষেধক ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতে বাংলাদেশক অগ্ৰাধিকাৰ দিছে ।

একে সময়তে ভাৰতে ম্যানমাৰ, নেপাল, থাইলেণ্ড, কম্বোডিয়া, লাওচ আৰু ভিয়েটনামৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছে । বাংলাদেশৰ সৈতে সম্পৰ্ক উন্নত হ'লে এই সম্পৰ্ক ভাৰতৰ বাবেও হ'ব যথেষ্ট লাভজনক।

লগতে পঢ়ক:কিছু দিনৰ পৰা স্তব্ধ হৈ আছে মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.