আগৰতলা,১২ আগষ্ট : ভাৰত বাংলাদেশ সীমান্তত থকা ত্ৰিপুৰাৰ চাব্ৰুমত উপস্থিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহা । অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও প্ৰকল্প আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় ১.৪৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ এটাও উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Tripura CM inaugurated Tertiary Waste Treatment Center)।
স্বচ্ছ ভাৰত মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই আৱৰ্জনা নিষ্কাশন কেন্দ্ৰটো । এই কেন্দ্ৰটোৰ বিভিন্ন উপযোগিতা আছে । জৈৱ-পচনশীল আৰু অজৈৱ-পচনশীল আৱৰ্জনা পৃথক কৰাৰ বাবে এক প্ৰণালীও আছে নিষ্কাশন কেন্দ্ৰত । ইয়াৰ উপৰিও, আৱৰ্জনাৰ পৰা প্ৰাকৃতিক সাৰ প্ৰস্তুত কৰাৰ এক ব্যৱস্থাও আছে । উদ্বোধনৰ পিছতে মুখ্যমন্ত্ৰীয়ে কয় যে এই নিষ্কাশন কেন্দ্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তৃতীয় স্তৰৰ আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ ।
চাব্ৰুম ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ইণ্টিগ্ৰেটেড চেক পোষ্টৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে (CM visits Integrated Check Post in Sabroom)। পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰৰ শেষৰ ফালে ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব আৰু লগতে ফেনি নদীৰ ওপৰত মৈত্ৰী সেতুও এই বছৰৰ শেষৰ ফালে কাৰ্যকৰী হ'ব (Maitri Setu over River Feni will be operational)। মুখ্যমন্ত্ৰী ড০ সাহাৰ মতে মৈত্ৰী সেতু আৰু ইণ্টিগ্ৰেটেড চেক পোষ্ট কাৰ্যকৰী হোৱাৰ পিছত, ত্ৰিপুৰা আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহলৈ বাংলাদেশৰ চিটাগং বন্দৰৰ পৰা সহজে বিভিন্ন সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰিব পৰা যাব ।
মুখ্যমন্ত্ৰী ড০ সাহাই ফেনি নদীৰ পাৰত থকা ইণ্টিগ্ৰেটেড চেক পোষ্ট পৰিদৰ্শন কৰাৰ সময়ত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কামৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে । মৈত্ৰী সেতু ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক কয় যে এই বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত চাব্ৰুমৰ ইণ্টিগ্ৰেটেড চেক পোষ্ট কাৰ্যকৰী হ'ব আৰু যান-বাহন চলাচলৰ বাবে মৈত্ৰী সেতু মুকলি কৰা হ'ব । তেওঁ লগতে জনায় যে তেওঁ শীঘ্ৰেই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ সৈতে চাব্ৰুমৰ পৰা এখন চুপাৰফাষ্ট এক্সপ্ৰেছ ৰে'ল অনুমোদনৰ বাবে আলোচনা কৰিব ।