ETV Bharat / bharat

NRC প্ৰস্তুতৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা হোৱা নাই : নিত্যানন্দ ৰায়

author img

By

Published : Aug 10, 2021, 8:07 PM IST

'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(National Register of Citizens)কে ধৰি আন কোনো ডাটাবেছ প্ৰস্তুত কৰাৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা নহয় । কেৱল বিভিন্ন প্ৰশাসনিক পৰ্যায়ত একত্ৰিত কৰা লোকপিয়লৰ তথ্যহে প্ৰকাশ কৰা হয়' । মঙলবাৰে লোকসভাত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) ।

Nityanand Rai on NRC preparation
NRC প্ৰস্তুতৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিলে নিত্যানন্দ ৰায়ে

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : মঙলবাৰে লোকসভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ প্ৰসংগ উত্থাপন হয় । সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(National Register of Citizens) প্ৰস্তুতৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা নহয় ।

কংগ্ৰেছ নেতা শশী থাৰুৰে প্ৰশ্ন উত্থাপন কৰিছিল যে, ২০২১ চনৰ লোকপিয়লৰ পৰা লাভ কৰা তথ্য ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দৰে আন কোনো ডাটাবেছ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব নেকি । থাৰুৰৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, আইনত উল্লেখিত ব্যৱস্থা অনুসৰি লোকপিয়ল আইন-১৯৪৮ৰ অধীনত লোকপিয়লত সংগ্ৰহ কৰা ব্যক্তিগত তথ্য ৰাজহুৱা কৰা নহয় ।

তেওঁ লগতে জনায় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি আন কোনো ডাটাবেছ প্ৰস্তুত কৰাৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা নহয় । কেৱল বিভিন্ন প্ৰশাসনিক পৰ্যায়ত একত্ৰিত কৰা তথ্যহে প্ৰকাশ কৰা হয় বুলি তেওঁ প্ৰকাশ কৰে । ৰায়ে কয় যে, জনগাঁঠনি আৰু বিভিন্ন আৰ্থ-সামাজিক মাপ-কাঠি, যেনে-শিক্ষা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি, ধৰ্ম, ভাষা, বিবাহ, অক্ষমতা, জীৱিকা আৰু প্ৰব্ৰজন সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হয় ।

আগন্তুক লোকপিয়ল প্ৰথম ডিজিটেল লোকপিয়ল হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তথ্য সংগ্ৰহৰ বাবে মোবাইল এপ আৰু বিভিন্ন লোকপিয়ল সম্পৰ্কীয় কাৰ্যকলাপৰ ব্যৱস্থাপনা আৰু নিৰীক্ষণৰ বাবে এটা লোকপিয়ল পৰ্টেল প্ৰস্তুত কৰা হৈছে ।

তেওঁ লগতে জনায় যে, ক'ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ২০২১ চনৰ লোকপিয়ল সম্পৰ্কীয় ক্ষেত্ৰীয় কাৰ্যকলাপ স্থগিত ৰখা হৈছে । দ্ৰুত প্ৰক্ৰিয়াকৰণ আৰু তথ্য আগতীয়াকৈ মুকলি কৰাৰ বাবে লোকপিয়লৰ প্ৰশ্নবোৰ বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : এতিয়াৰে পৰা ঘৰতে লাভ কৰিব ডিজেল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.