নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : ভাৰতত ক'ভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈছে (Covid third wave in India)। ইতিমধ্যে বহু ৰাজ্যত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১,৫৯,৬৩২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে (India has reported 1,59,632 fresh COVID cases)। একে সময়তে ৩২৭ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে । ইয়াৰ লগে লগে দেশত মুঠ মৃত্যুৰ সংখ্যা ৪,৮৩,৭৯০ লৈ বৃদ্ধি হৈছে ।
আনহাতে ৪০,৮৬৩ গৰাকী লোক ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে । ইয়াৰ লগে লগে দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৩,৪৪,৫৩,৬০৩ গৰাকীলৈ বৃদ্ধি হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সম্প্ৰতি দেশত ক'ভিডৰ ৫,৯০,৬১১ টা সক্ৰিয়া ঘটনা আছে (Covid active cases in India)। ভাৰতত বৰ্তমান দৈনিক ক'ভিড আক্ৰান্তৰ হাৰ ১০.২১ শতাংশলৈ বৃদ্ধি হৈছে । লগতে সাপ্তাহিক আক্ৰান্তৰ হাৰ ৬.৭৭ শতাংশ ।
সমান্তৰালকৈ দেশত অ'মিক্ৰণৰ সংক্ৰমণো বৃদ্ধি হৈছে । দেশত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৩,৬২৩ গৰাকীলৈ বৃদ্ধি হৈছে (Omicron cases in India)। মহাৰাষ্ট্ৰত সৰ্বাধিক ১০০০ ৰো অধিক লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি ধৰা পৰিছে । অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা দিল্লী দ্বিতীয় স্থানত আছে, কৰ্ণাটকত অ'মিক্ৰণ ৰোগীৰ সংখ্যা ৪৪১ টা, ৰাজস্থানত ৩৭৩ টা ।
- " class="align-text-top noRightClick twitterSection" data="">
ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে দেশত ক'ভিড পৰীক্ষাও বৃদ্ধি কৰা হৈছে । ভাৰতত যোৱা ২৪ ঘণ্টাত ১৫,৬৩,৫৬৬ টা ক'ভিড-১৯ পৰীক্ষা সম্পন্ন হৈছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) তথ্য অনুসৰি দেশত এতিয়ালৈ ৬৯ কোটি ৩৪ হাজাৰ ৫২৫ টা পৰীক্ষা সম্পন্ন হৈছে ।
ভাৰতত টীকাকৰণ অভিযানো অব্যাহত আছে । এতিয়ালৈকে দেশত মুঠ ১৫১.৫৮ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৮৯,২৮,৩১৬ গৰাকী লোকক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক :সহজভাৱে ন’লব অ’মিক্ৰণক : বিশেষজ্ঞ