ETV Bharat / bharat

ভাৰতত ক'ভিডৰ দ্বিতীয় লহৰ: ভুল ক'ত হ'ল ?

author img

By

Published : May 7, 2021, 10:34 PM IST

ভাৰত এখন দেশ, জাতি বা এক সমাজ হিচাপে ক'ভিড মহামাৰী প্রতিহত কৰাত আমি ক'ত ভুল কৰিলো সেয়া এক ডাঙৰ প্ৰশ্ন । এই প্ৰশ্নৰ যদি আমি উত্তৰ নিদিও বা লুকুৱাই থও, তথাপিও ই একো প্ৰভাৱ পেলাব নোৱাৰে এতিয়া, কাৰণ সমগ্ৰ দেশেই এতিয়া মহামাৰীৰ কৱলত ককবকাই আছে আৰু অক্সিজেনৰ কাৰণে হাহাকাৰ কৰিব ধৰিছে ।

India's second wave of pandemic: Where have we gone wrong?
ভাৰতত ক'ভিডৰ দ্বিতীয় লহৰ: ভুল ক'ত হ'ল ?

ভাৰত এখন দেশ, জাতি বা এক সমাজ হিচাপে ক'ভিড মহামাৰী প্রতিহত কৰাত আমি ক'ত ভুল কৰিলো সেয়া এক ডাঙৰ প্ৰশ্ন । এই প্ৰশ্নৰ যদি আমি উত্তৰ নিদিও বা লুকুৱাই থও, তথাপিও ই একো প্ৰভাৱ পেলাব নোৱাৰে এতিয়া, কাৰণ সমগ্ৰ দেশেই এতিয়া মহামাৰীৰ কৱলত ককবকাই আছে আৰু অক্সিজেনৰ কাৰণে হাহাকাৰ কৰিব ধৰিছে ।

চিকিৎসক তথা বিশেষজ্ঞ সকলে যদিও প্ৰশাসক সকলক সকিয়াই আছিল যে, আমি ক'ভিডৰ প্ৰতি অৱজ্ঞা কৰিলে পৰিণাম ভয়াবহ হ'ব পাৰে । ইয়াৰ পিছতো তেওঁলোকে কিন্তু বৰ বিশেষ গুৰুত্ব দিয়া নাছিল । ক'ভিডৰ প্রথম ঢৌক প্রতিহত কৰাৰ পাছত যথেষ্ট আনন্দ তথা ফুৰ্তি কৰা হৈছিল, য'ত জনসাধাৰণে প্ৰৱলভাৱে অংশ গ্ৰহণ কৰা দেখা গৈছিল ।

২১ মিলিয়ন জনসংখ্যাৰ এখন দ্বীপৰাষ্ট্ৰ আমাৰ দৰে ১৩৬৬ মিলিয়ন লোক বাস কৰা এখন দেশৰ কাৰণে নিৰ্বাচন অনুস্থিত কৰাৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছিল । কৰ'ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণৰ পাছতে শ্ৰীলংকাই নিৰ্বাচন অনুস্থিত কৰিছিল আৰু ভাৰতত শ্ৰীলংকাৰ গুটাবায়া ভাতৃদ্বয়ৰ বিজয়ৰ পাছতে অনুস্থিত কৰিছিল বিধানসভা নিৰ্বাচন । সেই সময়ত পৰিস্থিতি ইমান বিষম নাছিল আৰু বিহাৰৰ নিৰ্বাচনত প্ৰায়ভাগ ৰেলী আৰু প্ৰচাৰৰ কাম হৈছিল ভৰ্চুয়েল বা অনলাইন প্ৰচাৰৰ জৰিয়তে । বিহাৰৰ নিৰ্বাচনৰ মূল প্ৰতিশ্ৰুতি আছিল কৰ'ণা ভেকচিনৰ বিতৰণ; কিন্তু যেতিয়া ভেকচিন প্ৰস্তুত হ'ল তেতিয়া বেছিভাগ ভেকচিনেই আমাৰ চুবুৰীয়া দেশ সমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে বিতৰণ কৰা হ'ল। যাৰ বাবে ভাৰতে এতিয়া এই ভেকচিন কূটনীতিৰ এক ভাল মূল্য ভৰিব লগীয়া হৈছে।

চৰকাৰী ভাৱে দিয়া তথ্য সমূহে স্পষ্ট কৰি দিছে যে, বৰ্তমান কৰ'ণা ভাইৰাছৰ বিস্তৰ ভাৱে সংক্ৰমণ হৈ আছে আৰু ই এই সংক্ৰমণৰ শিখৰ পাবলৈ এতিয়াও বহুত বাকী । কৰুণা ভাইৰাছৰ সংক্ৰমণৰ শিখৰ পোৱাৰ সময়ত বা সর্বোচ্চ সংক্ৰমণৰ সময়ত দেশৰ অৱস্থা কি হ'ব সেয়া ভৱাটোও কঠিন ।

শ্মশান তথা মৃতদেহ সৎকাৰ থলীত হৈ থকা দীঘলীয়া শাৰী বিশেষকৈ বেছি জনসংখ্যা থকা দিল্লী বা উত্তৰ প্ৰদেশে ইতিমধ্যেই ক'ভিড প্ৰট'কল নমনাৰ ভয়াৱহ ফলাফলৰ কথা বা সঠিকভাৱে প্ৰট'কল সমূহ ফলৱৰ্তী কৰিব নোৱাৰাৰ ভয়াৱহতাৰ কথা প্ৰতিনিয়ত উনুকীয়াই দিয়ে । কাৰ্যপলিকাৰ ওপৰত আস্থা হেৰুৱাই সকলোৱে এতিয়া ন্যায় পালিকাৰ ফালে চাই আছে আৰু ৰৈ আছে যাতে ন্যায়পালিকাই এই ভাইৰাছৰ ভয়াৱহতাৰ পৰা সকলোকে ৰক্ষা কৰিব পাৰে ।

দক্ষিণ ভাৰতৰ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কিছুদিন আগতে কেৱল নিৰ্বাচন আয়োগকে ক'ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু কৈছে যে, নিৰ্বাচন আয়োগৰ বিষয়া সকলক হত্যাৰ গোচৰেৰে অভিযুক্ত কৰি অতি সোনকালে এৰেষ্ট কৰিব লাগে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত হোৱা নিৰ্বাচনৰ ৰেলী সমূহৰ প্ৰতি আঙুলিয়াই দি উচ্চ ন্যায়ালয়ে আয়োগক প্ৰশ্ন কৰিছে যে, এই ঘটনা সমূহ হোৱা সময়ত তেওলোকে আন কোনোবা গ্ৰহত আছিল নেকি ?

প্ৰকৃততে যেতিয়া শ্মশান আৰু সৎকাৰ থলী সমূহ মৃতদেহেৰে ভৰি পৰিছিল তেতিয়া সংবাদ মাধ্যমত নিৰ্বাচনী প্ৰচাৰৰ ৰেলী আৰু সভা সমূহৰ ভিডিঅ' প্ৰতিনিয়ত দেখুৱাই থকা হৈছিল আৰু সেয়া কৰ'ণা তথা কভিদ সংক্ৰমণৰ ভয়াৱহতাতকৈ বেছিকৈ দেখুওৱা হৈছিল ।

আচলতে দেশৰ পূবৰ ৰাজ্য যেনে অসম আৰু পশ্চিমবংগত য'ত কিছু আঞ্চলিক দল আৰু মমতা বেনাৰ্জীৰ দলৰ সৈতে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছিল তাত এনে অৱস্থা হৈছিল যেন কোনটো দলে ডাঙৰ নিৰ্বাচনী ৰেলী অনুস্থিত কৰিব পাৰে তাৰ প্ৰতিযোগিতা চলি আছিল ।

ৰাজনৈতিক নেতা সকলে খুব কমেইহে ৰেলী সমূহত ক'ভিডক লৈ সজাগ কৰিছিল । এই কাৰ্যই প্ৰতিজন বঙালী লোকক সামান্য ক'ভিডৰ লক্ষণ দেখা মাত্ৰেই ক'ভিড পৰীক্ষাৰ বাবে যাবলৈ বাধ্য কৰাইছিল আৰু কলকাতাৰ নিচিনা চহৰত প্ৰায় প্ৰতিজনেই ক'ভিড পজিটিভ হিচাপে চিনাক্ত হোৱাৰ অৱস্থা হৈছিলগৈ। কিছু সমীক্ষাই ইতিমধ্যেই স্পষ্ট কৰি দিছে যে, কলকাতাৰ প্ৰতি দ্বিতীয়জন মানুহেই ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে ।

উত্তৰ প্ৰদেশৰ কুম্ভ মেলাৰ কথা কোৱাই অনুচিত য'ত লাখৰ ওপৰত ভক্ত সকলে কিছু মুক্ত ঠাইত জমা হৈছিল এসপ্তাহতকৈ বেছি দিনৰ বাবে আৰু তেওঁলোকক বিশ্বাস কৰিবলৈ দিয়া হৈছিল যে, মুক্ত ঠাইত অনুস্থিত হোৱা বাবে তাত ক'ভিড সংক্ৰমণৰ কোনো ভয় নাই।

আচৰিত ভাৱে এতিয়া সেই কিছু ৰাজনৈতিক ব্যক্তিয়ে ক'ভিডৰ সংক্ৰমণৰ ভয়াৱহতাৰ কথা কৈ আছে, যি নিজেই কিছু দিনৰ আগতে ক'ভিড প্রট'কল ভংগ কৰিছিল বা নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ক'ভিডৰ সংক্ৰমণৰ বিষয়ত গুৰুত্ব দিয়া নাছিল।

লেখক: বিলাল ভট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.