ETV Bharat / bharat

77th Independence Day: লাল কিল্লাত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি - Independence Day preparation

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে । লাল কিল্লাত পেৰেডৰ অন্তিম অনুশীলনত অংশগ্ৰহণ কৰিছে বিভিন্ন নিৰাপত্তা বাহিনীৰ দলসমূহে । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে ।

77th Independence Day
লাল কিল্লাত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Aug 13, 2023, 11:48 AM IST

নেশ্যনেল ডেস্ক, ১৩ আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আছে । ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী । প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজধানী দিল্লীত স্বাধীনতা দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে । লাল কিল্লাত কেন্দ্ৰীয়ভাৱে আয়োজন হ'বলগীয়া স্বাধীনতা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত ।

ইফালে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু পেৰেডৰো অনুশীলন অব্যাহত আছে । দেওবাৰে লাল কিল্লাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পোছাকৰ চূড়ান্ত অনুশীলন আৰম্ভ হয় । সামৰিক বেণ্ড, নৌ আৰু বায়ু সেনা গোটকে ধৰি বিভিন্ন দলে এই অন্তিম পোছাকৰ অনুশীলনত অংশগ্ৰহণ কৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে । ৰাজধানী চহৰৰ প্ৰতিটো প্ৰান্তত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে । লাল কিল্লাৰ ওচৰৰ ঠাইবোৰত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত জোৱান মোতায়েন কৰা হৈছে ।

লাল কিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ ভাৰতৰ পৰা এইবাৰ ৫০ গৰাকী নাৰ্চিং বিষয়াক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । নাৰ্চিং বিষয়া জাভেদ মহম্মদে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই কয় যে এনে মুহূৰ্তবোৰে নাৰ্চসকলক অনুপ্ৰাণিত কৰিব আৰু ইয়াৰ জৰিয়তে নাৰ্চিঙৰ প্ৰতি অধিক আগ্ৰহী হ'ব ।

লাল কিল্লাত প্ৰধানমন্ত্ৰীৰ ভাষণত অংশগ্ৰহণৰ বাবে ১,৮০০ ৰো অধিক লোকক আমন্ত্ৰণ জনোৱা হৈছে । আন আন বিশেষ অতিথিসকলৰ ভিতৰত আছে স্থানীয় সংস্থাৰ প্ৰতিনিধি, কৃষক, গাঁওবুঢ়া, শিক্ষক, মাছমৰীয়া আদিৰ দৰে বিভিন্ন ক্ষেত্ৰৰ লোক ।

ইফালে সমগ্ৰ দেশে বিভিন্ন চৰকাৰী বিভাগ, ৰাজ্য চৰকাৰ আৰু নাগৰিক সমাজ সংগঠনৰ দ্বাৰা স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে । বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে আয়োজন কৰা 'হৰ ঘৰ তিৰংগা' ৰেলীত অংশগ্ৰহণ কৰিছে । সমান্তৰালকৈ প্ৰতিখন ৰাজ্যতে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে ।

লগতে পঢ়ক :FIR against Priyanka's x handle: কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.