ETV Bharat / bharat

Visa appointment for abroad: ভিছাৰ বাবে এতিয়া চিন্তা নাই; দিল্লীস্থিত আমেৰিকাৰ দূতাবাসে আগবঢ়াইছে বিশেষ সুবিধা

author img

By

Published : Feb 6, 2023, 8:07 AM IST

বিদেশ ভ্ৰমণ কৰিব খোজাসকলৰ বাবে ভাল খবৰ লৈ আহিছে ভাৰতত থকা আমেৰিকাৰ দূতাবাসে (US Embassy in India) ৷ এতিয়াৰে পৰা দিল্লীস্থিত আমেৰিকাৰ দূতাবাসৰ যোগেদি কৰিব পাৰবি ভিছাৰ বাবে আবেদন ৷ টুইটাৰযোগে এই কথা জনাইছে দূতাবাসটোৱে ৷

Visa appointment for abroad
ভিছাৰ বাবে এতিয়া চিন্তা নাই

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: ভাৰতত থকা আমেৰিকাৰ দূতাবাসে জনাইছে যে, বিদেশ ভ্ৰমণ কৰিব খোজা ভাৰতীয়সকলে এতিয়াৰে পৰা আমেৰিকাৰ দূতাবাসত ভিছাৰ বাবে যোগাযোগ কৰিব পাৰিব ৷ থাইলেণ্ডৰ উদাহৰণ দি দূতাবাসৰ কৰ্তৃপক্ষই কয় যে, ভাৰতীয়ৰ বাবে দেশখনে B1 আৰু B2 (ব্যৱসায় আৰু ভ্ৰমণ) ভিছা গ্ৰহণৰ সুবিধা মুকলি কৰিছে (Visas for Indians) ৷

টুইটাৰ যোগে এই তথ্য সদৰী কৰিছে ভাৰতত থকা আমেৰিকাৰ দূতাবাসে ৷ যোৱা 3 ফেব্ৰুৱাৰীত এটা টুইটযোগে দূতাবাসটোৱে উল্লেখ কৰে, ‘‘আপুনি আগন্তুক সময়ত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব খুজিছে নেকি ? যদি খুজিছে, তেন্তে আপুনি আমেৰিকাৰ দূতাবাসত যোগাযোগ কৰি নিজৰ গন্তব্যস্থল সন্দৰ্ভত কথা পাতিব পাৰে ৷ উদাহৰণ স্বৰূপে, @USEmbassyBBK য়ে B1/B2 ভিছাৰ সুবিধা মুকলি কৰিছে, যিসকলে আগন্তুক দিনত থাইলেণ্ড ভ্ৰমণ কৰিব বিচাৰে’’ (US Embassy in India) ৷

ইয়াৰ লগতে, আমেৰিকাৰ দূতাবাসে আন এটা টুইটত উল্লেখ কৰে যে, তেওঁলোকে প্ৰায় এক লাখ ভিছা আবেদনৰ প্ৰক্ৰিয়াকৰণ আৰম্ভ কৰিছে আৰু অহা সময়চোৱাত তেওঁলোকৰ দলটো আৰু বৃদ্ধি পাব (US Embassy tweet on Visa apply) ৷

৪ ফেব্ৰুৱাৰীত আমেৰিকাৰ দূতাবাসে এটা টুইটত উল্লেখ কৰিছে, "এই জানুৱাৰী মাহত ভাৰতলৈ আমেৰিকাৰ মিছনে ১ লাখৰো অধিক ভিছাৰ আবেদন প্ৰক্ৰিয়াকৰণ কৰিছিল । ২০১৯ চনৰ জুলাইৰ পিচত যিকোনো মাহতকৈ এই সংখ্যা অধিক আৰু আমাৰ এতিয়ালৈকে সৰ্বাধিক মাহেকীয়া মুঠ সংখ্যাৰ ভিতৰত অন্যতম ৷ এই বসন্তত আমাৰ দলটোৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আমাৰ ক্ষমতা বৃদ্ধি পাই থাকিব’’ (Visa processing in US Embassy) ৷

ইয়াৰ পূৰ্বে ২১ জানুৱাৰীত ভাৰতত থকা আমেৰিকাৰ মিছনে প্ৰথমবাৰলৈ ভিছা আবেদন কৰাসকলৰ অপেক্ষাৰ সময় হ্ৰাস কৰাৰ বাবে শনিবাৰৰ বিশেষ সাক্ষাৎকাৰৰ দিনৰ ধাৰাবাহিকতাৰ প্ৰথমটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাস আৰু মুম্বাই, চেন্নাই, কলকাতা আৰু হায়দৰাবাদত থকা কনছুলেটসমূহে শনিবাৰে কনছুলাৰ অপাৰেচন মুকলি কৰি ব্যক্তিগত ভিছাৰ সাক্ষাৎকাৰৰ প্ৰয়োজন হোৱা আবেদনকাৰীক স্থান প্ৰদান কৰে (Visa process in India)।

ভাৰতত থকা আমেৰিকাৰ দূতাবাসে এক বিবৃতিত ঘোষণা কৰে যে, “২১ জানুৱাৰীত ভাৰতত থকা আমেৰিকাৰ মিছনে শনিবাৰৰ বিশেষ সাক্ষাৎকাৰৰ দিনা ধাৰাবাহিকতাৰ ভিতৰত প্ৰথমটো আৰম্ভ কৰিছিল, যিটো প্ৰথমবাৰৰ বাবে ভিছা আবেদন কৰাসকলৰ বাবে অপেক্ষাৰ সময় হ্ৰাস কৰাৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ ।”

ভাৰতত থকা আমেৰিকাৰ দূতাবাসে প্ৰকাশ কৰা বিবৃতি অনুসৰি, শনিবাৰে নিযুক্তিৰ বাবে নিৰ্বাচিত অতিৰিক্ত স্লট মুকলি কৰি থাকিব আমেৰিকান মিছনে । এই অতিৰিক্ত সাক্ষাৎকাৰৰ দিনবোৰ ক’ভিড-১৯ ৰ ফলত ভিছা প্ৰক্ৰিয়াকৰণৰ বেকলগ দূৰ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম ।

আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা বিভাগে পূৰ্বৰ আমেৰিকাৰ ভিছা থকা আবেদনকাৰীৰ বাবে সাক্ষাৎকাৰ ৰেহাইৰ গোচৰৰ ৰিম’ট প্ৰক্ৰিয়া কাৰ্যকৰী কৰিছে । বিবৃতি অনুসৰি জানুৱাৰী-মাৰ্চৰ ভিতৰত প্ৰক্ৰিয়াকৰণৰ ক্ষমতা বৃদ্ধিৰ বাবে ৱাশ্বিংটন আৰু অন্যান্য দূতাবাসৰ পৰা কেইবাজনো অস্থায়ী কনছুলাৰ বিষয়া ভাৰতত উপস্থিত হ’ব । আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা বিভাগে দূতাবাস আৰু কনছুলেটত স্থায়ীভাৱে নিযুক্তি দিয়া কনছুলাৰ বিষয়াৰ সংখ্যাও বৃদ্ধি কৰিছে ।

ভাৰতত থকা আমেৰিকাৰ দূতাবাসে প্ৰকাশ কৰা বিবৃতি অনুসৰি ভাৰতত থকা আমেৰিকাৰ মিছনে ২ লাখ ৫০ হাজাৰৰো অধিক অতিৰিক্ত B1/B2 ভিছাৰ নিযুক্তি প্ৰকাশ কৰে । কনছুলেট জেনেৰেল মুম্বাইয়েও অতিৰিক্ত এপইণ্টমেণ্টৰ বাবে ঠাই সৃষ্টি কৰিবলৈ সপ্তাহৰ দিনটোৰ কামৰ সময় বৃদ্ধি কৰিছে । বিবৃতি অনুসৰি ভাৰতত থকা আমেৰিকাৰ মিছনত এই গ্ৰীষ্মকালৰ ভিতৰত কৰ্মচাৰীৰ সংখ্যা সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে আশা কৰিছে যে ক’ভিড-১৯ মহামাৰীৰ পূৰ্বৰ স্তৰত ভিছা প্ৰক্ৰিয়াকৰণ কৰিব । (ANI)

লগতে পঢ়ক: Vinod Kambli in trouble : ৰন্ধন সামগ্ৰীৰে প্ৰহাৰ কৰিলে পত্নীক, বিনোদ কাম্বলিৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.