নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: 'পিপুলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লেৰেশ্বন'ক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে,গুপকাৰ গোটে বিচাৰে যে,বিদেশী সেনাই জম্মু-কাস্মীৰত হস্তক্ষেপ কৰক। গুপকাৰ গোটে ৰাষ্ট্ৰীয় পতাকাকো অপমান কৰিছে বুলি টুইটযোগে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এনে গোটৰ সমৰ্থন কৰে নেকি বুলিও টুইটযোগে প্ৰশ্ন কৰে।
-
Jammu and Kashmir has been, is and will always remain an integral part of India. Indian people will no longer tolerate an unholy ‘global gathbandhan’ against our national interest. Either the Gupkar Gang swims along with the national mood or else the people will sink it.
— Amit Shah (@AmitShah) November 17, 2020 " class="align-text-top noRightClick twitterSection" data="
">Jammu and Kashmir has been, is and will always remain an integral part of India. Indian people will no longer tolerate an unholy ‘global gathbandhan’ against our national interest. Either the Gupkar Gang swims along with the national mood or else the people will sink it.
— Amit Shah (@AmitShah) November 17, 2020Jammu and Kashmir has been, is and will always remain an integral part of India. Indian people will no longer tolerate an unholy ‘global gathbandhan’ against our national interest. Either the Gupkar Gang swims along with the national mood or else the people will sink it.
— Amit Shah (@AmitShah) November 17, 2020
তেওঁ কয় যে, ' ভাৰতৰ জনতাৰ সন্মুখত তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰাতো প্ৰয়োজন। কংগ্ৰেছ আৰু গুপকাৰ গোটে জম্মু-কাশ্মীৰক পুনৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিলৈ লৈ যাব বিচাৰে। জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আঁতৰাই আমি দলিত, মহিলা আৰু জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰিছো। দেশৰ উন্নয়ন সাধন কৰা কাম নকৰা বাবে সকলো স্থানতে জনতাই তেওঁলোকৰ লগত এৰিছে। জম্মু-কাশ্মীৰ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ। ভাৰতৰ ৰাইজে ৰাষ্ট্ৰ হিতৰ বিপৰীতগামী অপবিত্ৰ গোট সহ্য নকৰে। গুপকাৰ গোটে ৰাষ্ট্ৰৰ উন্নয়নমুখী যাত্ৰাৰ সৈতে বৈ যাব নতুবা জনসাধাৰণে ইয়াক ডুবাব।'
-
Congress and the Gupkar Gang want to take J&K back to the era of terror and turmoil. They want to take away rights of Dalits, women and tribals that we have ensured by removing Article 370. This is why they’re being rejected by the people everywhere.
— Amit Shah (@AmitShah) November 17, 2020 " class="align-text-top noRightClick twitterSection" data="
">Congress and the Gupkar Gang want to take J&K back to the era of terror and turmoil. They want to take away rights of Dalits, women and tribals that we have ensured by removing Article 370. This is why they’re being rejected by the people everywhere.
— Amit Shah (@AmitShah) November 17, 2020Congress and the Gupkar Gang want to take J&K back to the era of terror and turmoil. They want to take away rights of Dalits, women and tribals that we have ensured by removing Article 370. This is why they’re being rejected by the people everywhere.
— Amit Shah (@AmitShah) November 17, 2020
উল্লেখ্য যে,নেশ্যনেল কনফাৰেন্স, পি ডি পি, চি পি আই (এম) আৰু পিপুলছ কনফাৰেন্সে জনতাৰ মহাজোঁট গঠন কৰিছে গুপকাৰ ঘোষণাৰ বাবে আৰু মেইডেন জিলা উন্নয়ন কাউন্সিলৰ নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দিতা কৰিব। যোৱা ২৪ অক্টোবৰত নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই কৈছিল যে, জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনতাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে পি এ জি ডি গঠন কৰা হৈছে।
লগতে পঢ়ক:দলিত সম্প্ৰদায়ৰ দুগৰাকীকৈ কিশোৰীক হত্যা কৰি পেলাই দিলে পুখুৰীত