ETV Bharat / bharat

উত্তৰাখণ্ডৰ কৃত্ৰিম জলাশয়ৰ মাপ ল'লে ভাৰতে

author img

By

Published : Feb 21, 2021, 10:56 PM IST

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত ঋষি গংগা নদীৰ 14,000 ফুট উচ্চতাত কৃত্ৰিম জলাশয়ৰ সৃষ্টি ৷ জলাশয়ৰ মাপ লোৱাৰ বাবে ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাই ল'লে বিশেষ ব্যৱস্থা ৷ হেলিকপ্তাৰৰ সহযোগত ওলমি ৰৈ হিমশীতল জলাশয়ৰ মাপ ল'লে নৌসেনাৰ ডুবাৰুৱে ৷

India measures glacial lake at Uttarakhand

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী: 20 ফেব্ৰুৱাৰীত ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনাই এক যৌথ অভিযান চলাই তপোবনৰ পাঁচ কিলোমিটাৰ উৰ্ধত গঠিত হিমবাহৰ গভীৰতা জোখাৰ বাবে প্ৰচেষ্টা চলায় ৷ এই যুটীয়া অভিযানত ভাৰতীয় বায়ুসেনাৰ উন্নত হেলিকপ্তাৰৰ সহায়ত সাগৰ স্তৰৰ প্ৰায় 14,000 ফুট উচ্চতাত নৌবাহিনীৰ ডুবাৰুসকলক ৰাখি হিমবাহৰ গভীৰতা জোখাৰ বাবে চেষ্টা চলায় ৷

ডুবাৰু সকলৰ এই গুৰুত্বপূৰ্ণ তথ্য বৈজ্ঞানিক সকলে বান্ধটোৰ বোকাবেৰৰ ওপৰত পৰা চাপ নিৰ্ধাৰণ কৰাৰ বাবে ব্যৱহাৰ কৰিব ৷ নৌসেনাৰ ডুবাৰু সকলে হিমশীতল পানীৰ কাষলৈ গৈ হেলিকপ্তাৰৰ দ্বাৰা ওলমি থাকি মাপ জোখাৰ এই প্ৰত্যহ্বানমূলক কামটো গ্ৰহণ কৰি এক গভীৰতা জোখা যন্ত্ৰ প্ৰয়োগৰ জৰিয়তে মাপ লয় ৷ উল্লেখ্য যে, সমগ্ৰ অভিযানৰ কালছোৱাত ভাৰতীয় বায়ুসেনাৰ পাইলট সকলে অতি দুৰ্গম অঞ্চলসমূহতো নিজৰ সঠিক স্থিতি বজাই ৰাখে ৷

প্ৰাপ্ত তথ্য অনুসৰি, হিম বিস্ফোৰণৰ ফলস্বৰূপে 14,000 ফুট উচ্চতাত ঋষি গংগা নদীত এক কৃত্ৰিম জলাশয়ৰ সৃষ্টি হৈছে ৷ যিহেতু কোনো প্ৰাকৃতিক কাৰণত এই জলগ্ৰহণ হোৱা নাই, সেয়ে, পানীৰ গভীৰতা জোখাটো প্ৰশাসনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল ৷ সেয়ে, উপযুক্ত সময় আৰু পথৰ অভাৱৰ ফলত ততাতৈয়াকৈ পানীৰ গভীৰতা জোখাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: নামনি সোৱণশিৰিৰ নদী বান্ধে উত্তৰাখণ্ডৰ চামোলিৰ ৰূপ ধাৰণ কৰিব নেকি অসমতো !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.