ETV Bharat / bharat

কি কি নতুন সুবিধা উপলব্ধ হ'ব "বন্দে ভাৰত" ৰে'লত ? - জৰুৰীকালীন লাইট

এতিয়াৰে পৰা অধিক আৰামদায়ক হৈ পৰিব ৰে’লযাত্ৰা ৷ কিয়নো ভাৰতীয় ৰে'ল বিভাগে যাত্ৰীসকলৰ বাবে আগবঢ়াইছে কেতবোৰ সা-সুবিধা । এই সকলো সুবিধা উপলব্ধ হ’ব বন্দে ভাৰত (Vande Bharat) ৰে'লসমূহত ৷ এই কথা সদৰী কৰিছে ভাৰতীয় ৰে’ল বিভাগে ৷

Indian Railways reveal new features for Vande Bharat trains
কেতবোৰ নতুন সুবিধা উপলব্ধ কৰা হৈছে "বন্দে ভাৰত" ৰে'লত
author img

By

Published : Aug 24, 2021, 1:33 PM IST

নেশ্যনেল ডেস্ক, ২৪ আগষ্ট : শেহতীয়াকৈ ভাৰতীয় ৰে'ল বিভাগে(Indian Railway) 'বন্দে ভাৰত'(Vande Bharat) ৰে'লত কেতবোৰ নতুন সুবিধা যাত্ৰীৰ বাবে উপলব্ধ কৰা বাবে পদক্ষেপ হাতত লৈছে । শনিবাৰে ভাৰতীয় ৰে'ল বিভাগে নতুন সুবিধা সন্দৰ্ভত জনাইছে যে, জৰুৰীকালীন অৱস্থাত যাত্ৰীসকলক সহজে স্থানান্তৰ কৰাৰ বাবে চাৰিখন জৰুৰীকালীন খিৰিকীসহ অতিৰিক্ত সুবিধা প্ৰদান কৰা হ'ব ।

শুকুৰবাৰে ভাৰতীয় ৰে’ল বিভাগৰ উত্তৰ সংমণ্ডলে জাৰি কৰা এক বিবৃতি অনুসৰি, জলবায়ু নিয়ন্ত্ৰণ আৰু ৰে'লৰ সকলো বৈদ্যুতিক আৰু গুৰুত্বপূৰ্ণ প্ৰণালী নিৰীক্ষণ কৰাৰ বাবে এক centralised coach monitoring প্ৰণালী আৰম্ভ কৰা হৈছে । সেই অনুসৰি, এখন ৰে'লৰ প্ৰতিটো দবাত চাৰিটাকৈ জৰুৰীকালীন লাইট থাকিব ৷ কোনো অনাকাংক্ষিত বিপদৰ সময়ত অথবা সাধাৰণ লাইটৰ বিজুতি ঘটিলেও এই জৰুৰীকালীন লাইট ব্যৱহাৰ কৰিব পৰা যাব ।

লগতে জৰুৰীকালীন বুটামৰ সংখ্যাও চাৰিটালৈ বৃদ্ধি কৰা হ'ব ৷ বিবৃতিত উল্লেখ কৰা অনুসৰি, বিশেষকৈ বাৰিষা সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ বাবে আণ্ডাৰফ্ৰেম সঁজুলিৰ উন্নত বান সুৰক্ষা প্ৰণালীও সংযোজন কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) য়ে ৭৫ সংখ্যক স্বাধীনতা দিৱসত ঘোষণা কৰিছিল যে, ৭৫ সপ্তাহৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তলৈ ৭৫ খন 'বন্দে ভাৰত' ৰে’লে যাত্ৰা কৰিব ।

ইয়াৰ পাছতে হাতে-কামে লাগিছে ভাৰতীয় ৰে'ল বিভাগ । 'বন্দে ভাৰত' ৰে'লত ছাৰ্ভাইভেল কেবল ইনড'ৰ চাৰ্কিটৰো সংযোজন কৰা হ'ব । বৰ্তমান ভাৰতীয় ৰে'ল বিভাগৰ অধীনত দুখনকৈ বন্দে ভাৰত ৰে'লৰ চলাচল অব্যাহত আছে ৷ তাৰে প্ৰথমখন দিল্লী-বাৰাণসী পথত আৰু দ্বিতীয়খন দিল্লী-কাটৰা পথত । 'বন্দে ভাৰত' ৰে'লত ইনফ'টেইনমেণ্ট, GPS ভিত্তিক যাত্ৰীৰ তথ্য প্ৰণালী, চিচিটিভি কেমেৰা, স্বয়ংক্ৰিয় শ্লাইডিং দুৱাৰ আৰু শূন্য ডিচচাৰ্জ ভেকুৱাম ভিত্তিক জৈৱ-শৌচালয়ৰ দৰে সুবিধা আছে ।

লগতে পঢ়ক: ইন্দোৰত ঘৰে ঘৰে টীকাকৰণৰ অনুসন্ধান শীৰ্ষক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.