ETV Bharat / bharat

Darshan express derailed : দাহোদৰত দুৰ্ঘটনাত পতিত দৰ্শন এক্সপ্ৰেছ

দেশত পুনৰ ৰে'ল দুৰ্ঘটনা । মধ্যপ্ৰদেশৰ দাহোদৰত লাইনচ্যুত দৰ্শন এক্সপ্ৰেছ । পাহাৰৰ পৰা শিল বাগৰি পৰাৰ পাছতে এই দুৰ্ঘটনা সংঘটিত হয় । কোনো লোকৰ ক্ষয়ক্ষতি হোৱা নাই ।

Darshan express derailed
দাহোদৰত দুৰ্ঘটনাত পতিত দৰ্শন এক্সপ্ৰেছ
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 1:49 PM IST

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : মধ্যপ্ৰদেশৰ ৰটলাম ৰে'ল মণ্ডলৰ দাহোদৰত ৰে'ল দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা শ শ লোকৰ । ধাৰাষাৰ বৰষুণৰ ফলত ৰে'লপথত বাগৰি পৰে এটা প্ৰকাণ্ড শিল । শিলটোৱে দৰ্শন এক্সপ্ৰেছৰ ইঞ্জিনত খুন্দা মাৰে । ফলত ১২৪৯৪ নম্বৰৰ ৰে'লখনৰ ইঞ্জিন আৰু পিছফালৰ ডবা লাইনচ্যুত হৈ পৰে । ইঞ্জিন বিকল হোৱাৰ বাবে বৰ্তমান দিল্লী-মুম্বাই ৰে'ল পথ ব্যাহত হৈ পৰিছে । ৰে'ল উদ্ধাৰকাৰী দলটো তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযানৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে দৰ্শন এক্সপ্ৰেছ পুৱা প্ৰায় ৬.৪৫ বজাত ৰটলাম ৰে'ল মণ্ডলৰ দাহোদৰ সমীপত অমৰগড় আৰু পঞ্চপিপালিয়াৰ মাজত উপস্থিত হৈছিল । সেই সময়তে ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা এটা শিল ৰে'লপথত বাগৰি পৰে । ফলস্বৰূপে হজৰত নিজামুদ্দিনৰ পৰা মহাৰাষ্ট্ৰৰ মিৰাজ জংচনলৈ যোৱা দৰ্শন এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয় । ৰে'লখনে শিলটোত খুন্দা মৰাৰ পাছত ইঞ্জিন আৰু বিদ্যুতৰ বিশেষ ডবাটো লাইনচ্যুত হৈ পৰে । পাছত লোকোপাইলটে তেওঁৰ জ্যেষ্ঠ বিষয়াসকলক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে ।

দুৰ্ঘটনাটোৰ পাছত, দিল্লী-মুম্বাইৰ ৰে'ল যোগাযোগ ব্যাহত হৈ পৰে । সম্প্ৰতি ৰে'ল বিভাগে ৰটলামৰ পৰা ঘটনাস্থলীলৈ চিকিৎসকৰ দল আৰু সাহায্য ৰে'ল প্ৰেৰণ কৰিছে । একে সময়তে, বৰোদাৰ পৰা দুৰ্ঘটনা সাহায্য ৰে'লখনো ঘটনাস্থলীত উপস্থিত হৈছে । জানিব পৰা মতে ৰে'লৱে বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে । সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই ।

তাৎপৰ্যপূৰ্ণভাৱে, ১২৪৯৪ নম্বৰৰ দৰ্শন এক্সপ্ৰেছে হজৰত নিজামুদ্দিনৰ পৰা মহাৰাষ্ট্ৰৰ মিৰাজ জংচনলৈ ১৭০০ কিলোমিটাৰৰো অধিক দূৰত্ব যাত্ৰা কৰে । প্ৰতিদিনাৰ দৰে এক্সপ্ৰেছ ৰে'লখনে ১৫ টা ষ্টপেজত ৰখাই অৱশেষত ৰটলাম এৰি দুৰ্ঘটনাৰ সন্মুখীন হয় ।

লগতে পঢ়ক :Alambagh railway colony accident : ঘৰৰ ছাদ খহি পৰি একেটা পৰিয়ালৰে ৫ গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.